ডিজিটেল ডেস্ক : এক অভূতপূর্ব গ্রীষ্ম প্ৰৱাহে সমগ্র ইউৰোপৰ জনজীৱনক প্রভাৱিত কৰিছে আৰু মহানগৰসমূহৰ জনসাধাৰণ সংকটৰ সন্মুখীন হৈছে। পেৰিছত প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ ৰে'ড এলার্ট জাৰি কৰা হৈছে। স্পেইনত অভাৱনীয়ভাৱে উষ্ণতা বৃদ্ধি পাইছে। পৰ্টুগালতো গৰমে অভিলেখ গঢ়িছে। গ্রীষ্ম প্ৰৱাহৰ বাবে সৃষ্টি হোৱা বনজুয়ে ১০ হাজাৰ লোকক স্থানচ্যুত কৰিছে। সমগ্র দক্ষিণ ইউৰোপত অতিপাত গৰমে দহাৰ ফলত স্বাস্থ্য বিষয়ক জৰুৰী পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু পৰিৱেশগত বিসংগতিৰ উদ্ভৱ হৈছে।
সমগ্র ভূমধ্য সাগৰীয় অঞ্চলটোত গ্রীষ্মৰ প্ৰথমটো প্রৱাহে জোকাৰি যোৱাৰ বাবে জুন মাহত অভিলেখ সংখ্যক তাপমাত্রা হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰীয় বতৰ সেৱাই জাৰি কৰা সতৰ্কবাণীত পেৰিছত হাই এলার্ট জাৰি কৰিছে। জুনৰ শেহতীয়া সময়ত পেৰিছৰ তাপমাত্ৰাই ৪১ ডিগ্রী চেলছিয়াছ অভিলেখ গঢ়িছে। এই অতিপাত তাপমাত্ৰাৰ বাবে পেৰিছত প্ৰদূষণ সৃষ্টি কৰা বাহনসমূহ পথত নিষিদ্ধ কৰা হৈছে।
তুৰস্কত বনজুইৰ বাবে ইজমীৰ প্ৰদেশ পৰা ৫০ হাজাৰ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছে। প্রচণ্ড গৰমৰ বাবে বিভিন্ন ইউৰোপীয় চহৰত ব্যৱস্থা লোৱা হৈছে- মার্শ্বেচেলেত বিনামূলীয়াকৈ ছুইমিং পুলৰ ব্যৱস্থা, বৰদেওক্সত পাৰ্কৰ ভ্ৰমণৰ সময় বৃদ্ধি আৰু ডেনিচত বয়স্কসকলৰ শীত-তাপ নিয়ন্ত্রিত মিউজিয়ামত ভ্রমণ আদি।আইবেৰিয়াৰ পেনিনচুলাত গৰমে সর্বকালৰ অভিলেখ ভংগ কৰে। স্পেইনত ৪৬ ডিগ্রী চেলছিয়াছ, পৰ্টুগালত ৪৬.৬ ডিগ্রী চেলছিয়াছ তাপমাত্রা জুনৰ শেহৰফালে হয়। ফ্রান্স চৰকাৰে ১৩০০ স্কুল বন্ধ ৰাখিছে অথবা সীমিত পৰিসৰত চলাই আছে। ফ্রান্সত মঙলবাৰ আৰু বুধবাৰে তাপমাত্রা অধিক বৃদ্ধিৰ আগজাননী দিয়া হৈছে। তদুপৰি, ৰোম, মিলান, পলেৰম' আৰু ভেৰ'নাকে ধৰি ১৮খন ইউৰোপীয় মহানগৰত হাই এলার্ট জাৰি কৰা হৈছে। তদুপৰি, পূব দিশৰ ক্ৰৱেছিয়া, মনটেনিগ্র' আৰু চার্বিয়াত অধিক গৰমৰ বাবে চৰকাৰে পৰামৰ্শাৱলী জাৰি কৰিবলগা হৈছে। চার্বিয়াত প্রবল খৰাঙৰ সৃষ্টি হৈছে। স্বাভাৱিক অৱস্থাত তুলনামূলকভাৱে শীতপ্রধান অঞ্চলসমূহতো তাপমাত্রা অস্বাভাৱিক ধৰণে বৃদ্ধি পাইছে। ব্রিটেইনৰ লণ্ডনত তাপমাত্রা ৩৪ ডিগ্রী চেলছিয়াছ আৰু উইম্বলডনত ৩১.৪ ডিগ্রী চেলছিয়াছ হৈছে। 'এইটো স্বাভাৱিক নহয়' স্পেইনৰ মাদ্রিদৰ ফটোগ্ৰাফাৰ ডিয়েগ' ৰাডামেছে কয়। প্রতি বছৰে তাপমাত্রা বৃদ্ধি পাইছে আৰু সমগ্র ইউৰোপৰ বাবে এয়া এক অশনি সংকেত।
সমগ্র ইউৰোপীয় লোককে প্রতিনিধিত্ব কৰা এজন লোকৰ এই শংকাভৰা ভাষ্য। উল্লেখযোগ্য যে জলবায়ু বিজ্ঞানীসকলে সতর্কবাণী দি আহিছে যে গোলকীয় উষ্ণতা বৃদ্ধিয়ে অতিপাত গ্রীষ্ম প্রৱাহক দীর্ঘদিন ৰাখিব। তদুপৰি গ্ৰীষ্ম প্ৰৱাহ শক্তিশালী আৰু অধিক বিপজ্জনক হ'ব।