ডিজিটেল ডেস্ক : কাজিৰঙা জাতীয় অর্কিড উদ্যানত পৰ্যটকৰ বাবে আৰম্ভ হ'ল ম'হ গাড়ী আৰু ঘোঁৰা গাড়ী। উদ্যানৰ প্ৰৱেশ দ্বাৰত পৰ্যটকৰ বাবে এই সেৱা কালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা নিবন্ধকাৰ শান্তনু বৰঠাকুৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰিকি গগৈয়ে।
শান্তনু বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় যে কাজিৰঙা অৰ্কিড উদ্যানে বিগত সময়ত অসমৰ বৈচিত্র্যময় সংস্কৃতি তুলি ধৰাৰ চেষ্টা কৰি আহিছে। অসমৰ গ্ৰাম্য জীৱনক উদ্ভাসিত কৰাৰ চেষ্টা কৰি আহিছে। বাহিৰৰ পৰা অহা পর্যটকে অর্কিড উদ্যানত সোমাই অসমখনৰ এক আভাস পায়। তাৰ লগতে এক অংশ হিচাপে ম'হৰ গাড়ী, ঘোঁৰাৰ গাড়ীৰ সংযোগে পর্যটকক আকর্ষিত কৰিব বুলিও তেওঁ কয়।
ইফালে, কালিৰ এই অনুষ্ঠানত অখিল গগৈ উপস্থিত থাকি কয় যে আমাৰ পুৰণিকলীয়া ম'হৰ গাড়ী, ঘোঁৰা গাড়ী পৰ্যটকৰ বাবে অৰ্কিড উদ্যানত আৰম্ভ কৰিছোঁ। গৰু গাড়ীও থাকিব। কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজন কৰাৰ চেষ্টা কৰি আছোঁ বুলি কৈ তেওঁ প্রকাশ কৰে যে আমি পাহাৰ বগোৱা, চাইকেল চলোৱা আৰু বাৰ্ডিঙো আৰম্ভ কৰিব বিচাৰিছোঁ। সেই সমূহত অসমৰ ৰাইজক অংশগ্রহণ কৰিবলৈ আহ্বান জনায় গগৈয়ে। কেৱল গঁড় দেখুৱাই পৰ্যটনক আমি ৰাখিব নোৱাৰোঁ বুলি মন্তব্য কৰি গগৈয়ে অসমৰ পৰ্যটনক নতুন ধৰণে পর্যটকক গ্রাম্য জীৱনৰ সোৱাদ দিবলৈ বিভিন্ন প্রয়াসেৰে কৃষি পর্যটন, গ্রাম্য পর্যটন আদি কৰিবলৈ আগবাঢ়িছোঁ বুলি সদৰী কৰে।