ডিজিটেল ডেস্ক: বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়কে ধৰি ফাইভ বিগ হিচাপে পৰিচিত ঢেঁকীয়াপতীয়া বাঘ, ম'হ, দুষ্প্রাপ্য দল হৰিণা, হাতীৰ লগতে প্রায় পাঁচ শতাধিক প্ৰজাতিৰ পক্ষী, অপৰূপ প্রাকৃতিক দৃশ্য, জৈৱ বৈচিত্র্যৰে ভৰপূৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দিনক দিনে দেশ-বিদেশৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাত এক অভিলেখ সৃষ্টি কৰি আহিছে।
ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিবলৈ যি ধৰণে দেশীয় পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ঠিক তেনেধৰণে এইবাৰ বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে। এই সম্পর্কে কালি পূব অসম বন্যপ্রাণী সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিগনেছে প্রকাশ কৰে যে এই পর্যটন বর্ষত এতিয়ালৈকে প্রায় ডেৰ লাখ পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে। ইয়াৰ মাজতে এইবাৰ বিদেশী পৰ্যটকৰ সংখ্যা বাঢ়িছে। প্রায় সাত হাজাৰ বিদেশী পর্যটকে কাজিৰঙা ইতিমধ্যে দৰ্শন কৰিছে।
পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পৰা ডিচেম্বৰ মাহ পর্যন্ত এই সময়ছোৱাত বিগত ২০২৪-২৫ পর্যটন বর্ষতকৈ এই বৰ্ষত পৰ্যটকৰ সংখ্যা কম যদিও ২০২৩-২৪ পর্যটন বর্ষত প্রায় ১ লাখ ২০ হাজাৰ পৰ্যটকে কাজিৰঙা দৰ্শন কৰাৰ বিপৰীতে এই বৰ্ষত প্রায় ডেৰ লাখ পর্যটকে কাজিৰঙা দৰ্শন কৰিছে বুলি জানিবলৈ দি প্ৰাধিকাৰী বিগনেছে কয়, এনেধৰণৰ পৰ্যটকৰ সংখ্যাৰ হ্রাস-বৃদ্ধিৰ তাৰতম্য থাকে। যিহেতু আগন্তুক জানুৱাৰী মাহত যথেষ্ট বন্ধৰ দিন আছে, গতিকে পৰ্যটকৰ সংখ্যা উক্ত কেইদিনত বৃদ্ধি পাব বুলিও তেওঁ মন্তব্য কৰে।
আনহাতে, ডিচেম্বৰ মাহৰ ২১ তাৰিখ মানৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাই থাকে আৰু নৱবৰ্ষৰ আৰম্ভণিৰ সময়ত পর্যটকে স্বাভাৱিকতে কাজিৰঙাত ভিৰ কৰে বুলি প্ৰকাশ কৰি বিগনেছে কয় যে বিগত তিনিটা দিনত প্রতিদিনে তিনি হাজাৰ মানকৈ পৰ্যটকে কাজিৰঙা দৰ্শন কৰিছে। কঁহৰা আৰু বাগৰি বনাঞ্চলত পর্যটকে ভিৰ কৰাৰ সমান্তৰালকৈ অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলতো বন্যপ্ৰাণীৰ সুলভ বিচৰণে পৰ্যটকৰ সমাগম ঘটাইছে বুলি উল্লেখ কৰি বিগনেছে প্রকাশ কৰে যে চাৰিওটা বনাঞ্চলতে পর্যটকে বাঘ প্রত্যক্ষ কৰি সন্তুষ্টি লাভ কৰিছে।
বিগত বৰ্ষত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা দৰ্শন কৰাৰ পাছত ভালেসংখ্যক গুৰুত্বপূর্ণ ব্যক্তি কাজিৰঙালৈ আহিছে বুলি প্রকাশ কৰি তেওঁ কয়, যোৱা বছৰ শচীন টেণ্ডুলকাৰ আহিছিল, এইবাৰ অনিল কুম্বলেই কাজিৰঙা দৰ্শন কৰি গৈছে। সমান্তৰালকৈ 'এডভান্টেজ আছাম'ৰ এক কাৰ্যসূচী হোৱাৰ লগতে দেশৰ বন মন্ত্ৰীয়েও কাজিৰঙা দৰ্শন কৰিছে আৰু গুৰুত্বপূৰ্ণ লোকৰ ভ্রমণে কাজিৰঙাৰ পৰ্যটনৰ প্ৰসাৰ-প্ৰচাৰ বৃদ্ধি কৰিছে বুলিও বিগনেছে লগতে মন্তব্য কৰে। কাজিৰঙাৰ পৰ্যটন ইতিহাসত এইবাৰেই বিদেশী পৰ্যটকৰ সংখ্যা সর্বাধিক বুলি প্রকাশ কৰি বিগনেছে পুনৰ কয় যে মাত্র তিনিটা মাহতে প্রায় সাত হাজাৰ বিদেশী পর্যটকে কাজিৰঙা দৰ্শন কৰিছে। সর্বাধিক বিদেশী পর্যটক ইউৰোপৰ বুলি জানিবলৈ দি তেওঁ কয় ফ্রান্স, ইউ কেৰ পৰাও পর্যটক আহিছে।