'কপিলী ফল্ট'ৰ অৱস্থানে অসমত সঘনে সৃষ্টি কৰিছে ভূমিকম্প

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক: অসম তথা উত্তৰ-পূৰ্বাঞ্চলক কালি পুৱা ৪ বাজি ১৭ মিনিটত এটা ভূমিকম্পই জোকাৰি যায়। ৰিখটাৰ স্কেলত ৫.১ প্রাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে মৰিগাঁও জিলাৰ ধিং অঞ্চলত। ভূ-পৃষ্ঠৰ পৰা ৫০ কিল'মিটাৰ গভীৰত উৎপত্তি হোৱা ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, ভূটান, নেপালতো অনুভূত হয়। 

উল্লেখযোগ্য যে শেহতীয়াকৈ সততে অসমক ভূমিকম্পই জোকাৰি যাবলৈ ধৰিছে। কেন্দ্ৰীয় চৰকাৰে যোৱা নৱেম্বৰ মাহত অসম তথা সমগ্ৰ উত্তৰ-পূর্বাঞ্চলকে অতি ভূকম্পন এলেকা জ'ন ছয়ত অন্তভুক্ত কৰিছে। এনে পৰিস্থিতিত অনাগত দিনত অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক বৃহৎ ভূমিকম্পই জোকাৰি যোৱাৰ আশংকা প্রকট হৈ পৰিছে। কিয়নো অসমত সঘনাই আহি থকা ভূমিকম্পবিলাকৰ মূল কাৰণ হৈছে 'কপিলী ফল্ট'। ইণ্ডিয়ান প্লেট আৰু ইউৰেচীয়ান প্লেটৰ সংঘৰ্ষৰ ফলত ইণ্ডিয়ান প্লেটখন ইউৰেচীয়ান প্লেটৰ তলত সোমাই যোৱাৰ ফলত এই কপিলী ফল্টটো সক্রিয় হৈ পৰাত অঞ্চলটোত ভূমিকম্পৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। মন কৰিব লগীয়া কথা যে মণিপুৰৰ পৰা অসম-ভূটান আৰু অৰুণাচল সংযোগী ভৈৰৱকুণ্ডলৈ বিস্তাৰিত হৈ থকা প্রায় ৩০০ কিঃমিঃ দীঘল আৰু ৫০ কিল'মিটাৰ বহল এই কপিলী ফল্টে অনাগত দিনত অঞ্চলটোত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰো সন্দেহ প্রকাশ কৰিছে বিশেষজ্ঞসকলে। 

ভূ-বিশেষজ্ঞসকলৰ মতে, হিমালয়ৰ পৰ্বতমালা এতিয়াও অস্থিৰ অৱস্থাত আছে। আজিও হিমালয়ৰ উচ্চতা বৃদ্ধি পাই আছে। যাৰ বাবে এই অঞ্চলটো অতিকৈ স্পৰ্শকাতৰ হৈ আছে। ইয়াৰ উপৰি শেহতীয়াকৈ ইণ্ডিয়ান টেকটনিক প্লেট মাজতে ফাটি এটা অংশ উত্তৰলৈ গতি কৰিছে। ইণ্ডিয়ান প্লেট আৰু ইউৰেচীয়ান প্লেটৰ সংঘৰ্ষৰ ফলত ইণ্ডিয়ান প্লেটখন ইউৰেচীয়ান প্লেটৰ তলত সোমাই গৈ আছে। ফলস্বৰূপে কেইবাটাও ভূ-তাত্ত্বিক সমস্যাৰ সৃষ্টি হৈছে। 

অসমৰ কাৰ্বি-আংলং, নগাঁও আৰু মৰিগাঁও জিলাৰ মাজেৰে বৈ যোৱা কপিলী নদীৰ নামেৰে নামকৰণ কৰা তথা গভীৰতালৈ শিপাই থকা কপিলী ফল্টটো জটিল টেকটনিক পৰিৱেশত থকাৰ বাবেই সঘনে ভূমিকম্পই ৰাজ্যখন জোকাৰি আছে। আনকি যোৱা ছেপ্টেম্বৰ মাহতো ৫.৮ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি গৈছিল অসমক। উক্ত ভূমিকম্পটোৰ অভিকেন্দ্র আছিল ওদালগুৰি জিলা। ইফালে ১৮৯৭ চন আৰু ১৯৫০ চনৰ ভূমিকম্পই ইতিমধ্যে অসমত ভয়ংকৰ ইতিহাসৰ সাক্ষ্য বহন কৰি আছে। সেই পটভূমিত বিগত কেইটামান বছৰৰ ভূমিকম্পসমূহক বিশেষজ্ঞসকলে কেৱল সাধাৰণ পৰিঘটনা হিচাপে নহয়, বৰঞ্চ এক সক্রিয় ভূ-গর্ভীয় প্রক্ৰিয়াৰ অংশ হিচাপে গণ্য কৰিছে।

Share This