ডিজিটেল ডেস্কঃ বিনামূলীয়া পাঠ্যপুথি, ইউনিফর্ম, নিযুত মইনা, স্কুটী, চাইকেল যোগানৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আহিছে ৰাজ্য চৰকাৰে। কিন্তু ইমানবোৰ কৰিও শিক্ষাৰ্থীক মার্কশীট (প্রগ্রেছ ৰিপ'ৰ্ট কার্ড) প্ৰদান কৰিবলৈ চৰকাৰৰ হাতত নাই প্রয়োজনীয় পুঁজি।
ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ মতে প্রাথমিক স্তৰত শিক্ষাদান বিনামূলীয়া হ'ব লাগে। নতুন শৈক্ষিক বৰ্ষৰ বাবে পাঠ্যপুথি, ইউনিফর্ম বিনামূলীয়াকৈ ৫২.৯১ লাখ শিক্ষার্থীৰ বাবে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।
তেনেদৰে ইউনিফর্মো যোগান ধৰা হ'ব। বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিলেও সমগ্র শিক্ষা তথা শিক্ষা বিভাগে পুঁজিৰ অভাৱত প্রাথমিক স্তৰৰ শিক্ষাৰ্থীক অভ্যাসন আৰু মূল্যায়ন বহী যোগান ধৰিব পৰা নাছিল। এইবাৰ পুঁজিৰ অভাৱত প্ৰগ্ৰেছ ৰিপ'ৰ্ট কার্ড যোগান ধৰিব নোৱাৰি অসহায় অৱস্থা প্রকট কৰিছে সমগ্র শিক্ষা অসমে।
যাৰ ফলত অভিভাৱকে সন্তানৰ ২০২৪-২৫ শৈক্ষিক বৰ্ষটোৰ শৈক্ষিক খতিয়ান তথা সহঃ বিদ্যায়তনিক দিশত দেখুওৱা পাৰদৰ্শিতাৰ বিষয়ে জানিব নোৱাৰিব। আজি সকলো জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত, সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াসকললৈ সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালকে প্ৰেৰণ কৰা পত্ৰত প্ৰাথমিক স্তৰৰ শিক্ষার্থীসকলক ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ বাবে প্ৰগ্ৰেছ ৰিপ'ৰ্ট কার্ড পুঁজিৰ নাটনিৰ বাবে যোগান ধৰিব নোৱৰাৰ কথা অৱগত কৰিছে।
সমগ্র শিক্ষাৰ পত্ৰখনত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ত অভিভাৱক, বিদ্যালয় আৰু শিক্ষাৰ্থীৰ মাজত প্ৰগ্ৰেছ ৰিপ'ৰ্ট কার্ডে এক সমন্বয় স্থাপন কৰাৰ কথা স্বীকাৰ কৰিও পুঁজিৰ অভাৱত ৰিপ'ৰ্ট কার্ড যোগান ধৰিব নোৱাৰি অসহায় অৱস্থা ব্যক্ত কৰিবলগীয়া হৈছে। হিতাধিকাৰীৰ মাজত কোটি কোটি টকা বিতৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পুঁজি আছে যদিও শিক্ষার্থীক শৈক্ষিক বৰ্ষৰ অন্তত ৰিপ'ৰ্ট কার্ড দিবলৈহে পুঁজি নাই চৰকাৰৰ হাতত। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ যদি নিজা পুঁজি আছে তেন্তে সেই পুঁজিৰে শিক্ষাৰ্থীক বিদ্যালয়খনক ৰিপ'ৰ্ট কার্ড প্রদান কৰিবলৈ সমগ্র শিক্ষাৰ পৰা পৰামৰ্শ দিয়া হৈছে। অৱশ্যে যদি পঞ্চম আৰু অষ্টম শ্ৰেণাৰ কোনো শিক্ষার্থীয়ে বিদ্যালয় এৰি আন বিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰে তেন্তে তেনে শিক্ষার্থীৰ বাবে আগৰ ৰৈ যোৱা প্ৰগ্ৰেছ ৰিপ'ৰ্ট কার্ড ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে সমগ্র শিক্ষাই।
উল্লেখযোগ্য যে প্রতি বছৰে বছেৰেকীয়া পৰীক্ষাৰ অন্তত শিক্ষার্থীয়ে দিয়া পৰীক্ষা তথা সহঃ বিদ্যায়তনিক দিশসমূহ মূল্যায়ন কৰি একোখনকৈ প্ৰগ্ৰেছ ৰিপ'ৰ্ট কার্ড দি অহা হৈছিল। বছেৰেকীয়া পৰীক্ষাসমূহ হৈ আছে বা কোনো কোনো বিদ্যালয়ত শেষ হৈছে। শিক্ষা মন্ত্ৰীয়ে পুঁজিৰ অভাৱত শিক্ষাৰ্থীক অভ্যাসন বহী আৰু মূল্যায়ন বহী যোগান ধৰিব নোৱৰাৰ কথা স্বীকাৰ কৰি মন্তব্য কৰিছিল যে পুঁজি থাকিলে এইসমূহ যোগান ধৰিব পৰা যাব। এতিয়া পুঁজিৰ অভাৱত অভিভাৱকে নিজ সন্তানে শৈক্ষিক ক্ষেত্রত বছৰটোত প্ৰদৰ্শন কৰা সফলতা বা বিফলতাৰ খতিয়ান চাবলৈ শিক্ষার্থীসকলক মার্কশীট বা প্ৰগ্ৰেছ ৰিপ'ৰ্ট কার্ড যোগান ধৰিব নোৱৰা অৱস্থা ফাদিল হৈছে। এতিয়া শিক্ষা মন্ত্রীয়ে ইয়াৰ কি ব্যাখ্যা দিব সেয়া লক্ষণীয় হ'ব।