মুখ্যমন্ত্রীয়ে আগতীয়াকৈ দিলে তথ্য, এইবাৰ সংখ্যালঘু এলেকাত ১০ কোটি টকালৈ উঠিব কংগ্ৰেছৰ টিকটৰ দাম

dainik janambhumi December 09, 2025

ডিজিটেল ডেস্ক: আগন্তুক বিধানসভা নির্বাচনত এক কোটিৰ পৰা দহ কোটিলৈকে উঠিব কংগ্ৰেছৰ টিকটৰ দাম। আনকি সংখ্যালঘু অধ্যুষিত ২২টা সমষ্টিৰ প্রার্থিত্ব প্রত্যাশীৰ পৰা বিচৰা হৈছে আগতীয়াকৈ এক কোটিকৈ টকা। বিৰোধী দল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদানৰ সন্দৰ্ভত এই বিস্ফোৰক তথ্য প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

কালি সাংবাদিকৰ আগত তেওঁ কয়, সংখ্যালঘু অধ্যুষিত ৰাজ্যৰ ২২টা বিধানসভা সমষ্টিত এক কোটি টকাৰ পৰা দহ কোটিলৈকে দাম উঠিব। বর্তমান এক কোটিকে এডভান্স বিচাৰিছে। বিকি দত্তই কিছু নেতৃত্ব লৈ আছে। 

আনহাতে ১৪ তাৰিখে নতুন দিল্লীত কিবা কংগ্ৰেছৰ মিটিং আছে বুলি মত প্রকাশ কৰি ড° শর্মাই কয় যে উক্ত সভালৈ মিঞা এলেকাৰ প্রার্থিত্ব প্রত্যাশীসকলে নিজৰ খৰচত মানুহ লৈ যোৱাৰ বাবে গৌৰৱ গগৈয়ে নির্দেশ দিছে। যাৰ বাবে মিঞা এলেকাত ৰে'ল, বিমানৰ টিকট কিনা লোকৰ ধুম উঠিছে। প্রার্থিত্বৰ বাবে এনেদৰে বজাৰ মেলাটো উচিত নহয় বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয়, 'মই তেওঁলোকৰ প্ৰতিটো বাতৰি গম পাই থাকোঁ। অসমতে নহয় দিল্লীতো মোৰ মানুহ আছে। অসমৰ মানুহে নিদিলে দিল্লীৰ মানুহে খবৰ দি থাকে।' ইফালে অসমৰ যিকোনো এটা সমষ্টিত উঠিলেও জিকি আহিব পাৰিম বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্রীয়ে কয়- 'অখিল গগৈ হিৰ' হয়। তেওঁ উঠিলে জিকিবই। তেওঁ গুৱাহাটীত বা নলবাৰীত উঠক। তেতিয়া একেবাৰতে চাফা হৈ যাব।' 
অখিল গগৈয়ে এইবাৰ দুটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি মত প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়- তেওঁ শিৱসাগৰৰ লগতে ধুবুৰীতো উঠক।

আনহাতে এজন খর্বকায় লোকৰ সৈতে মুখ্যমন্ত্ৰীয়ে শিলচৰত কথা পতাৰ এটা ভিডিঅ'ক বিৰোধী নেতা দেৱব্ৰত শইকীয়াই নাটক বুলি অভিহিত কৰি উক্ত যুৱকক বাওনা বুলি কৰা মন্তব্যক লৈও ক্ষুব্ধ হৈ পৰে ড° শর্মা। তেওঁ কয়- 'কংগ্ৰেছৰ লোকসকলৰ মানসিকতাৰ স্খলন হৈছে। তেওঁলোকে জানে তেওঁলোক এইবাৰ হাৰিব। ছচিয়েল মিডিয়াত অভদ্রামীয়ে চূড়ান্ত পর্যায় পাইছেগৈ হিতেশ্বৰ শইকীয়াৰ পুত্ৰই কোনো এজন লোকক বাওনা বুলি ক'ব নাপাব। তেওঁ ক্ষমা খোজা উচিত। ড° শৰ্মাৰ মতে- 'মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই নিজে ৰজা হৈ যোৱা নাই। আমি ৰজা বাকীবোৰ প্ৰজা সেই চিন্তাধাৰা তেওঁলোকে এৰিব লাগে। দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈ দুয়োৰে মূৰত এনে চিন্তাধাৰা সোমাই থাকে যে তেওঁলোকে ভাবে 'আমি ৰজা, সোণৰ চামুচ লৈ জন্ম লৈছোঁ।' এইবোৰ চিন্তা এৰিবলৈকো তেওঁ দুয়োকে আহ্বান জনায়। ইফালে বিৰোধী দল কংগ্ৰেছৰ ছচিয়েল মিডিয়াত বহুটো ভুৱা একাউণ্টত আছে বুলি মত প্রকাশ কৰি তেওঁ কয়, 'উক্ত একাউন্টবোৰ তেওঁলোকে মানুহৰ সন্মান নষ্ট কৰাৰ বাবে ব্যৱহাৰ কৰে। এয়া এটা কল্পনা কৰিব নোৱৰা কাম। ৰাজীৱ ভৱনত ৱাৰ ৰূমত বিজেপিৰ বিৰুদ্ধে কন্টেন্ট প্ৰস্তুত কৰি ভাইৰেল কৰি থাকে। আনহাতে কংগ্ৰেছৰ মিঞা সদস্যসকলে হিন্দুৰ নামত ছচিয়েল মিডিয়াত একাউন্ট খুলি লৈ এক সামাজিক অস্থিৰতা অনাৰ বাবে চেষ্টা কৰি আছে বুলি মত প্রকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয়, 'এনে কামকাজত চৰকাৰে দৃষ্টি ৰাখিছে। নিৰ্বাচনৰ পাছত আমাৰ চৰকাৰ আহিলে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব।'

Share This