ডিজিটেল ডেস্ক: ৰাজ্যখনৰ কৃষি শিক্ষা, কৃষি গৱেষণাৰ উচ্চ শিক্ষানুষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ে পাৰ হৈ যোৱা '২৫ বৰ্ষটোত কেইবাটাও দিশত উল্লেখনীয় সফলতাৰে কৃষিজীৱীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সমর্থ হৈছে।
এইক্ষেত্রত উপাচার্য ড° বিদ্যুৎ চন্দন ডেকাৰ উদ্যোগত বিশ্ববিদ্যালয়খনৰ কৃষি গৱেষণা, কৃষি শিক্ষা আৰু সম্প্ৰসাৰণ কৃষি শিক্ষাৰ সামূহিক প্রচেষ্টাত বিশ্ববিদ্যালয়খনৰ কৃষি বিজ্ঞানী, অধ্যাপক-গৱেষক
প্ৰমুখ্যে বিষয়া-কর্মচাৰী আৰু শিক্ষার্থীসকলৰ বিদ্যায়তনিক সহযোগত কর্ম সংস্কৃতিৰ নতুন উদ্যমেৰে ৰাজ্যৰ কৃষিখণ্ডক নতুন ৰূপত গঢ় দিয়াৰ বাট মুকলি কৰিছে বুলি ক'ব লাগিব। বিশেষকৈ অসম কৃষি বিশ্ববিদ্যালয়ে ধান, মাহ, কুঁহিয়াৰ, সৰিয়হকে ধৰি বিভিন্ন খাদ্য-শস্যৰ প্ৰণালীবদ্ধ আৰু প্রযুক্তিগত শিক্ষা-গৱেষণাৰ জৰিয়তে অধিক উৎপাদনৰ দিশত লাভ কৰা সুফলসমূহ কৃষকৰ পথাৰলৈ লৈ যোৱাৰ বেলিকা শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপে উৎসাহজনক সঁহাৰি লাভ কৰিবলৈ সমৰ্থ হৈছে।
সমান্তৰালভাৱে গৱেষণাৰ সাফল্যৰ সহায়ত কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখা উদ্যমী যুৱক-যুৱতীৰ লগতে দীর্ঘদিন পৰম্পৰাগত পদ্ধতিৰেই কৃষিত জড়িত হৈ থকা আগ্রহীসকলকো কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱন কৰা অধিক উৎপাদনক্ষম বিভিন্ন শস্যৰ বীজৰ জৰিয়তে পৰিচয় কৰাই দি কেনেদৰে কৃষিক বাণিজ্যিকীকৰণ কৰি নিজে আর্থিকভাৱে উপকৃত হোৱাৰ লগতে ৰাজ্যৰ কৃষি অর্থনীতিকো সবল কৰিব পাৰি, সেই দিশত কৃষি বিশ্ববিদ্যালয়ে এক নতুন গতি দিবলৈ সক্ষম হৈছে। এই সন্দর্ভত 'দৈনিক জনমভূমি'ৰ তৰফৰ পৰা উপাচার্য ড° বিদ্যুৎ চন্দন ডেকাৰ সৈতে যোগাযোগ কৰাত তেওঁ বিগত '২৫ বর্ষটোত বিশ্ববিদ্যালয়ৰ গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা বিভিন্ন খাদ্যশস্যৰ বীজৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত অসমৰ ভিন্ন প্ৰান্তৰৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ কৃষি উদ্যোগী আৰু খাদ্য শস্য উৎপাদনত জড়িত প্রতিষ্ঠানৰ সৈতে মুঠ ১৭খন বুজাবুজি চুক্তি সম্পন্ন হোৱাটোও লক্ষণীয় দিশ বুলিও তেওঁ জানিবলৈ দিয়ে।
বিগত '২৫ বৰ্ষত সম্পন্ন হোৱা এই চুক্তিসমূহৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে প্রায় ৩০ লাখ টকা ৰাজহ আহৰণ কৰিবলৈও সমর্থ হৈছে। আনহাতে, গুণগত তথা মানসম্পন্ন ধানৰ বীজ বিশেষকৈ উন্নত তথা অধিক উৎপাদনক্ষম ৰঞ্জিত ছাব ১ আৰু বাহাদুৰ ছাব ১ ধানৰ বীজ ব্যৱহাৰৰ জৰিয়তে সমগ্ৰ অসমৰে কৃষিকসকল লাভৱান হ'ব পৰাকৈ প্ৰথম অৱস্থাত উপাচার্য ড° ডেকা আৰু কৃষি গবেষণা সঞ্চালক ড° সঞ্জয় চেতিয়াৰ পৰামৰ্শ ক্রমে বিগত ২০২৪ বর্ষত বৰাক উপত্যকাৰ বাহিৰে উজনি-নামনিৰ কেউখন জিলাতে কৃষি বিশ্ববিদ্যালয়ৰ নিজস্ব ব্যৱস্থাপনাৰে ২ হাজাৰ কুইণ্টল ধানৰ বীজ সংশ্লিষ্ট জিলাসমূহত যোগান ধৰে। কৃষি বিশ্ববিদ্যালয়ে নিজস্বভাৱে গৈ উক্ত জিলাসমূহত যোগান ধৰা বীজৰ জৰিয়তে কৃষকসকলৰ উৎপাদন যথেষ্ট বৃদ্ধি পায়। ইয়াৰ পাছত বিগত ২০২৫ বর্ষত উজনি-নামনিৰ বিভিন্ন জিলাৰ বীজ যোগানকাৰীসকলক কৃষি বিশ্ববিদ্যালয়ে যোৰহাট চৌহদলৈ নিমন্ত্ৰণ কৰি আনি অধিক বীজ ব্যৱহাৰৰ জৰিয়তে কৃষক কেনেদৰে উপকৃত হ'ব পাৰে, সেই বিষয়ে আলোচনা কৰাত ২০২৫ বর্ষত বীজ যোগানকাৰীয়ে ৩ হাজাৰ কুইণ্টল বীজ ক্ৰয় কৰি নিয়ে। এনেদৰে কৃষি বিশ্ববিদ্যালয়ে উৎপাদন কৰা গুণগত তথা উন্নতমানৰ ধানৰ বীজ প্রয়োগেৰে কৃষকে সুফল লাভ কৰাৰ বিষয়ে ইতিমধ্যে ব্যাপকভাবে কৃষকসকলৰ মাজত প্ৰচাৰ হৈ পৰাৰ ফলত বীজ যোগানকাৰীসকলৰ সৈতে কৰা আলোচনা মর্মে আগন্তুক ২০২৬-২৭ বৰ্ষৰ বাবে কৃষি বিশ্ববিদ্যালয়ে ৫ হাজাৰ কুইণ্টল বীজ ৰাজ্যৰ কৃষকক যোগান ধৰাৰ বাবে লক্ষ্য নির্ধাৰণ কৰিছে।
আনহাতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাত জি আই স্বীকৃতি লাভ কৰা জাতীয় ফল কাজিনেমুৰ ৰস কোনোধৰণৰ ৰাসায়নিক দ্রব্য মিহলি নকৰাকৈ প্রায় দুবছৰলৈকে সংৰক্ষণ কৰি ৰখাৰ প্ৰযুক্তি কৌশল ইতিমধ্যে উদ্ভাৱন হৈছে। কাজিনেমুৰ ৰস সংৰক্ষণৰ এনে জনকল্যাণকামী উদ্ভাৱনী চিন্তা তথা পদ্ধতি ব্যাৱসায়িক ভিত্তিত প্রয়োগৰ অৰ্থে শেহতীয়াকৈ ৰাজ্যখনৰ এটা আগশাৰীৰ প্রতিষ্ঠান মঙলদৈস্থিত ট্রিনিটি ফ্রুট প্রাইভেট লিমিটেডে চলিত '২৫ বর্ষতে কৃষি বিশ্ববিদ্যালয়ৰ সৈতে এখন চুক্তিও স্বাক্ষৰ কৰিছে। তেনেদৰে বিগত সময়ছোৱাতে অসম কৃষি বিশ্ববিদ্যালয়ে জলকীয়া, ৰবাব টেঙা, লাইশাক, মাটিমাহ, ৰাজমাহকে ধৰি ১১বিধ নতুন খাদ্য শস্যৰ জাত উদ্ভাৱন কৰিবলৈও সমর্থ হৈছে।
উপাচার্য ড° ডেকাৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ চিকিৎসক, জি এন আৰ চিৰ পৰিচালন সঞ্চালক ডাঃ নোমল বৰাই সম্প্ৰতি কৃষিখণ্ডতো জড়িত হৈ থলুৱা কৃষিজীৱীৰ মাজত নতুন উদ্যমেৰে কৰ্ম সংস্কৃতি গঢ় দিয়াৰ বাবে হাতত লোৱা প্রশংসনীয় পদক্ষেপৰ বিষয়েও জানিবলৈ দিয়ে। উপাচার্য ড° ডেকাই জানিবলৈ দিয়ে যে অসম কৃষি বিশ্ববিদ্যালয়ৰ দিহা-পৰামৰ্শ তথা উন্নত কৃষি প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে প্রতিষ্ঠিত চিকিৎসক বৰাই গহপুৰত ২ হাজাৰ বিঘা মাটিত বীজ উৎপাদনৰ বাবে ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে চুক্তিবদ্ধ হৈছে। বীজ উৎপাদনৰ বাবে কৃষি বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি মর্মে ৫ বছৰৰ বাবে ডাঃ বৰাই কৃষি বিশ্ববিদ্যালয়ক ১ কোটি টকা প্রদান কৰিব। কৃষি বিশ্ববিদ্যালয়ৰ দিহা-পৰামৰ্শৰ ভিত্তিত বেচৰকাৰী খণ্ডত ২ হাজাৰ বিঘা মাটিত বীজ উৎপাদনৰ এনে বৃহৎ পদক্ষেপৰ কাম-কাজ এই বছৰৰ পৰা আৰম্ভ হৈছে।
পাৰ হৈ যোৱা '২৫ বর্ষটোতে অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা '৩টি-৩৮' (3T-38) আৰু 'জেউতি' নামৰ সৰিয়হৰ দুটা অধিক উৎপাদনক্ষম জাতে সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি পাবলৈও সক্ষম হৈছে। বিশেষত্ব এয়ে যে ধানখেতি চপোৱাৰ পাছত এই দুটা নতুন জাতৰ সৰিয়হৰ খেতি কৰিলে ৯০ৰ পৰা ১০০ দিনৰ ভিতৰত চপাব পাৰি। আনহাতে, 'বর্ল্ড ফুড প্ৰগ্ৰেম'ৰ অধীনত ২০২৫-২৬ বৰ্ষৰ বাবে কৃষি বিশ্ববিদ্যালয়ৰ অধীনত তৰা বাও আৰু কাক বাও ধানৰ খেতিৰ বাবে যি ব্যৱস্থাপনা আগবঢ়োৱা হৈছিল, সেই ক্ষেত্রত ব্যাপক বাণিজ্যিক সফলতা লাভ কৰাৰ ফলত এই ধান খেতিৰ ৰঙা চাউলে বিদেশতো সমাদৰ লাভ কৰে। এনে সফলতাৰ প্ৰতি আকৃষ্ট হৈ 'বর্ল্ড ফুড প্ৰগ্ৰেম'ৰ এবছৰীয়া এই কাৰ্যসূচী পুনৰ আগন্তুক এবছৰৰ বাবে বৃদ্ধি কৰে বুলিও উপাচার্যই জানিবলৈ দিয়ে। পাৰ হৈ যোৱা '২৫ বৰ্ষটোত কৃষি বাণিজ্যিকীকৰণ আৰু কৃষিৰ জৰিয়তে থলুৱাৰ মাজত কৰ্ম সংস্কৃতি গঢ় দিয়াত কৃষি গৱেষণাৰ সুফলসমূহ পথৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ এনে ঐক্যবদ্ধ প্রচেষ্টাই আগন্তুক দিনত কৃষিক কেন্দ্ৰ কৰি সবল অর্থনীতি গঢ় দিয়াৰ প্ৰচুৰ সম্ভাৱনাৰ বাট মুকলি কৰাত উপাচার্য ড° ডেকাৰ নেতৃত্বত যি নতুন অভিযানৰ সূচনা হৈছে, ইয়াৰ জৰিয়তে কৃষিৰ প্রতি আগ্রহী নতুন প্রজন্ময়ো সঠিক দিশতেই নিশ্চিতভাৱে অগ্ৰসৰ হ'ব বুলি আমি আশা কৰিব পাৰোঁ।