ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল আৰু ৰহস্যজনক মৃত্যুৰ তদন্ত চলোৱা এছ আই টিয়ে অহা ১২ ডিচেম্বৰত অভিযোগনামা দাখিল কৰিবলৈ সাজু হৈছে। ইতিমধ্যে এই গোচৰৰ তদন্ত প্রায় শেষ পর্যায়ত উপনীত হৈছে। কালি এই কথা ঘোষণা কৰিলে এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাই। এক সংবাদমেলযোগে কালি তেওঁ অসমীয়াৰ হার্টথ্রব জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত হোৱা মৃত্যুৰ আঢ়ৈ মাহজোৰা তদন্ত প্রক্রিয়া এছ আই টিয়ে প্রায় সম্পূৰ্ণ কৰা বুলি প্ৰকাশ কৰি অহা ১২ ডিচেম্বৰত অভিযোগনামা দাখিল কৰিব বুলি ঘোষণা কৰে। এই গোচৰত এইপর্যন্ত ৭জন লোকক গ্ৰেপ্তাৰ কৰা বুলি তেওঁ প্রকাশ কৰে।
আনহাতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰৰহে অভিযোগনামা আদালতত দাখিল কৰা হ'ব বুলিও তেওঁ প্রকাশ কৰে। অৱশ্যে এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা আনটো গোচৰ ১৯/২০২৫ৰ তদন্ত অব্যাহত থাকিব বুলিও এছ আই টিৰ মুৰব্বীজনে প্রকাশ কৰে। জ্যেষ্ঠ আৰক্ষী বিষয়াজনে প্রকাশ কৰে যে উৎসৱৰ আয়োজক শ্যামকানু মহন্তৰ সৈতে জড়িত আর্থিক জালিয়াতিৰ অভিযোগ সম্পূর্ণ পৃথক তদন্তৰ অংশ। এই অংশৰো তদন্ত এতিয়া চলি আছে বুলি উল্লেখ কৰি আৰ্থিক জালিয়াতিৰ গোচৰটোৰ সৈতে মৃত্যুৰ গোচৰৰ কোনো সম্পর্ক নাই। নির্দিষ্ট সময়সীমাৰ পূৰ্বে অভিযোগনামা সম্পূর্ণ কৰি দাখিল কৰাৰ বাবে তদন্তকাৰীয়ে ২৪ ঘণ্টাই কাম কৰি আছে বুলিও কয়।
উল্লেখযোগ্য যে গোচৰটোৰ তদন্ত সম্পূৰ্ণ কৰি আদালতত অভিযোগনামা দাখিল কৰাৰ বাবে ১৮ ডিচেম্বৰ শেষ সময়সীমা। আনহাতে প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰাৰ সময়ত এছ আই টিয়ে এইপর্যন্ত ৩ শতাধিক লোকৰ সাক্ষ্য গ্রহণ কৰা বুলিও তেওঁ প্রকাশ কৰে। এছ আই টিৰ মুৰব্বী মুন্না প্রসাদ গুপ্তাই তদন্ত প্রায় সম্পূর্ণ হৈছে যদিও সবিশেষ অভিযোগনামাত দাখিল কৰা হ'ব বুলি কয়। অভিযোগনামা আদালতত দাখিল কৰাৰ পূৰ্বে তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সম্পৰ্ক থকা অধিক তথ্য ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰি তেওঁ কয় যে অভিযোগনামা দাখিল কৰাৰ পাছত এই বিষয়ত অধিক কথা জনাব পৰা যাব বুলিও কয়। প্রণিধানযোগ্য যে শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা এছ আই টিয়ে প্রায় ৩,৫০০ পৃষ্ঠাৰ অভিযোগনামা প্রস্তুত কৰা বুলি প্রকাশ কৰে। আনহাতে ৬ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰৰ ভিতৰত আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা থকাৰ কথাও সদৰী কৰি নিৰ্দিষ্ট তাৰিখটো নি এছ আই টিয়ে সংবাদমেল দি ঘোষণা কৰিব বুলিও সদৰী কৰিছিল।
উল্লেখযোগ্য যে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকা অৱস্থাত অকাল মৃত্যু হৈছিল হার্টথ্রব জুবিন গাৰ্গৰ। শ্যামকানু মহন্তৰ নেতৃত্বত ছিংগাপুৰত আয়োজন হোৱা নর্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ বাবে তেওঁ ছিংগাপুৰলৈ গৈছিল। ১৯ ছেপ্টেম্বৰত প্ৰৱাসী অসমীয়াই আয়োজন কৰা এটা য়ট পার্টিত অংশ ল'বলৈ গৈছিল প্ৰাণৰ শিল্পীজন। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছিল। ৰাজ্যৰ প্রান্তে প্রান্তে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। জুবিন গাৰ্গৰ বিয়োগৰ পাছতে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাই জনৰোষৰ আশংকাত আত্মগোপন কৰিছিল। কিন্তু ১ অক্টোবৰৰ পুৱাইি ১৩ দিন ধৰি আত্মগোপন কৰি থকা শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল। ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হোৱাৰ সময়তে নিশা ১২-৩০ বজাত শ্যামকানু মহন্তক আৰু গুৰগাঁৱৰ পৰা নিশা ১-৩০ বজাত সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত ২ অক্টোবৰত জুবিন গাৰ্গৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী, সহঃ গায়িকা অমৃতপ্রভা মহন্ত, ৮ অক্টোবৰত জুবিন গাৰ্গৰ ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গক আৰু ১০ অক্টোবৰত জুবিন গাৰ্গৰ ব্যক্তিগত দেহৰক্ষীদ্বয় নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ উ কৰা হৈছিল। সম্প্রতি গোটেইকেইজন অভিযুক্ত কাৰাবন্দী হৈ আছে।