১৫ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত হ'ব মিত্ৰতা, '২৬ত বৃদ্ধি নহয় অ গ পৰ সমষ্টি

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক: ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত অ গ পৰ নেতৃত্বই বিজেপিৰ পৰা ৫০টা সমষ্টি বিচাৰিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰি আহিছে যদিও কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই স্পষ্টভাৱে কৈ দিছে যে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে জয়লাভ কৰি যোৱা আসন আনক এৰি নিদিয়ে। 

তাতোকৈ এঢাপ আগবাঢ়ি মুখ্যমন্ত্রীজনে লগতে এই বুলিও কয় যে অ গ পই যদি বিজেপিৰ হাতত থকা আসন বিচাৰে তেনেহ'লে দেখোন তেওঁলোকক ৩৫খন আসন দিব লাগিব আৰু তেতিয়া বিজেপিৰ হাতত মাত্র ২০খন আসনহে থাকিবগৈ। বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকৰ মাজতে কালি নিশা আয়োজিত ক'ৰ কমিটীৰ মাৰাথন বৈঠকৰ অন্তত আজি মুখ্যমন্ত্ৰীৰ এই মন্তব্যই স্পষ্ট কৰি দিলে যে অ গ প নেতৃত্বই যিমান সমষ্টিয়েই দাবী নকৰক কিয় বিজেপিয়ে অ গ পক আগতকৈ অধিক আসন এৰি নিদিয়ে। 

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, নির্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সহঃনির্বাচনী প্ৰভাৰী সুনীল শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত হোৱা ক'ৰ কমিটীৰ বৈঠকত সিদ্ধান্ত হয় যে অ গ প-বিজেপিৰ আসন বুজাবুজিৰ ভিত্তিবৰ্ষ হ'ব ২০২১। 

কালি এই কথা জানিবলৈ দি মুখ্যমন্ত্রীজনে কয় যে ২০২১ৰ ভিত্তিতেই আসন বুজাবুজি হ'ব যদিও ১৫ ফেব্ৰুৱাৰীৰ আগত প্ৰক্ৰিয়াটো সম্পূর্ণ হয়তো নহ'ব। কিন্তু নির্বাচন অ গ প-বিজেপিয়ে এন ডি এ হিচাপেই খেলিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে কয় যে অনানুষ্ঠানিক বুজাবুজিৰ প্রক্রিয়া ইতিমধ্যেই আৰম্ভ হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে ২০২১ চনত অ গ পৰ বিধায়ক থকা বঢ়মপুৰ, কমলপুৰ, লখিমপুৰ আৰু নাহৰকটীয়া সমষ্টি বিজেপিয়ে লৈ লৈছিল আৰু তাৰ বিনিময়ত বিজেপিয়ে নিজৰ দখলত থকা চাবুৱা আসনখন অ গ পক এৰি দিছিল। যাৰ ফলত ২০১৬ চনত ১৫খন আসন থকা অ গ প দলৰ আসনৰ সংখ্যা ২০২১ চনত হ্রাস পাই ৯খন হয়গৈ। এইবাৰো যেতিয়া ৪:১ৰ এই ফর্মুলাতে আসন ভাগ বাটোৱাৰা হ'ব গতিকে এইবাৰ অ গ পৰ সমষ্টিৰ সংখ্যা হ্রাস পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্রীয়ে আন এক গুৰুত্বপূর্ণ প্ৰসংগ উত্থাপন কৰি কয় যে অসমৰ ৩৫খন জিলাৰ বহুকেইখনত অ গ পই প্রাৰ্থিত্বই দিব নোৱাৰিব। এইক্ষেত্ৰত তেওঁ বি টি চিৰ জিলাকেইখনৰ উদাহৰণ দি কয় যে চিৰাং, তামুলপুৰ আদিত অ গ পই ক'ৰ পৰা প্রার্থিত্ব দিব? মুখ্যমন্ত্ৰীৰ এই মন্তব্যই স্পষ্ট কৰি দিলে যে কাৰ্বি আংলঙৰ বিজেপিৰ হাতত থকা ৫খন আসন, বৰাকৰ ১৩খন জিলাৰ সমষ্টিসমূহত অ গ পই সমষ্টি লাভ কৰাৰ কোনো সম্ভাৱনা নাই। সেয়েহে, মুখ্যমন্ত্রীজনে কয় যে অ গ পই ৩৫টা বা ৫০টা ছীট বিচাৰিছে বুলি কথাটো হয় শুনাত ভুল হৈছে, নহয় অ গ প নেতাৰ কোৱাত ভুল হৈছে। 

ইফালে ইউ পি পি এল আৰু বি পি এফ দুয়োটা দলৰ লগতে মিত্রতা অব্যাহত থকাৰ সম্পর্কত মুখ্যমন্ত্রীজনে কয় যে কি উপায়েৰে দুয়োটা দল এন ডি এৰ সদস্য হৈ থাকিব সেয়া গৃহ মন্ত্রী অমিত শ্বাহ আহিহে চূড়ান্ত সিদ্ধান্ত ল'ব। কিন্তু ইউ পি পি এল আৰু বি পি এফ কোনোটো দল কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই বুলি তেওঁ কয়।

Share This