৭১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৩ ঘণ্টা আবদ্ধ শ শ যান-বাহন, ফ'ৰলেন নিৰ্মাণৰ দাবীত উত্তপ্ত জখলাবন্ধা

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক: জখলাবন্ধাৰ মাজেৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দাবীত প্রতিবাদী জনতাই চক্ৰ বিষয়াৰ কার্যালয়ত তলা লগাই ৭১৫নং ৰাষ্ট্ৰীয় পথটো প্রায় তিনি ঘণ্টা অৱৰোধ কৰে। কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈ ৭১৫নং ৰাষ্ট্ৰীয় পথেৰে প্ৰস্তাৱিত ফ'ৰলেন নির্মাণ নকৰি ৰহস্যজনকভাৱে বাইপাছ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা মিত্রজোঁট চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল কলিয়াবৰৰ জখলাবন্ধাৰ ৰাইজ। 

উল্লেখ্যযোগ্য যে জখলাবন্ধাৰ মাজেৰে প্ৰস্তাৱিত ফ'ৰনেল ৰাষ্ট্ৰীয় ঘাইপথটো বিগত তিনি বছৰে নিৰ্মাণৰ দাবী জনাই থকাৰ পাছতো চৰকাৰ তথা বিভাগীয় মহলে প্ৰভাৱশালী মন্ত্ৰীৰ আত্মীয়ৰ স্বাৰ্থত বাইপাছ কৰাৰ লক্ষ্যৰে জোখ-মাপ কৰাত খঙত অগ্নিশর্মা হৈ ৰাজপথলৈ ওলাই আহিল ক্ষুব্ধ জনতা। কলিয়াবৰ ফ'ৰলেন দাবী সমিতিৰ সভানেত্রী মিনু শইকীয়া, সম্পাদক প্রদীপ লস্কৰৰ নেতৃত্বত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত ওলাই অহা তিনি শতাধিক পুৰুষ মহিলা কুঁৱৰীটোলৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমৱেত হৈ ৰাষ্ট্ৰীয় পথটো বাইপাছ নকৰি হাটবৰ জখলাবন্ধাৰ মাজেৰে ফ'ৰলেন নিৰ্মাণৰ দাবী জনাই প্রতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। এই প্রতিবাদী কাৰ্যসূচীত মহিলা সমিতি, জখলাবন্ধাৰ ব্যৱসায়ী সন্থা, স্থানীয় ৰাইজৰ লগতে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি আৰু ছাত্ৰ সন্থাই অংশগ্রহণ কৰে। 

জখলাবন্ধাৰ মাজেৰে ফ'ৰলেন নিৰ্মাণৰ দাবীত অটল থকা প্রতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-প'ষ্টাৰ লৈ বাইপাছ নিৰ্মাণৰ জোখ-মাপ বন্ধ কৰক, ফ'ৰলেন বাইপাছ কৰি নিয়াৰ ষড়যন্ত্ৰ বন্ধ কৰক, জখলাবন্ধাৰ মাজেৰে ফ'ৰলেন লাগিব, জখলাবন্ধা চহৰৰ ঐতিহ্য ৰক্ষা কৰক, অসম চৰকাৰ হায় হায়, আমাৰ দাবী ন্যায্য দাবী, কলিয়াবৰক জীৱ-জন্তুৰ চৰণীয়া পথাৰ হ'বলৈ নিদিব আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে। মুখ্যমন্ত্ৰীৰ কাম নাই নাই আদি শ্ল'গানেৰে চক্র বিষয়াৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে। কলিয়াবৰ জিলা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক মৃগাংক বৰাই চৰকাৰ তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি কয় যে ফ'ৰলেনৰ লগত সংযোগ নকৰি এটা অঞ্চলক হত্যা কৰা চৰকাৰক আমি ধিক্কাৰ দিছোঁ আৰু চৰকাৰৰ এই সিদ্ধান্ত আমি কোনো কাৰণতে মানি নলওঁ বুলি উল্লেখ কৰে। 

ফ'ৰলেন দাবী সমিতিৰ সম্পাদক প্রদীপ লস্কৰে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত কলিয়াবৰীয়া ৰাইজৰ সম্পূৰ্ণ পৰিপন্থী বুলি মন্তব্য কৰে। জ্যেষ্ঠ প্রাক্তন শিক্ষক বিপুল হাজৰিকাই ঐতিহাসিক জখলাবন্ধাৰ ঐতিহ্য সুৰক্ষিত নকৰি জখলাবন্ধাক অৱজ্ঞা কৰি ফ'ৰলেন ৰাষ্ট্ৰীয় পথটি বাইপাছ কৰি জখলাবন্ধাক ধ্বংস কৰিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্ত অমূলক বুলি মন্তব্য কৰে। তেওঁ লগতে লিমকা বুক অব্ ৰেকৰ্ডছত জখলাবন্ধাক 'ডে-নাইট চিটি' বুলি নাম থকা জখলাবন্ধাৰ মাজেদি ফ'ৰলেন হ'ব লাগিব বুলিও দাবী জনায়। লগতে জখলাবন্ধাৰ মাজেদি ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নকৰিলে আগন্তুক দিনত জংগী আন্দোলন কৰিব বুলি চৰকাৰ তথা প্ৰশাসনক হুংকাৰ দিয়ে। ইয়াৰ পাছতে প্রতিবাদকাৰীসকলে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৱাৰত আৰক্ষীৰ বাধা নেওচি তলা লগাই দিয়ে। দুঘণ্টাৰো অধিক সময় চক্র বিষয়া তথা কোনো চৰকাৰী বিষয়া প্রতিবাদথলীত উপস্থিত নোহোৱাত প্রতিবাদকাৰীসকল ক্ষুব্ধ হৈ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। প্রায় তিনি ঘণ্টা ধৰি আন্দোলনত ব্যস্ত থকা প্রতিবাদকাৰীসকলে আন্দোলন কৰি থকা সময়ত চক্র বিষয়া ৰাজনিচান শৰ্মা আৰু কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা প্ৰতিবাদথলীত উপস্থিত নোহোৱা কথাত অতি ক্ষুব্ধ হৈ পৰে প্রতিবাদকাৰীসকল। এনে সময়ত ৰাষ্ট্ৰীয় পথটো মুকলি কৰি দিবলৈ আৰক্ষী প্রশাসনে প্রতিবাদকাৰীসকলক আঁতৰাই নিবলৈ বাৰম্বাৰ চেষ্টা কৰি বিফল হয়। তিনি ঘণ্টাৰ পাছত সমজিলা আয়ুক্ত ৰাজ বৰুৱা প্রতিবাদথলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা নকৰি ধমক দিয়া কার্যত ক্ষুব্ধ হৈ সমজিলা আয়ুক্ত ৰাজ বৰুৱাক প্রতিবাদথলীৰ পৰা খেদি পঠিয়ায়। 

নগাঁৱৰ জিলা আয়ুক্তগৰাকী প্রতিবাদথলীত উপস্থিত নোহোৱা পর্যন্ত ৰাষ্ট্ৰীয় পথটিৰ ওপৰত পথ অৱৰোধ অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে। পাছত ঘটনাৰ খবৰ পাই বটদ্ৰৱাত ব্যস্ত থকা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শর্মা প্রতিবাদথলীলৈ দৌৰি আহি আয়ুক্তগৰাকীয়ে প্ৰতিবাদকাৰীসকলৰ সৈতে মত বিনিময় কৰি কয় যে ৩০ ডিচেম্বৰত প্ৰতিবাদকাৰীসকলৰ লগত আলোচনাত বহি সমস্যা সমাধানৰ পথ নিশ্চিত কৰিব। আয়ুক্তগৰাকীয়ে লগতে কয় যে এগৰাকী আয়ুক্তৰ পৰিধিৰ ভিতৰত কৰিব পৰাখিনি কৰি বিষয়টো আগবঢ়াই ওপৰ মহললৈ নিয়াৰ চেষ্টা কৰিব বুলি প্রতিশ্রুতি দিয়াত ৰাইজ ক্ষান্ত হয় আৰু সাময়িকভাৱে পথ অৱৰোধ কাৰ্যসূচী উঠাই লয়। প্রতিবাদকাৰীসকলে লগতে কয় যে যদি আমি এই আলোচনাত সন্তুষ্ট নহওঁ তেতিয়া জখলাবন্ধাত ৰাষ্ট্ৰীয় পথটোত বাঁহ বান্ধি অনির্দিষ্ট কাললৈ সর্বাত্মকভাৱে  অৱৰোধ কৰি চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলিও চৰকাৰক সকীয়াই দিয়ে। ইফালে, কালি আন্দোলন কার্যসূচীত কোলাত কেঁচুৱা লৈও অংশ লোৱা দেখা গ'ল কেইবাগৰাকী মহিলাক। আনহাতে, এই আন্দোলন কার্যসূচী চলি থকা সময়ত দিনটোৰ চৌব্বিশ ঘণ্টাই খোলা থকা জখলাবন্ধাৰ সৰু-বৰ ব্যৱসায়ীসকলে দোকান-বজাৰ বন্ধ কৰিও আন্দোলনত ভাগ লয়।

Share This