দেশে-বিদেশে পুৰস্কাৰ বুটলিছে অসমীয়া কাহিনী চিত্র 'ঝংকাৰ'-এ

Kakali Deka October 05, 2025

ডিজিটেল ডেস্কঃ ড° জয়ন্তী চুতীয়াৰ কাহিনী আৰু প্রযোজনাৰে হেমচন্দ্ৰ বৰা পৰিচালিত অসমীয়া কাহিনী চিত্র 'ঝংকাৰ-The Melody of Resonance'-এ সম্প্রতি দেশে-বিদেশে অনুষ্ঠিত বিভিন্ন প্রতিযোগিতাত সন্মান বুটলিবলৈ সক্ষম হৈছে। আমালৈ অহা শেহতীয়া খবৰ মতে, 'ঝংকাৰ'-এ মুম্বাই আন্তর্জাতিক চলচ্চিত্র পুৰস্কাৰ ২০২৫ ত হেমচন্দ্ৰ বৰালৈ বৰ্ষটোৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, ড° জয়ন্তী চুতীয়ালৈ আগবঢ়াইছে বৰ্ষটোৰ শ্রেষ্ঠ কাহিনীকাৰ বঁটা।

আনহাতে, ভাৰত উত্তৰ-পূৰ্বাঞ্চল আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত হেমচন্দ্ৰ বৰাক দ্বিতীয় শ্রেষ্ঠ পৰিচালক, অনিন্দিতা ৰুদ্ৰজক শ্রেষ্ঠা অভিনেত্রী বঁটাৰে সন্মানিত কৰিছে। ইয়াৰ পূর্বেও 'ঝংকাৰ'-এ বার্লিন কিটজ মহোৎসৱত ক্ৰমে শ্রেষ্ঠ চলচ্চিত্র, শ্রেষ্ঠ পৰিচালক, শ্রেষ্ঠ সংগীত আৰু পৰিয়াল আৰু শিশুৰ বন্ধুত্বপূৰ্ণ চলচ্চিত্র শিতানত শ্রেষ্ঠ চলচ্চিত্ৰৰ চাৰিটাকৈ বঁটা লাভ কৰিছিল। কলকাতাৰ নন্দনত অনুষ্ঠিত 'দশম দুর্গাপুৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ'ত সদানন্দ গগৈলৈ শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা আৰু ঝংকাৰলৈ Remarkeble Artistic Achievement শিতানত জুৰীৰ বিশেষ বঁটা আগবঢ়োৱা হৈছিল।

১৬সংখ্যক জয়পুৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ কাহিনী শিতানত জুৰীৰ বিশেষ বঁটাৰে কাহিনীকাৰ ড° জয়ন্তী চুতীয়াক সন্মানিত কৰিছিল।

Share This