ডিজিটেল ডেস্ক: গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু নন্দিনী আলোচনীৰ সহযোগত শুকুৰবাৰে প্ৰেছ ক্লাবৰ বাকৰিত অনুষ্ঠিত হ'ল প্রথম জি পি চি মহিলা সাংবাদিক সম্মিলন। 'নন্দিনী Let's Talk' শীর্ষক অনুষ্ঠানটিত কেইবাটাও শিতানত মহিলা সাংবাদিকসকলৰ কৰ্মক্ষেত্ৰৰ ভিন্ন অভিজ্ঞতাক সামৰি এক মনোগ্রাহী অনুষ্ঠান অনুষ্ঠিত হয়।
এই সম্মিলনৰ শুভ উদ্বোধক তথা মুখ্য অতিথি হিচাপে প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ নৱনির্বাচিত সভাপতি, জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিশাৰোটী উপস্থিত থাকে। জ্যেষ্ঠ সাংবাদিকগৰাকীক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সভাপতি খগেন কলিতাই সম্বর্ধনা জ্ঞাপন কৰে। মছফিকা আহমেদে আঁত ধৰা অনুষ্ঠানটিত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই আদৰণী ভাষণ আগবঢ়াই ভাষণত আজিৰ সমাজ ব্যৱস্থাত মনোৰঞ্জন, ক্রীড়া, সাংবাদিকতা আদি বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে নাৰীৰ অগ্রগামী যাত্ৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে আগন্তুক সময়ত সমগ্ৰ অসমৰ সাংবাদিকসকলক লৈ এক সমাৰোহ আয়োজনৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে।
অনুষ্ঠানত প্রায় তিনি দশক ধৰি সক্ৰিয়তাৰে আৰু নিৰৱচ্ছিন্নভাৱে দেশৰ সংবাদ ক্ষেত্ৰলৈ সেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিশাৰোটীয়ে নিজৰ ভাষণত সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সাম্প্রতিক পৰিৱৰ্তিত ৰূপ তথা সম্মুখলৈ অহা প্রত্যাহ্বানসমূহৰে কিদৰে মোকাবিলা কৰিব পাৰি সেই সম্বন্ধে কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে, আমাৰ কৰ্মক সংবিধানে স্বীকৃতি দিছে। গণতন্ত্রত সংবাদ মাধ্যমৰ ভূমিকা তথা গুৰুত্বৰ কথা সকলোৱে জানে। সেয়ে আমি কাকো প্রশ্ন কৰিবলৈ ভয় কৰিব নালাগে। শাসনত থকাসকলক প্রশ্ন কৰাটো আমাৰ কৰ্তব্য। সাংবাদিকৰ কৰ্মই হৈছে ৰাইজৰ কণ্ঠ হৈ থিয় দিয়া। ইফালে বিভিন্ন সময়ত সাংবাদিকসকলক একাংশ শাসকীয় দলৰ নেতা-মন্ত্ৰীয়ে দুর্ব্যৱহাৰ কৰা সন্দৰ্ভতো সৰৱ হৈ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে লগতে উল্লেখ কৰে যে, অসমৰ সাংবাদিকক নেতা-মন্ত্রীয়ে কৰা দুৰ্ব্যৱহাৰক লৈ দিল্লীত চর্চা হয়। কিন্তু অসমৰ সাংবাদিকসকলে মানুহৰ হৈ প্রশ্ন কৰিবলৈ আপোচ নকৰিব। সাংবাদিকৰ প্ৰশ্নত যেতিয়া মন্ত্রী, আমোলাৰ উত্তৰ নাথাকে সেয়াহে বাতৰি হোৱা উচিত।
ইফালে মহিলা সাংবাদিক সম্মিলনখনত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা নন্দিনী আলোচনীৰ হৈ অনুষ্ঠানত উপস্থিত থাকে সাদিন-প্রতিদিন গোষ্ঠীৰ মুখ্য পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী আৰু নন্দিনীৰ সম্পাদক মাইনী মহস্ত। দুয়োগৰাকী অতিথিক আয়োজক সমিতিৰ হৈ গুৱাহাটী প্ৰেছ ক্লাবৰ উপ-সভাপতি ৰঞ্জিতা ৰাভা আৰু সহকাৰী সাধাৰণ সম্পাদক পদ্মিনী হাজৰিকাই সম্বর্ধনা জনায়। নিজৰ ভাষণত স্মিতাক্ষী বি গোস্বামীয়ে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ কণ্টকময় যাত্ৰাত কেতিয়াও থমকি নোৰোৱাকৈ, আপোচবিহীনভাৱে কাম কৰি যাবলৈ মহিলা সাংবাদিকসকলক আহ্বান জনায়। নন্দিনীৰ সম্পাদক মাইনী মহন্তই আগবঢ়োৱা বক্তব্যত বৰ্তমানৰ সাংবাদিকতাত আত্মবিশ্লেষণৰ প্রয়োজনীয়তা আহি পৰিছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে। মহিলা সাংবাদিক সম্মিলনখনৰ 'মোৰ জীৱন, মোৰ কাহিনী' শীর্ষক শিতানত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। এই কার্যসূচীত বক্তা হিচাপে 'মৌচুমী শৰ্মা বৰুৱা আৰু মল্লিকা কলিতাই অংশগ্রহণ কৰে। ইয়াৰ পিছতেই 'মই আৰু মোৰ সাংবাদিকতা' শীর্ষক শিতানত বিশেষ আলোচনাচক্র অনুষ্ঠিত হয়। দুর্বা ঘোষ আৰু অঞ্জুমণি বৰদলৈয়ে পৰিচালনা কৰা এই কাৰ্যসূচীত পেনেলিষ্ট হিচাপে অংশগ্রহণ কৰে আফ্রিন্দা হুছেইন, অনামিকা ৰাজকোঁৱৰ, মনীষা কলিতা আৰু সুকৃতা বৰুৱাই। এই সম্মিলনত 'কর্মক্ষেত্ৰত মহিলা সাংবাদিকৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তা' শীর্ষক বিষয়তো এক গাম্ভীর্যপূর্ণ আলোচনা অনুষ্ঠিত হয়। বিদিশা সিনহাই পৰিচালনা কৰা এই কাৰ্যসূচীত স্বপ্না বেজবৰুৱা, চেমিম চুলতানা আহমেদ, জুবি শইকীয়া আৰু মানশ্বিনী মহন্তই পেনেলিস্ট হিচাপে অংশগ্রহণ কৰে। উপস্থিত আটাইকেইগৰাকী মহিলা সাংবাদিকে আলোচ্য বিষয়ৰ ওপৰত নিজৰ বক্তব্য আগবঢ়ায়।
উল্লেখযোগ্য যে এই অনুষ্ঠানতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ 'যুৱ লেখক' বঁটাপ্রাপক কেইবাগৰাকীও সাংবাদিকক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বর্ধনা জনোৱা হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত এই মহিলা সাংবাদিক সম্মিলনত গুৱাহাটীত কৰ্মৰত প্রায় ২০০ গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে।