ডিজিটেল ডেস্ক: নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে দৈগ্ৰোং নৈৰ পাৰ। খুমটাই সমষ্টিৰ মুৰফুলনীৰ লেতেকুবস্তিত উদুলি-মুদলি পৰিৱেশ।আজিৰে পৰা আৰম্ভ হ’ব মুৰফুলনীৰ লেতেকুবস্তিত খুমতাই গছ আৰু ফুলৰ উৎসৱ। নানাৰঙী বিভিন্ন প্ৰজাতিৰ ফুল আৰু চিনাকী-অচিনাকি গছপুলিৰে উপচি পৰিছে দৈগ্ৰোং নৈৰ পাৰ।
আজিৰে পৰা আৰম্ভ হ’ব চাৰি দিনীয়াকৈ মুৰফুলনীৰ লেতেকুবস্তিত অনুষ্ঠিত কৰা খুমটাই গছ আৰু ফুলৰ উৎসৱ। যাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।
কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকাই শুভ উদ্বোধন কৰিব খুমতাই গছ আৰু ফুলৰ উৎসৱ। ৰমকজমক ফুলৰে সুশোভিত এই উৎসৱে ৰাইজৰ মন আনন্দিত কৰি তুলিছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল