গেৰুৱা দলৰ ভেটিত নিৰ্দলীয় ভাস্কৰজ্যোতিৰ প্ৰভাৱ, ৬ এপ্ৰিলত তিতাবৰত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে

dainik janambhumi March 31, 2026

ডিজিটেল ডেস্ক: ভোটগ্রহণৰ বাবে মাজত ৯টা দিন থকা অৱস্থাতো ধূসৰ হৈ আছে তিতাবৰ বিধানসভা নিৰ্বাচনৰ দৃশ্যপট। সমষ্টিটোত কংগ্রেছ, বিজেপি আৰু নিৰ্দলীয় ভাস্কৰজ্যোতি বৰুৱাৰ মাজত মূল প্রতিদ্বন্দ্বিতা স্পষ্ট হোৱা নিৰ্বাচনী যুঁজখনত কোনে শেষ হাঁহি মাৰিব সেয়া এতিয়াও ধূসৰ হৈ আছে। হিতাধিকাৰী, দলীয় সংগঠন, ধন বল আৰু প্ৰচাৰৰ ৰেহ-ৰূপ চালে শাসকীয় দল শীর্ষত থকা যেন লাগিলেও দলটোৰ ভিতৰচ'ৰাত চলি থকা নেতাৰ চিপৰাং ৰাজনীতি উদ্বেগৰ কাৰণ হৈ উঠিব পাৰে। 

নির্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাতো সকলো জ্যেষ্ঠ নেতা নির্বাচনী প্ৰচাৰত ননমাটো উল্লেখযোগ্য ঘটনা। অন্যহাতে, সমষ্টিৰ দায়িত্বত থকা এগৰাকী সাংগঠনিক নেতাক কেন্দ্ৰ কৰি দলটোৰ অসন্তুষ্ট হৈ থকাটো দলটোৰ বাবে অন্য এক ঋণাত্মক বতৰা। সমষ্টিটোৰ দীর্ঘদিনীয়া নির্বাচনী যুঁজ পর্যালোচনা কৰিলে বিজেপিয়ে বিজেপিৰ শত্রু হোৱা ঘটনা এইবাৰ পুনৰাবৃত্তি নহ'বলৈ দলৰ শীর্ষ নেতৃত্বই ব্যৱস্থা গ্রহণ কৰিছে যদিও ইয়াত সফলকাম হোৱা নাই। 

অন্যহাতে, নির্দলীয় ভাস্কৰজ্যোতি বৰুৱাই অভাৱনীয়ভাৱে গেৰুৱা দলৰ ভোট বেংকত হনা আঘাত '২৬ৰ নিৰ্বাচনত বিজেপিৰ বাবে বৃহৎ আঘাত হৈ উঠাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। গেৰুৱা দলটোৰ গ্ৰাম্য মণ্ডল সভাপতি ৰুবুল তামুলীয়ে দলৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় ভাস্কৰজ্যোতি বৰুৱাৰ পক্ষত অৱস্থান কৰাই নহয় নিৰ্বাচনৰ দায়িত্ব গ্রহণ কৰি গেৰুৱা দলৰ নাড়ী-নক্ষত্ৰত আঘাত কৰি প্ৰচাৰ চলাই আছে। ইতিমধ্যে সমষ্টিটোৰ গেৰুৱা দলৰ ভোট বেংকত নির্দলীয় ভাস্কৰজ্যোতি বৰুৱাই মৰা হাতোৰা নির্বাচনী যুঁজখনত উল্লেখযোগ্য পৰিঘটনা হৈ উঠিব পাৰে। 
কংগ্ৰেছৰ ভোট বেংকৰ কিছু ভোট বৰুৱাই নিজৰ পক্ষত নিয়াটো নিশ্চিত। সমষ্টিটোৰ বহু কংগ্ৰেছীয়ে মুকলিভাৱে সদ্যপ্রাক্তন কংগ্রেছী বিধায়ক তথা নির্দলীয় প্রার্থী ভাস্কৰজ্যোতি বৰুৱাৰ পক্ষত অৱস্থান গ্রহণ কৰিছিল যদিও সময় বাগৰাৰ লগে লগে বহু কংগ্ৰেছী ভাস্কৰজ্যোতি বৰুৱাৰ পক্ষৰ পৰা আঁতৰি অহাটো কংগ্ৰেছী শিবিৰৰ বাবে এক যোগাত্মক কথা। এনে দৃশ্যপটৰ পাছতো কংগ্ৰেছৰ বহু ভোট ভাস্কৰজ্যোতি বৰুৱাৰ পক্ষত থকাটো একপ্ৰকাৰ নিশ্চিত। এনে দৃশ্যপটত আজিও সমষ্টিটোত নির্বাচনী দৃশ্যপট ধুঁৱলী-কুঁৱলী হৈ আছে। 

'২৬ৰ নিৰ্বাচনৰ আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে আজিৰ তাৰিখতো গাঁও অঞ্চলত নিৰ্বাচনৰ নাই কোনোধৰণৰ বতাহ। দলীয় নেতা-কর্মীসকলৰ বাহিৰে সৰ্বসাধাৰণ ভোটাৰ নিৰুদ্বেগ হৈ মৌন ব্ৰত ধাৰণ কৰি থকাটো লক্ষণীয়। এনে মৌনতা শাসক পক্ষৰ নে বিৰোধী পক্ষত অৱস্থানৰ ইংগিত সেয়া জানিব পৰা হোৱা নাই। ইয়াৰ মাজতে অহা ৬এপ্ৰিলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতে সমষ্টিটোৰ নির্বাচনী ছবিখন অধিক স্পষ্ট হ'ব বুলি ধাৰণা কৰা হৈছে।

Share This