ডিজিটেল ডেস্ক: জুবিন গাৰ্গ হত্যাৰ গোচৰৰ প্রথমটো শুনানিতে শ্যামকানু-সিদ্ধার্থসহ সাত অভিযুক্তই লাভ কৰিলে অধিবক্তা। আনহাতে নিৰাপত্তাৰ খাতিৰত ভিডিঅ' কনফাৰেন্সিংযোগে তেওঁলোকৰ শুনানি গ্রহণ কৰে আদালতে। ইফালে একমাত্র মহিলা অভিযুক্ত অমৃতপ্রভা মহন্তই সমগ্র শুনানিৰ সময়ত কেৱল হুকহুকাই কান্দি থকা বুলি অধিবক্তাই প্রকাশ কৰিছে।
উল্লেখযোগ্য যে ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কৰা হত্যাৰ গোচৰৰ কালি প্ৰথমটো শুনানি গ্ৰহণ কৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। কালি অভিযুক্তসকলক আদালতত সোঁশৰীৰে হাজিৰ কৰোৱাবলৈ আৰক্ষীক আদালতে নির্দেশ দিছিল যদিও সোমবাৰে অসম আৰক্ষীয়ে তেওঁলোকক আদালতলৈ অনাৰ সময়তক হ'ব পৰা আইন-শৃংখলাজনিত সমস্যা আৰু তেওঁলোকৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰাত কালি তেওঁলোকক কাৰাগাৰৰ পৰাই ভার্চুৱেলী শুনানি গ্রহণ কৰিবলৈ অনুমতি দিয়া হয়।
আনহাতে কাৰাগাৰতে কালি অভিযুক্তসকলক অভিযোগনামাৰ প্রতিলিপি আৰু অভিযুক্তৰ পৰিয়ালত পেন ড্রাইভত সমগ্র অভিযোগনামা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। লক্ষণীয় যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ শুনানি বাকসাৰ নিকাচি কাৰাগাৰৰ পৰা আৰু শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ শুনানি হাফলং কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সযোগে গ্রহণ কৰা হয়। ইফালে সোমবাৰে আদালতে তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সযোগে শুনানিৰ অনুমতি দিয়াৰ পাছত কালি পুৱাই এছ আই টিৰ সদস্য এ এছ পি মৰমী দাস বাকসা কাৰাগাৰলৈ আৰু এ এছ পি তৰুণ গোৱেল হাফলং কাৰাগাৰলৈ ৰাওনা হয়। তেওঁলোকে নিজৰ লগত অভিযুক্তসকলৰ বাবে অভিযোগনামাৰ কপি লৈ যায়। কাৰাগাৰতে তেওঁলোকে স্বাক্ষৰ কৰি অভিযোগনামাৰ প্ৰতিলিপি গ্রহণ কৰে।
আনহাতে অভিযুক্তসকলৰ পৰিয়ালকো কালি পেন ড্রাইভযোগে সমগ্র তথ্য, সাক্ষ্যসহ সম্পূর্ণ অভিযোগনামা প্রদান কৰা হয়। কালিৰ শুনানি প্রক্রিয়াত কেইটামান নিয়মমাফিক কামহে সম্পূৰ্ণ কৰা হয়। ইফালে অভিযুক্তসকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগ সন্নিৱিষ্ট কৰাৰ বাবে গোচৰটো সত্ৰ ন্যায়াধীশৰ আদালতলৈ হস্তান্তৰ কৰা হ'ব বুলি প্রকাশ কৰে। সত্ৰ ন্যায়াধীশৰ আদালতত তেওঁলোকৰ বিৰুদ্ধে চার্জ ফ্ৰেম কৰাৰ পাছত পূর্ণ পর্যায়ত শুনানি আৰম্ভ হ'ব।
কালি আদালতে অহা ২২ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে। আদালতে সেইদিনাই গোচৰটো সত্ৰ আদালতলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। ইফালে কালি অভিযুক্তসকলৰ হৈ আদালতত আইনী সেৱা কৰ্তৃপক্ষই নিয়োগ কৰা অধিবক্তা উপস্থিত থাকে। প্রণিধানযোগ্য যে জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰে জড়িত অভিযুক্তৰ হৈ উকীল সন্থাই ওকালতি নকৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কোনো অধিবক্তাই এতিয়ালৈকে অভিযুক্তসকলক আইনী সাহায্য প্রদান কৰিবলৈ আগবাঢ়ি অহা নাই। তেনে পৰিস্থিতিত গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি জিলা ন্যায়িক দণ্ডাধীশে তেওঁলোকৰ বাবে এজন অধিবক্তা নিয়োগ কৰে। এতিয়াৰ পৰা তেওঁলোকৰ হৈ অধিবক্তা ধ্রুৱজ্যোতি দাসে আদালতত যুক্তি প্রদর্শন কৰিব। শুনানিৰ অন্তত অধিবক্তা ধ্রুৱজ্যোতি দাসে প্রকাশ কৰে যে 'ৰাইজে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ অৰ্থটো ভুলকৈ বুজি থকা যেন লাগে। ন্যায় মানেই যে কেৱল কাৰোবাক শাস্তি দিয়া, সেইটো নহয়। এই বিষয়ত ৰাইজে মোক ভুল বুজিব পাৰে, কিন্তু আইনী প্রক্রিয়া নিজৰ গতিৰে চলিব।'
ইফালে আদালতে অভিযুক্তসকলক অভিযোগনামা অধ্যয়নৰ সময় দিছে। পৰৱৰ্তী শুনানিত এই সন্দর্ভত অধিক তথ্য আৰু সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। অধিবক্তাজনৰ মতে, কাৰাগাৰত অভিযুক্তসকল চৰম মানসিক হতাশাত ভুগিছে। ইয়াৰ ভিতৰত সন্দীপন গাৰ্গ নামৰ অভিযুক্তজন শাৰীৰিক আৰু মানসিকভাৱে অধিক ক্লান্ত হোৱা পৰিলক্ষিত হৈছে বুলি তেওঁ কয়। ইফালে গোচৰটোৰ একমাত্র মহিলা অভিযুক্ত অমৃতপ্রভা মহন্তই কাৰাগাৰত হুকহুকাই কান্দি থকা বুলি অধিবক্তাই জানিবলৈ দিয়ে। আনহাতে সিদ্ধার্থ আৰু শ্যামকানুও সম্প্রতি যথেষ্ট হতাশ হৈ পৰা বুলি তেওঁ কয়। ইফালে মানসিক অৱস্থাৰ অৱনতি ঘটিলেও সকলোৰে শাৰীৰিক অৱস্থা ঠিকে থকা বুলিও তেওঁ কয়।