বর্ণিল পৰিৱেশত আৰম্ভ চৰাইদেউ মহোৎসৱ

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক: ইউনেস্ক'ৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্র চৰাইদেউত কালিৰে পৰা এক উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ। 

চৰাইদেউবাসীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত মহোৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱা চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱে মহোৎসৱৰ মুখ্য প্ৰৱেশ তোৰণ উদঘাটন কৰে। ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি তথা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মূল পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ আন দহগৰাকী বিশিষ্ট ব্যক্তিয়ে আন দহখন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ আৰু স্বৰ্গদেউসকলৰ মৈদাম তৰ্পণৰ লগতে জুবিন গাৰ্গলৈ বিশেষ শ্রদ্ধাঞ্জলি জনোৱা হয়। টাই ম'লুং তিলেশ্বৰ মহনৰ নেতৃত্বত এটি ম'লুঙৰ দলে টাই আহোমৰ ধৰ্মীয় পৰম্পৰাগত নীতিৰে বান-ফি পূজা সম্পন্ন কৰাৰ পাছতে গ্রন্থ, বস্ত্ৰ আৰু কৃষি মেলা উদ্বোধন কৰে সমাজকর্মী নিতুমণি প্রধানে। 

আনহাতে, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য মেলাৰ দ্বাৰ উদঘাটন কৰে সোণাৰিৰ পৌৰপতি তিলক চন্দ্র নেওগে। মেলাত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দুই শতাধিক বিপণীয়ে অংশগ্ৰহণ কৰিছে। অসম চৰকাৰৰ প্ৰাক্তন ৰাজ্যিক মন্ত্রী হিৰণ্য কুমাৰ কোঁৱৰে চৰাইদেউ মহোৎসৱৰ মূল মঞ্চ উদ্বোধন কৰে। ইয়াৰ পাছতে পঁচিছগৰাকী টাই ম'লুঙক উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনা জনোৱা হয়। বিয়লি বিভিন্ন ঠাইৰ পৰা অহা সাংস্কৃতিক দলসমূহে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী প্রদর্শন কৰে। সন্ধিয়ালৈ বৰ অসমৰ স্ৰষ্টা চাওলুং চ্যুকাফাৰ সমাধিস্থলত বন্তি প্রজ্বলন কৰাৰ পাছতে স্থানীয় শিল্পীৰ দ্বাৰা জনগোষ্ঠীয় পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন উদ্বোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপিকা মনোৰমা ফুকন বৰগোহাঁয়ে। ইয়াৰ পাছতে গোর্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্রেম তামাঙে প্রথম নিশাৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে।

Share This