ডিজিটেল ডেস্ক: গুৱাহাটীৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাৰ্যালয়ত ২০২১-২০২২ বৰ্ষৰ মিডিয়া ফেল'শ্বিপ প্রাপকসকলক প্ৰদান কৰা হয় মানপত্র। লগতে জনোৱা হয় সম্বর্ধনাও। ২০২১-২০২২ বৰ্ষৰ মুঠ ২০জন সাংবাদিকক তেওঁলোকৰ উৎকৃষ্ট গৱেষণা-পত্ৰৰ বাবে বিভাগৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিল। বুধবাৰে সেই ২০জন সাংবাদিক, সংবাদকর্মীক এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রদান কৰা হয় এই মানপত্ৰসমূহ।
অনুষ্ঠানত প্রাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি শৰ্মা, দৈনিক জনমভূমিৰ জ্যেষ্ঠ উপ-সম্পাদক কিশোৰ গোস্বামী, সাংবাদিক পল্লৱী বৰা, জ্যেষ্ঠ সাংবাদিক মনোৰঞ্জন কলিতা, অপু ভৰদ্বাজ, নূপুৰ বৰুৱা, মানসী দত্ত, অনুভৱ পৰাশৰ, ভাৰ্গৱ হাজৰিকা, মুকুন্দ মাধৱ নেওগক সম্বর্ধনাৰ লগতে প্রদান কৰা হয় একোখনকৈ মানপত্র।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালকদ্বয় দীপক বসুমতাৰী আৰু এমিলি বৰুৱা, যুটীয়া সঞ্চালক ৰাজীৱ শইকীয়া, উপ-সঞ্চালক ৰতন সাউদ, জনসম্পৰ্কৰক্ষী বিষয়া মঞ্জুৰাণী ডেকা।
উল্লেখযোগ্য যে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা নিৰ্বাচিত মিডিয়া ফেল'শ্বিপপ্রাপক এই ২০জন সাংবাদিকক প্রদান কৰা হৈছিল ৫০,০০০কৈ টকা। সাংবাদিকসকলে অধ্যয়ন আৰু গৱেষণাৰ অন্তত প্রস্তুত কৰা এই গৱেষণা-পত্ৰসমূহ অনাগত সময়ত এক আপুৰুগীয়া সম্পদ হোৱাৰ লগতে গৱেষণাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই অধ্যয়ন-পত্রসমূহ অন্যতম সমল হ'ব বুলি মন্তব্য কৰে বিভাগৰ অতিৰিক্ত সঞ্চালক দীপক বসুমতাৰীয়ে।