সদৌ অসম সত্ৰ মহাসভাৰ বঁটা ঘোষণা
Dainik Janambhumi
November 07, 2024
ডিজিটেল ডেস্কঃ সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্রত বিশেষ অৱদান আগবঢ়োৱা কেবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বঁটা আগবঢ়াইছে সদৌ অসম সত্ৰ মহাসভাই। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সত্ৰ মহাসভাৰ নেতৃবৃন্দই কয় যে মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীক সত্ৰ বৈভৱ বঁটা, মাজুলীৰ শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীলৈ সত্ৰ সৌৰভ বঁটা, নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী বঁটা, মঙলদৈৰ বিশিষ্ট সত্ৰীয়া শিল্পী ভানু ডেকা চহৰীয়া আৰু জাগীৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সত্ৰীয়া শিল্পী খগেন শৰ্মালৈ ৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী বঁটা, যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° পৱিত্ৰ প্ৰাণ গোস্বামী আৰু নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপিকা ড° কৰৱী দেৱীলৈ ৰাজ্যিক সত্ৰীয়া সংগীত শিল্পী বঁটা আগবঢ়োৱা হ'ব। অহা ১৫ নৱেম্বৰত গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসত প্ৰদান কৰা হ'ব বুলি সত্ৰ মহাসভাই সংবাদমেলত ব্যক্ত কৰে। ইপিনে, মহাসভাই অহা বৰ্ষৰ ১০, ১১জানুৱাৰীত উৰিষ্যাৰ ভূৱনেশ্বৰত বিশেষ আলোচনা চক্র অনুষ্ঠিত কৰিব। লগতে মুম্বাইটো শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক লৈ হ'ব আলোচনা চক্ৰ।
Share This