ঐতিহাসিক চামধৰা গড় সন্দেহজনক লোকৰ দখলত

dainik janambhumi June 26, 2025

ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত আহোম ৰাজত্বকালৰ শৌর্য-বীৰ্যৰ প্ৰতীক তথা অসমৰ চীনৰ প্ৰাচীৰ চামধৰা গড়ত চলিছে এতিয়া সন্দেহজনক লোকৰ বেদখল। উল্লেখযোগ্য যে চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ ননৈৰ সমীপৱৰ্তী তথা নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী সদাশিৱ পাহাৰৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ সিপাৰ পৰ্যন্ত সুদীর্ঘ অঞ্চলব্যাপী ১৬১৬ চনত (১৫৩৮ শকত) স্বৰ্গদেউ প্রতাপ সিংহই নিৰ্মাণ কৰিছিল চামধৰা গড়টো।

আহোম স্বৰ্গদেউৱে সুপৰিকল্পিতভাৱেই শত্রুক বাধা দিবৰ বাবেই এই গড় নির্মাণ কৰিছিল। পৰৱৰ্তী সময়ত গড়টো স্থানীয় লোক মাজত বুঢ়া-বুঢ়ী গড় নামেৰে জনাজাত হোৱাৰ উপৰি কিছু সংখ্যক লোকে ভীমৰ আলিও বুলি কয়। আহোম সাম্ৰাজ্যৰ অন্যতম ৰক্ষাকবচ ৰূপে পৰিগণিত হোৱা অভেদ্য প্ৰাচীৰসদৃশ চামধৰা গড়টোত তুৰ্বকৰ লগত আহোম সেনাৰ থৈয়া-নথৈয়া হোৱা যুদ্ধত আহোম সেনাৰ সাতজনকৈ সেনাপতিয়ে দেশ ৰক্ষাৰ বাবে যুদ্ধত প্রাণ আহুতি দিছিল। পৰৱৰ্তী সময়ত আহোম ৰাজত্ব লোপ পোৱাত পর্যায়ক্রমে ঐতিহাসিক গড়টোত বেদখল চলে। পৰৱৰ্তী সময়ত আহোম ৰাজত্ব লোপ পোৱাত আৰু চৰকাৰৰ উদাসীনতাত পর্যায়ক্রমে ঐতিহাসিক গড়টোত বেদখল চলাই সন্দেহজনক লোকে।

গড়টোৰ ওপৰত থকা মূল্যবান চেগুন গছসমূহো দুষ্কৃতিকাৰীয়ে ধাৰাবাহিকভাৱে কাটি তহিলং কৰিছিল। বৰ্তমান গড়টোত সন্দেহজনক লোকে বহু বছৰ ধৰি কাটি সংকুচিত কৰাৰ উপৰি পকী ঘৰ, বিজুলী সংযোগ লৈ শ-শ লোকে গাঁও পাতি খেতি-বাতি কৰি বেদখল কৰিছে। চামগুৰি ৰাজহ চক্ৰৰ পোতা কলং বিলৰ পাৰে পাৰে বগৰীজাৰণি নামৰ ঠাইত আঢ়ৈ কিল'মিটাৰ অঞ্চলত সন্দেহজনক লোকে বেদখল কৰিছে গড়টোত। আনহাতে একাংশ চাহ বাগিচাৰ কর্তৃপক্ষয়ো এই গড়টোৰ ভূমি বেদখল কৰি বাগান খুলি চৰকাৰী ভূমি অধিগ্রহণ কৰিছে।

ৰঙাগড়াত চাৰিশাৰীযুক্ত ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৱে ৰঙাগড়াত দুভাগ কৰা গড়টোৰ কাষত যোৱা ৩০ জানুৱাৰীত প্রত্নতাত্ত্বিক বিভাগৰ মন্ত্ৰী যোগেন মহনে চামধৰা গড়টোৰ সংৰক্ষণৰ হেতু ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশত পকী বেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ পাছতে মন্ত্রী যোগেন মহনে গড়টো বেদখলমুক্ত কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছিল। তেওঁ সংবাদ মাধ্যমৰ যোগেদি কৈছিল গড়টো বেদখল হৈ থকা বুলি আমাক জনাইছে। আমি চৰকাৰৰ লগত কথা পাতিম। আমি এনেকুৱা পৌৰাণিক কীৰ্তিচিহ্ন অসমীয়াৰ শৌর্য-বীৰ্যৰ প্রতীক এই গড়টোৱে যুদ্ধৰ সময়ত লোৱা ভূমিকা আমি সকলোৱে জানোঁ। ইয়াক সংৰক্ষণ কৰাৰ দায়িত্ব আছে আমাৰ চৰকাৰৰ। আমি ৰাজহ বিষয়াক জৰীপ কৰিবলৈ দিম; কিমান বেদখল হৈ আছে। আমি ৰাজহ বিভাগৰ পৰা এই উচ্ছেদ কৰিব লাগিব। কাৰণ আমাৰ অসমীয়া জাতিৰ কথা আছে; সন্মানৰ কথা আছে; গতিকে চৰকাৰে কোনো ক্ষেত্রত আপোচ নকৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউতো ৰাইজে স্ব-ইচ্ছাৰে এৰি দিছে। কোনোবাই যদি বেদখল কৰি ৰাখিছে আমি তেওঁলোকক স্ব-ইচ্ছাৰে এৰি দিবলৈ আহ্বান জনাম; কাৰণ এইটো অসমৰ উঠি অহা প্ৰজন্মৰ সম্পদ বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।

মন্ত্রী যোগেন মহনে সংবাদ মাধ্যমৰ যোগেদি বেদখলকাৰীক উচ্ছেদ কৰি ঐতিহাসিক গড়টোক সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছিল যদিও পাঁচ মাহে কার্যত পৰিণত নহ'ল মন্ত্ৰীৰ কথা। এইক্ষেত্রত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় সচেতন ৰাইজে। সন্দেহ জনক লোকসকলৰ কবলৰ পৰা আহোম সাম্ৰাজ্যৰ ঐতিহ্যৰ প্রতীক ঐতিহাসিক গড়টোক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীক আহবান জনাইছে স্থানীয় সচেতন ৰাইজে।

Share This