'স্বাগত সতীর্থ ২.০' প'ৰ্টেল শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী, চৰকাৰী কৰ্মচাৰীয়ে আগতীয়াকৈ ল'ব পাৰিব দৰমহা

dainik janambhumi February 03, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে মাহৰ দৰমহা আগতীয়াকৈ ল'ব পাৰিব। ৰাজস্থানৰ আৰ্হিত অসমতো এই ব্যৱস্থা প্ৰৱৰ্তনৰ কথা চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। ৰাজস্থানৰ আৰ্হিত বিপদ-আপদত আগতীয়াকৈ চৰকাৰী কৰ্মচাৰীয়ে মাহৰ দৰমহা লোৱাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। 

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলি সহজ আৰু কাৰ্যক্ষম কৰাৰ বাবে কালি দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত 'স্বাগত সতীর্থ ২.০'ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি ৰাজ্যিক কৰ্মচাৰীৰ বাবে এই আশাৰ বতৰা দিলে। তেওঁ কয় যে ৰাজস্থানত এটা ব্যৱস্থা আছে, য'ত কৰ্মচাৰীয়ে আগতীয়াকৈ দৰমহা ল'ব পাৰে। ইয়াৰ বাবে একেবাৰে কম সুদ বেংকক পৰিশোধ কৰিব লাগে। সাধাৰণতে প্রতি মাহৰ এক তাৰিখে ৰাজ্যৰ কৰ্মচাৰীসকলে দৰমহা লাভ কৰে। কিন্তু কেতিয়াবা হঠাৎ হোৱা বিপদ-আপদৰ বাবে আগতীয়াকৈ দৰমহাৰ প্ৰয়োজন হৈ পৰে। কৰ্মচাৰীজনে যাৰবাবে কাৰোবাৰ ওচৰত হাত পাতিবলগীয়া হয়। এনে পৰিস্থিতিৰ বাবে কৰ্মচাৰীজনে বিপদৰ সময়ত সহায় কৰা ব্যক্তিজনে তেওঁৰ পৰা বৈধ বা অবৈধ উপায়েৰে কাম আদায় কৰাৰ সুযোগ লয়। এনে পৰিস্থিতিত নপৰিবলৈ কৰ্মচাৰীজনে যাতে আগতীয়াকৈ দৰমহা পাব পৰাকৈ ৰাজ্য চৰকাৰে বেংকৰ জৰিয়তে কম সুদত ঋণৰ ব্যৱস্থা কৰিব পাৰে তাৰ বাবে বিত্ত বিভাগৰ লগত আলোচনা কৰা হৈছে। 

বেংকৰ পৰা একেবাৰে কম সুদত দৰমহাৰ ধন আগতীয়াকৈ লোৱাৰ ব্যৱস্থা ৰাজস্থানত আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে সেই ৰাজ্যখনত প্রায় তিনিশ কোটি টকা আগতীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে। এনেদৰে লোৱা ধনৰ বাবত আদায় দিবলগীয়া কিস্তি যদি দীঘলীয়া হয় তেন্তে সুদৰ পৰিমাণ হয়তো অলপ বেছি হ'ব। 

অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যাতে পাৰস্পৰিক বদলিৰ অনুৰোধবোৰ সহজে চৰকাৰী বিভাগসমূহৰ দৃষ্টিগোচৰ কৰিব পাৰে, সেই উদ্দেশ্যে এই পৰ্টেলটো মুকলি কৰা হৈছে। স্বাগত সতীর্থ পৰ্টেলৰ ৰূপায়ণৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এগৰাকী কৰ্মচাৰীয়ে পাঁচখন পচন্দৰ জিলাৰ নাম উল্লেখ কৰি নিজৰ বিতং তথ্যসহ আবেদনপত্র দাখিল কৰাৰ পিছত আৱেদনখনৰ তথ্যপাতিৰ শুদ্ধতা পৰীক্ষণৰ দায়িত্বত ন্যস্ত বিষয়াৰ দ্বাৰা পৰীক্ষা কৰা হ'ব। পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত আবেদনকাৰীয়ে নিৰ্বাচন কৰা জিলা পাঁচখনৰ আন যোগ্য আবেদনকাৰীলৈ পাৰস্পৰিক বদলিৰ আৱেদনৰ অনুৰোধ প্ৰেৰণ কৰিব পাৰে। আন আৱেদনকাৰীয়ে যদি সেই অনুৰোধ গ্রহণ কৰে তেন্তে পাৰস্পৰিক বদলিৰ আৱেদনখন অনুমোদনকাৰী বিষয়া হিচাপে অধিকাৰপ্ৰাপ্ত সঞ্চালকালয়ৰ মুৰব্বীলৈ পঠিওৱা হয়। পুনৰ পৰীক্ষাৰ অন্তত সঞ্চালকালয়ৰ মুৰব্বীগৰাকীয়ে আৱেদনখনত অনুমোদন জনালে বদলিৰ আদেশপত্ৰখন জাৰি কৰাৰ বাবে সাজু হৈ উঠে। 

চৰকাৰী কৰ্মচাৰীৰ মাজত স্বচ্ছতাৰে পাৰস্পৰিক বদলিৰ এই প্ৰক্ৰিয়া বৰ্তমানলৈ ভাৰতবৰ্ষৰ কোনো ৰাজ্যই গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ক্ষেত্রত অসমেই দেশৰ একমাত্ৰ ৰাজ্য। মুখ্যমন্ত্রীয়ে কয় যে শিক্ষামন্ত্রী হৈ থকাৰ সময়ত তেওঁ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ মাজত পাৰস্পৰিক বদলিৰ প্ৰক্ৰিয়া প্ৰথম আৰম্ভ কৰিছিল। 

ৰাজ্য প্ৰশাসনত ৩৮টা বিভাগ আৰু ৭৫টাতকৈও অধিক সঞ্চালকালয় আৰু মুৰব্বী বিষয়াৰ কাৰ্যালয় থকাৰ পৰিপ্ৰেক্ষিতত এই পাৰস্পৰিক বদলিৰ প্ৰক্ৰিয়াটোত থকা যোগ্যতাৰ মাপকাঠী নির্ধাৰণ কৰাটো যথেষ্ট প্রত্যাহ্বানমূলক আছিল যদিও ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ স্বাগত সতীর্থ ১.০ পৰ্টেলত পাৰস্পৰিক বদলিৰ আৱেদনৰ সুবিধা আগবঢ়োৱা হৈছিল বুলি তেওঁ কয়। এই সময়ছোৱাৰ ভিতৰত ৩১ হাজাৰ কৰ্মচাৰীয়ে পঞ্জীয়ন কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াৰে ২১ হাজাৰ কৰ্মচাৰীয়ে বিকল্প জিলা বাছনি কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ফলত প্রথম পদক্ষেপত ৯,০০৪ গৰাকী কৰ্মচাৰীয়ে বদলিৰ আদেশ লাভ কৰিবলৈ সক্ষম হ'ল। তেওঁ কয় যে আজি কৰ্মচাৰীৰ বদলিৰ প্ৰক্ৰিয়া কম্পিউটাৰত এটা ক্লিকৰ জৰিয়তে সম্ভৱ হৈ উঠিছে। অন্যথা এই বদলি লাভকৰা কৰ্মচাৰীসকলৰ বাবে বিভাগ বা সঞ্চালকালয়সমূহত ৯,০০৪ টা ফাইলৰ সৃষ্টি হ'লহেঁতেন। তদুপৰি বদলিৰ অনুৰোধৰ বাবে তেওঁলোক গুৱাহাটীলৈ আহিবলগীয়া হোৱাৰ ফলত যাতায়াতৰ খৰচ, থকা আৰু খোৱাৰ খৰচ আদিকে ধৰি এগৰাকী কৰ্মচাৰীয়ে বহু হাজাৰ টকাকৈ খৰচ কৰিবলগীয়া হ'লহেঁতেন। 

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে স্বচ্ছতাৰে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ পিছত এতিয়া কৰ্মচাৰীসকলৰ বদলিৰ প্ৰক্ৰিয়াত স্বচ্ছতা আনিবলৈ প্রচেষ্টা গ্রহণ কৰিছে। এটা বিত্তীয় বৰ্ষত দুবাৰকৈ স্বাগত সতীর্থ পর্টেল মুকলি কৰাৰ বাবে বৰ্তমান চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে অহা তিনি বছৰৰ ভিতৰত অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বদলিৰ আৱেদনৰ সংখ্যা নোহোৱা হৈ যাব বুলি আশা কৰা হৈছে। কিন্তু ৰাজহুৱা স্বাৰ্থৰ খাতিৰত যদি বদলি কৰিবলগীয়া হয় সেই ব্যৱস্থাটো সদায় মুকলি থাকিব। তেওঁ কয় যে যোৱা বছৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ৭জুনলৈ স্বাগত সতীর্থ ১.০ ৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু ই সমগ্র ভাৰতবৰ্ষৰ ভিতৰতে এটা প্রশংসনীয় পদক্ষেপ হিচাপে স্বীকৃত হোৱাৰ লগতে এই স্বাগত সতীর্থ পৰ্টেলৰ আঁৰত থকা অসম চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগৰ দায়িত্বপ্রাপ্ত বিষয়াসকলক ৰাজ্য চৰকাৰে কৰ্মশ্রী সন্মানেৰে সন্মানিত কৰিছিল। তেওঁ স্বাগত সতীর্থ ২.০ৰ সমগ্র প্রক্রিয়াটো অহা ৭ মাৰ্চৰ ভিতৰত সম্পূর্ণ কৰিবলৈ বিভাগক আহ্বান জনায়। 

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত কৃত্রিম বুদ্ধিমত্তাৰ ব্যাপক প্রয়োগত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পৰিবহণ বিভাগকে ধৰি বিভিন্ন বিভাগত অনলাইন মাধ্যমেৰে আগবঢ়োৱা সেৱাৰ জৰিয়তে ইতিমধ্যে জনসাধাৰণ কিদৰে উপকৃত হৈছে সেই সন্দর্ভত ব্যাখ্যা দাঙি ধৰে। এই ক্ষেত্ৰত ছফটৱেৰ ব্যৱস্থা ব্যৱহৃত হৈ থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ প্ৰশাসনত কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰ সমাৱেশ ঘটাব লাগিব। ভূমি ক্রয়-বিক্রয়, বিবাহ পঞ্জীয়ন ব্যৱস্থা, ফ্লেট ক্রয়ৰ পঞ্জীয়ন, পথ, পদপথ নির্মাণ আদি বিভিন্ন ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে জনসাধাৰণক সহজ, সুচল আৰু সুলভব্যৱস্থা উপলব্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ যাৱতীয় ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্রীয়ে মুখ্য সচিবক পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্রীয়ে সভাত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শ্রদ্ধাঞ্জলি আঁচনিখনৰ বিষয়ে উল্লেখ কৰি এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ বাহিৰত মৃত্যু হোৱা ১৬২ গৰাকী ব্যক্তিৰ নম্বৰদেহ সসন্মানেৰে অসমলৈ ওভতাই আনিবলৈ বৰ্তমান ৰাজ্য চৰকাৰ সক্ষম হৈছে বুলি কয়। এনে ধৰণৰ আঁচনি ভাৰতবৰ্ষৰ কোনো ৰাজ্য চৰকাৰে লোৱা নাই বুলি তেওঁ উল্লেখ কৰে। 

কালিৰ অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব অজয় শংকৰ তেৱাৰী আৰু ড° কে কে দ্বিবেদী, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন প্রমুখ্যে উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।

Share This