এইবাৰ লগালে নাৰ্ছিং ইনষ্টিটিউটৰ ফলক, পুনৰ চৰ্চালৈ বিৰলা কোম্পানীৰ একালৰ প্লাইউড কাৰখানা

dainik janambhumi April 06, 2026

ডিজিটেল ডেস্ক: এসময়ৰ এছিয়া মহাদেশৰ সৰ্ববৃহৎ প্লাইউড কাৰখানা হিচাপে পৰিগণিত হোৱা মৰিয়নিৰ গৌৰৱ বিৰলা ফেক্টৰী নামে খ্যাত উড ক্রাফট আছাম এতিয়া ভূত বাংলাত পৰিণত হ'ল। 

উচ্চতম ন্যায়ালয়ৰ এক নির্দেশনাৰ পাছত নব্বৈ দশকৰ মাজভাগতে বন্ধ কৰি দিয়া হ'ল কাৰখানাটো। মৰিয়নি নগৰৰ মাজমজিয়াত অৱস্থিত এই কাৰখানাটোৱে মৰিয়নিৰ লগতে ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহৰ আৰ্থ-সমাজিক উন্নয়নত ইতিবাচক প্রভাৱ পেলাই আহিছিল। কিন্তু বিগত প্রায় তিনিটা দশক মৰিয়নিৰ বাবে এক অভিশাপত পৰিণত হৈছে এই কাৰখানাটো। কাৰণ নগৰখনত মাজমজিয়াৰ এক বৃহৎ অঞ্চল আগুৰি থকা এই কাৰখানাটোৰ পৰিত্যক্ত চৌহদে এতিয়া নগৰখনৰ সামগ্রিক উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। 

উল্লেখযোগ্য যে দেশৰ প্ৰতিষ্ঠিত ব্যাৱসায়িক গোষ্ঠী বিৰলা কোম্পানীয়ে মৰিয়নি নগৰত এই বৃহৎ প্লাইউড কাৰখানটো স্থাপন কৰিছিল। সোনোৱাল চাহ বাগিচাৰ কেইবা শ বিঘা মাটি দীর্ঘদিনৰ বাবে লীজত লৈ স্থাপন কৰিছিল বৃহৎ কাৰখানাটো। কালক্ৰমত এই কাৰখানাই সমগ্র দেশতে নাম উজলাবলৈ সক্ষম হ'ল। কিন্তু উচ্চতম ন্যায়ালয়ৰ এক নির্দেশনাৰ পাছত বন্ধ হৈ যোৱা কাৰখানাটো তেনেকৈয়ে পৰি থাকিল। 

শ্রমিক-কর্মচাৰীসকলৰ একাংশক অন্য ঠাইলৈ বদলি কৰাৰ লগতে আন একাংশক বাধ্যতামূলক অৱসৰ দিয়া হয়। একেদৰে আন একাংশই স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। আৱাসিক কলনীও সেইদৰেই থাকি গ'ল। পৰৱৰ্তী সময়ত বৃহৎ চৌহদেৰে আৱৰা কাৰখানাটোক লৈ বিভিন্ন সময়ত নানান গুজব ওলাল। কিন্তু মৰিয়নিৰ অর্থনীতিৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি অহা আৰু সম্প্রতি বন্ধ হৈ পৰা এই কাৰখানাটোৰ স্থানত অন্য কাৰখানা খোলাৰ কোনো ব্যৱস্থাই নল'লে। মাজে-সময়ে দুই-এটা দাবী উত্থাপন হ'লেও সেয়াই কোনো কাম নিদিলে। 

কেইবছৰমানৰ পূৰ্বে বর্ধিত যান-জট পাতলাবৰ বাবে কাৰখানাটোৰ চৌহদতে এক পার্কিং স্থান স্থাপনৰ বাবে ভূমি বিচাৰি মৰিয়নি নাগৰিক সমাজে কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু তেওঁলোকে মাটি এৰি দিবলৈ আগ্রহ প্রকাশ নকৰিলে। সেই বিষয়ে অবগত হৈয়েই তেতিয়া ততালিকে কোম্পানীটোৰ স্থানীয় কর্তৃপক্ষই সেই স্থানত সৰলা বিৰলাৰ নামত এক আবাসিক স্কুল খোলা হ'ব বুলি ফলক আঁৰিছিল। মৰিয়নিবাসীয়েও তাত বিকল্প কিবা এটা হোৱাৰ আশা কৰিছিল। কিন্তু সেয়া যে মৰিয়নিবাসীক আভুৱা ভাঁৰিবলৈহে আছিল কিছুদিনৰ পাছতেই সেয়া স্পষ্ট হৈ পৰিল। কোনো আৱাসিক স্কুল হোৱাটো বাদেই, সেই স্থানত আন একোৱেই গঢ়ি নুঠিল। কর্তৃপক্ষই চাহপাতৰ এটা সৰু বটলিফ ফেক্টৰী খুলি দায়িত্ব সামৰিলে। জয়শ্রী টী কোম্পানীৰ অধীনৰ মেলেং চাহ বাগিচাৰ চাহ ফেক্টৰী বুলি ফলক আঁৰিছিল। পাছত সেই ফেক্টৰীটোও বেলেগ বেপাৰীক লীজত দিব লগা হ'ল। কিন্তু এতিয়া সেই ফেক্টৰীটোও বন্ধ হৈ আছে। ইফালে, বছৰ চেৰেক পূর্বে সোনোৱাল চাহ বাগিচাৰ সৈতে বিৰলা কোম্পানীৰ থকা লীজৰ ম্যাদ সমাপ্ত হোৱা বুলি নগৰখনত এক চৰ্চা আৰম্ভ হৈছিল। আনকি, সেই সময়তে কোম্পানীৰ চৌহদৰ ভিতৰত সোনোৱাল চাহ বাগিচা কর্তৃপক্ষই মাটিখিনি সোনোৱাল চাহ বাগিচাৰ বুলি কেইবাখনো ফলক আঁৰিছিল। তেতিয়াই এই মাটিখিনি চৰকাৰে অধিগ্রহণ কৰি উদ্যোগ স্থাপন কৰিব পৰা যায় নেকি তাক লৈও সমানে আলোচনা-বিলোচনা হৈছিল। 

যোৱা ২০২১ চনৰ মৰিয়নি উপ-নির্বাচনৰ সময়ত মন্ত্রী পীয়ূষ হাজৰিকাই অঞ্চলটো পৰিভ্ৰমণ কৰি বুজ লৈছিল যদিও মাটিখিনি ব্যক্তিগত কোম্পানীৰ অধীনত থকা বুলি জানিব পাৰি আৰু অলপো আগনাবাঢ়িল। মৰিয়নি সমষ্টিৰ পাঁচ বাৰৰ জয়ী বিধায়ক ৰূপজ্যোতি কুর্মিয়ে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলত থাকি বিধায়ক হ'ল যদিও আজিলৈকে এইখিনি মাটিক লৈ একো এটাও কৰিব নোৱাৰিলে। এতিয়া আকৌ নির্বাচন আহিছে। বিছ বছৰে একো এটা কৰিব নোৱাৰা বিধায়ক ৰূপজ্যোতি কুৰ্মিয়ে এইবাৰ বিৰলা কোম্পানীৰ এই মাটিখিনিক লৈ নতুন নাটক আৰম্ভ কৰিছে। ভোটাৰৰ মাজত বিলাই ফুৰা নিৱেদন পত্ৰত ৰূপজ্যোতি কুর্মিয়ে এই মাটিখিনিত নতুন উদ্যোগ স্থাপন কৰাৰ প্রতিশ্রুতি দিছে। অর্থাৎ নগৰবাসীক আকৌ নতুন টুপী পিন্ধাব খুজিছে ৰূপজ্যোতি কুৰ্মিয়ে। আনকি দলটোৰ একাংশ পালিনেতাই এই বিষয়ে জিলা উদ্যোগ কেন্দ্ৰৰ সৈতে আলোচনা কৰা বুলিও ৰাইজক আভুৱা ভাঁৰিছে। 

ইফালে, আমোদজনকভাৱে এই মাটিখিনিক লৈ চৰ্চা আৰম্ভ হোৱাৰ সময়তে বিৰলা কোম্পানীৰ কৰ্তৃপক্ষই কৌশলেৰে চৌহদৰ সৰ্বত্রে নাৰ্ছিং স্কুল খোলা হ'ব বুলি নতুনকৈ ফলক আঁৰে। বি কে বিৰলা গ্ৰুপ অব কোম্পানীজৰ 'ছাইট ফৰ বিৰলা নাৰ্ছিং ইনষ্টিটিউট' বুলি লিখা ফলকে এতিয়া ভৰি পৰিছে গোটেই চৌহদ। অর্থাৎ আন এক নতুন নাটক বিৰলা কোম্পানীৰ। এতিয়া প্রশ্ন হয়- প্রকৃততে মাটিখিনি কাৰ অধীনত আছে? সোনোৱাল চাহ বাগিচাই নিজৰ মাটি বুলি ফলক আঁৰাৰপাছত সেইখিনি মাটিত বিৰলা কোম্পানীয়ে নাৰ্ছিং ইনষ্টিটিউট খোলাৰ ফলক আঁৰিলে কেনেকৈ? এই বৃহৎ মাটিখিনি বর্তমান কাৰ অধীনত আছে, সেয়া স্পষ্টভাৱে জানিব পৰা নগ'ল। গোটেই বিষয়টোৱেই এতিয়া ৰহস্যৰ মাজত আছে।

Share This