অন্ত পৰিল জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ তদন্ত

Kakali Deka February 07, 2024

ডিজিটেল ডেস্ক: কাৰ্যতঃ অন্ত পৰিল জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ তদন্ত৷ জাল চপালে চিবিআই-এ৷ কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআই-এ এছ আই জোনমণি ৰাভাৰ কৰুণ মৃত্যুৰ তদন্ত সমাপ্ত কৰি প্ৰকাশ কৰিছে দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন৷ 

জোনমণিৰ মৃত্যুৰ কাৰণ পথ দুৰ্ঘটনাহে, আশংকা কৰা ধৰণে সেয়া হত্যা বা আত্মহত্যাৰ ঘটনা নাছিল৷ চিবিআই-এ নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰা তিনিটা গোচৰৰ চূড়ান্ত প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য৷ তদন্ত সামৰি এতিয়া দিল্লীলৈ উভতি যাব চিবিআইৰ তদন্তকাৰী বিষয়াৰ দল৷

উল্লেখযোগ্য যে অসম আৰক্ষীৰ এগৰাকী মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাই ২০২৩ৰ ১৬ মে‘ত নগাঁও জিলাত তেওঁৰ গাড়ী আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল। কলিয়াবৰ উপ-সংমণ্ডলৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত সৰুভগীয়া গাঁৱত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল৷ 

গোচৰটোৰ তদন্তৰ দায়িত্ব লৈ চিবিআই-এ নিৰ্ধাৰণ কৰিছিল যে এছআই জোনমণিৰ মৃত্যু দুৰ্ভাগ্যজনক দুৰ্ঘটনাটোৰ বাবেহে সংঘটিত হৈছিল৷ সংস্থাটোৱে হত্যাকাণ্ড বা আত্মহত্যাৰ কথা অস্বীকাৰ কৰিছে।

উল্লেখ্য যে তদন্তৰ প্ৰতিবেদনত কাকো দোষী সাব্যস্ত কৰা নাই তদন্তকাৰী সংস্থাটোৱে। পূৰ্বতে বিভিন্ন অভিযোগ উত্থাপন হোৱা আৰক্ষী অধীক্ষক লীনা দলে, ৰূপজ্যোতি কলিতা, মনোজ ৰাজবংশী আৰু আভাজ্যোতি ৰাভাৰ বিৰুদ্ধেও কোনো প্ৰমাণ পোৱা নাই চিবিআই-এ৷

আৰু, চিবিআইৰ প্ৰতিবেদন খবৰ সম্প্ৰচাৰ হোৱাৰ পাছত সংবাদ মাধ্যমত মুখ খুলিছে জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই৷ জোনমণিৰ মাতৃগৰাকীয়ে কয়, আজি মোৰ ক’বলৈ কোনো ভাষা নাই৷ চিবিআই-এ যি কৈছে মই মানি ল’ব নোৱাৰোঁ৷ মইনো কি কৰিম, দেখা নাপালোঁ দুৰ্ঘটনাটো৷ মোৰ ছোৱালীয়ে যদি ভুল কৰিছিল জে’লত ভৰাব লাগিছিল৷

নিজকে বহুত অকলশৰীয়া অনুভৱ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয়, আৰক্ষীয়ে যদি গুৰুত্ব দিলেহেঁতেন এনেকুৱা ঘটনা নহ’লহেঁতেন৷

Share This