জুবিনৰ হত্যাৰ চার্জশ্বীটত সিদ্ধার্থ শৰ্মাই দিয়া ভাষ্যৰ বিৰুদ্ধে প্রতিক্রিয়া ৰাজেশ ভূঞাৰ

dainik janambhumi January 01, 2026

ডিজিটেল ডেস্ক: জুবিনৰ হত্যাৰ চার্জশীটত সন্নিৱিষ্ট হত্যাকাৰী সিদ্ধার্থ শৰ্মাৰ ভাষ্যক লৈ গৰিমা গাৰ্গৰ পিছত এইবাৰ বিস্ফোৰণ ঘটাইছে চিনেমা পৰিচালক ৰাজেশ ভূঞাই। 'ৰৈ ৰৈ বিনালে'ৰ পৰিচালক ৰাজেশ ভূঞাই কয় যে সিদ্ধার্থই কোৱাৰ দৰে জুবিনে কেইখনমান নগৰত শেষ শ্ব' বুলি অনুষ্ঠান কৰাৰ বিষয়টো কোনোপধ্যেই মানি ল'ব নোৱাৰি। কাৰণ বিশ্বনাথ চাৰিআলিত 'ৰৈ ৰৈ বিনালে'ৰ শ্বুটিঙৰ সময়ত সিদ্ধার্থই জুবিনক বুজাবলৈ চেষ্টা কৰিছিল যে জুবিনে শ্ব'ৰ সংখ্যা, বিশেষকৈ বিহু সন্মিলন কৰাটো কমাই দিব লাগে। তাৰ পৰিৱৰ্তে জুবিনক সিদ্ধার্থই ১২/১৫ খন শ্ব' কৰাৰ পৰামৰ্শ দিছিল আৰু এটা শ্ব'ত ৩৫-৪০ লাখ মাননি লোৱাৰ কথা কৈছিল। ৰাজেশ ভূঞাই আনকি এই বুলিও কৈছে যে সিদ্ধার্থই এই বিষয়টো তেওঁকো জুবিনক বুজাবলৈ কৈছিল। 

ৰাজেশ ভূঞাই কয় যে জুবিনে সিদ্ধাৰ্থৰ এই প্ৰস্তাৱত সহমত নিদি মাত্র কৈছিল যে তেওঁ শ্ব' নকৰিলে তেওঁৰ বাদ্যযন্ত্ৰীসকলৰ উপাৰ্জন কমি যাব, যিটো তেওঁ হ'বলৈ দিব নোৱাৰে। দ্বিতীয়তে জুবিনে কৈছিল যে তেওঁ কম শ্ব' কৰি মানুহৰ মৰমৰ পৰা আঁতৰি থাকিব নোৱাৰে আৰু অনুৰাগীসকলকো তেওঁৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। গতিকে জুবিনে কৈছিল যে তেওঁ এনেকৈয়ে যিমান পাৰে শ্ব' কৰি যাব।

Share This