হিমাচল প্ৰদেশ, উত্তৰাখণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি ৮১লৈ

Kakali Deka August 18, 2023

ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ বাবে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৮১লৈ বৃদ্ধি পাইছে৷ হিমাচল প্ৰদেশত ৭১জন আৰু উত্তৰাখণ্ডত ১০জন  লোকৰ মৃত্যু হৈছে৷ ভালেমান ঠাইত ভাগি পৰা ঘৰৰ পৰা আহতসকল আৰু নিহতসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে৷ দুয়োখন ৰাজ্যত পৰৱৰ্তী কেইদিনমানত প্ৰবল বৰষুণ দিব বুলি বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে৷ হিমাচল প্ৰদেশত এতিয়ালৈকে ৭১জন লোকৰ মৃত্যু হৈছে আৰু ১৩জন লোক এতিয়াও সন্ধানহীন হৈ আছে৷ হিমাচল প্ৰদেশৰ ৰাজ্যিক জৰুৰী অভিযান কেন্দ্ৰই কয় যে ২৪ জুনত বাৰিষা আৰম্ভ হোৱাৰ পৰা ৰাজ্যখনত বান আৰু ভূমিস্খলনত ২১৪জন লোকৰ মৃত্যু হৈছে আৰু ৩৮জন লোক এতিয়াও সন্ধানহীন হৈ আছে৷ যোৱা ২৪ ঘণ্টাত কাংগ্ৰো জিলাৰ ইন্দোৰা আৰু ফটেহপুৰ মহকুমাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলবোৰৰ পৰা ৰ,৭৩১জন লোকক উদ্ধাৰ কৰা হয়৷ জুলাই মাহত ৰাজ্যখনত হোৱা বৰষুণে ৫০ বছৰৰ অভিলেখ ভংগ কৰে৷ ইফালে উত্তৰাখণ্ডৰ অৱস্থাও একে৷ লক্ষ্ণণ ঝুলাৰ এখন ৰিজৰ্টৰ ধবংসস্তূপৰ পৰা মঙল আৰু বুধবাৰে চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয় আৰু ইয়াকে ধৰি ৰাজ্যখনত বান-বৰষুণ-ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১০লৈ বৃদ্ধি পায়৷

Share This