ফাষ্ট ট্রেক আদালতত চতুর্থ দিনৰ শুনানি, অমৃতপ্ৰভাৰ অধিবক্তাক ধমকি ন্যায়াধীশৰ

dainik janambhumi April 03, 2026

ডিজিটেল ডেস্ক: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ফাষ্টট্রেক আদালতত কালি চতুর্থ দিনৰ শুনানি সম্পন্ন হয়। আজিও অভিযুক্তসকলৰ বিৰুদ্ধে কি কি ধাৰাত বিচাৰ প্ৰক্ৰিয়া চলিব (চার্জ ফ্রেম কৰা) সেই বিষয়তে শুনানি সম্পন্ন হয়। এইপর্যন্ত মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই আদালতত যুক্তি প্রদর্শন কৰিছে। 

সিদ্ধার্থ শৰ্মাৰ অধিবক্তাই বুধবাৰে যুক্তি আৰম্ভ কৰাৰ পাছত আজি তেওঁৰ যুক্তি সম্পূৰ্ণ কৰে। আনহাতে কালি অভিযুক্ত অমৃতপ্রভা মহন্তৰ অধিবক্তাই যুক্তি প্রদর্শন সম্পূর্ণ কৰে। কালি তেওঁ পুনৰ অমৃতপ্রভা মহন্তক নির্দোষী সজাবলৈ একেখিনি কথাকে আদালতত উপস্থাপন কৰি থকাৰ পাছতে ন্যায়াধীশৰ ৰোষত পৰে অধিবক্তাজন। সদায় তেওঁ একেখিনি কথাকে কৈ থকাৰ বাবে ন্যায়াধীশ শর্মিলা ভূঞাই অগ্নিশর্মা হৈ অধিবক্তাজনক ধমক লগায়। 

ন্যায়াধীশগৰাকীয়ে অধিবক্তাজনক আদালতৰ সময় অপচয় কৰি থকাৰ অভিযোগ কৰাৰ লগতে একে কথা পুনৰ নোদোহাৰিবলৈ অধিবক্তাজনক সকীয়াই দিয়ে। আনহাতে এতিয়াও আন চাৰি অভিযুক্ত ক্ৰমে শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ অধিবক্তাই আদালতত যুক্তি প্রদর্শন কৰিবলৈ বাকী আছে। সকলো অভিযুক্তৰে যুক্তি প্ৰদৰ্শন সম্পূৰ্ণ হোৱাৰ পাছত লোক অধিবক্তাৰ দলৰ হৈ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে আদালতত যুক্তি প্ৰদৰ্শন কৰিব।

Share This