পদুম-ভেঁটফুলৰ অপৰূপ দৃশ্যই হাত বাউলি মাতিছে পর্যটকক, পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰ গোৱালপাৰাৰ জলাশয় 

dainik janambhumi December 13, 2025

ডিজিটেল ডেস্ক: শীতৰ আগমন, চৌদিশে কুঁৱলীৰ আচ্ছাদন, খাল-বিল-জলাশয়ত এতিয়া শুনা যায় বিভিন্ন পক্ষীৰ কলৰৱ। এই সময়ছোৱাত অন্য ৰূপত জিলিকি উঠে অসমৰ বিভিন্ন প্রান্ত। ইয়াৰ ব্যতিক্ৰম নহয় গোৱালপাৰা। প্রাকৃতিক সমলেৰে চহকী গোৱালপাৰা জিলাত শীতৰ আগমনৰ লগে লগে পৰ্যটকৰ সমান্তৰালকৈ আগমন ঘটিছে দেশী-বিদেশী অগণন পৰিভ্ৰমী চৰাইৰ। 

পৰিভ্ৰমী চৰাইৰ কল-কাকলিত মুখৰিত হৈছে জিলাখনৰ চৌপাশ। বিল-জলাশয়সমূহত সৃষ্টি হৈছে নান্দনিক পৰিৱেশৰ। পশ্চিম পাকিস্তান, লাউছ, বার্মা, ভিয়েটনাম, কম্বোডিয়া, বাংলাদেশ, শ্রীলংকা আৰু পশ্চিম ভাৰত আদি বিভিন্ন স্থানৰ পৰা জাকে জাকে অহা পৰিভ্ৰমী চৰাইৰ প্ৰাণ জুৰোৱা কলৰৱে ৮ পিঠিলৈ মুখৰিত কৰি তুলিছে জিলাখনৰ বিল-জলাশয়সমূহ। 

ইফালে, জিলাখনৰ আগিয়াত অৱস্থিত উৰপদ বিলখনৰ পদুম আৰু ভেটফুলৰ অপৰূপ নান্দনিক দৃশ্যই হাত বাউলি মাতিছে পর্যটকক। ১৭নং ৰাষ্ট্ৰীয় পথৰ নিচেই কাষতে থকা উৰপদ বিলখনক এতিয়া পদুম-ভেটফুলৰ অপৰূপ দৃশ্যই গোলাপী স্বৰ্গত পৰিণত কৰিছে। হাজাৰ হাজাৰ বিঘা মাটি সামৰি থকা জিলাখনৰ তিনিখন ডাঙৰ বিল ক্ৰমে উৰপদ বিল (২৮৩ হেক্টৰ), কুমৰী বিল (২৭৪ হেক্টৰ) আৰু হাছিলা বিল (২৪০ হেক্টৰ)ত এতিয়া বিভিন্ন পক্ষীৰ কোলাহল। এইসমূহ পৰিভ্ৰমী পক্ষীৰ উৰণ ভংগিমাই এতিয়া স্থানীয় লোকৰ লগতে প্রকৃতিপ্রেমী ৰাইজক হাত বাউল দি মতাৰ লগতে কৰি তুলিছে সকলোৰে মন পুলকিত। অৱশ্যে বিগত কেইটামান বছৰৰ পৰা জিলাখনৰ বিল-জলাশয়সমূহত পৰিভ্ৰমী পক্ষীৰ আগমন অভাৱনীয়ভাবে হ্রাস পাবলৈ ধৰা পৰিলক্ষিত হৈছে। ইয়াৰ অন্যতম প্রধান কাৰণ হৈছে জিলাখনৰ বিল-জলাশয়, সুঁতিসমূহৰ ভূমিত হোৱা অবাধ বেদখল। 

উল্লেখযোগ্য যে জিলাখনৰ নৈ, সুঁতি, বিল-জলাশয়সমূহৰ শ শ হেক্টৰ মাটি ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে। জানিব পৰা মতে জিলাখনত সৰু-সুৰা খাল-ডোবা বাদ দি প্রায় ৯২খন বিল আছে। এই বিলসমূহে জিলাখনৰ প্ৰায় ১,৬১,৫০৯ হেক্টৰ মাটিকালি দখল কৰি আছে। জিলাখনত তিনিখন ডাঙৰ বিলৰ উপৰি দুখন মধ্য আকাৰৰ বিল হল- চৌতাৰা-নাইতাৰা বিল (৭০.৩০ হেক্টৰ) আৰু পাণডোবা বিল (৬০ হেক্টৰ)। তদুপৰি জিলাখনত ২৫ৰ পৰা ৩৮ হেক্টৰ ভূমি সামৰি বিল আছে তিনিখন। ১০ৰ পৰা ২৩ হেক্টৰৰ বিল আছে প্রায় ১৯খন আৰু একৰ পৰা ৯ হেক্টৰ মাটি কালিৰ বিল আছে প্রায় ৬৫খন। জিলাখনৰ এই বিলসমূহ কেইটামান বছৰৰ আগলৈকে অসংখ্য পৰিভ্ৰমী পক্ষীৰ কাকলিয়ে মুখৰিত কৰি ৰাখিছিল।

পূৰ্বৰ তুলনাত সম্প্রতি জিলাখনলৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীৰ সংখ্যা বহু পৰিমাণে কম হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, পূৰ্বতে শীতৰ আগমনৰ লগে লগে জিলাখনৰ বিলসমূহত ছাইবেৰিয়া, অস্ট্রেলিয়া, দক্ষিণ আফ্রিকা, ঘানা, নিউবেৰিয়া, কানাডা আদি বহিঃৰাষ্ট্ৰকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ পক্ষীৰ আগমন ঘটিছিল। সমগ্র শীতকাল জিলাখনৰ বিলসমূহত জলকেলি কৰি গৰমৰ আগমনৰ লগে লগে পক্ষীবোৰ পুনৰ অন্য ঠাইলৈ গুচি গৈছিল। জিলাখনৰ বিল-জলাশয়সমূহত দেখিবলৈ পোৱা বিভিন্ন প্ৰজাতিৰ চৰাইবোৰৰ ভিতৰত পানীডুবি, ভেলা, কৈলাঙি, দৈকলা, পানীকাউৰী, মণিয়ৰী, গোবগ, পানীবগ, বৰবগ, মাজুবগ, ৱাকচৰাই, আজান, কণামুচৰি, ইটাগুড়ীয়া, নলচুপি, মাহদলা, শামুকভঙা, বৰটোকলা, হাড়গিলা, শৰালি, বৰশৰালি, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাঁহ, দীঘলনেজী, ৰঙামূৰীয়া হাঁহ, বামুণী হাঁহ, মাছৰোকা, ডাউক, দলপুঙা, বালিঘোঁৰা আদি উল্লেখযোগ্য। এই বিভিন্ন প্রজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমনে জিলাখনৰ বিল-জলাশয়সমূহত এক নান্দনিক পৰিৱেশৰ সূচনা কৰিছিল। ফলত জিলাখনত পর্যটকৰো আকর্ষণ বৃদ্ধি পাইছিল। কিন্তু সম্প্রতি এই পৰিৱেশ নাই যদিও অতি কমসংখ্যক পৰিভ্ৰমী পক্ষী এইবেলিও জিলাখনৰ বিভিন্ন বিল-জলাশয়ত আগমন ঘটা পৰিলক্ষিত হৈছে। 

উল্লেখযোগ্য যে জিলাখনৰ আটাইতকৈ ডাঙৰ বিল উৰপদ বিলত ২০২৩ বৰ্ষৰ ১৩ জানুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে পক্ষী গণনা কৰা হৈছিল। জিলা বন বিভাগৰ সহযোগত বায়' ডাইভাৰ্ছিটি বিভাগৰ দল এটাই বিলখনত উপস্থিত হৈ পক্ষী গণনা কৰিছিল। দলটোৱে পৰিভ্ৰমণ কৰি বিলখনত পানীডুবি, পানী কাউৰী, হালখেদা, আজান, বৰবগ, বামুণবগলী, গো-বগ, কণামুচৰি, শামুকভঙা, বৰটোকলা, সখিয়তী, দেওৰাজ হাঁহ, কিকি হাঁহ, দীঘলনেজী হাঁহ, ঘিলা হাঁহ, পানী ডাউক, ঢেকৰ, দলপুঙা, দল মৰা, বালি ঘোঁৰা, মাছৰোকা, বগ মাছৰোকা, বগা বালিমাহী আদিকে ধৰি ৫০ প্ৰজাতিৰ ৩,০৪৩টা পক্ষী গণনা কৰিছিল। সচেতন ৰাইজে অতিশ্রীঘ্ৰে জিলাখনৰ বিল-জলাশয়সমূহক সংৰক্ষণ কৰাৰ লগতে জৈৱ-বৈচিত্র্যৰ সুৰক্ষাৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে।

Share This