খহিল নামদাং শিলৰ সাঁকোৰ নৱনিৰ্মিত ভি ইউ পি

dainik janambhumi January 24, 2026

ডিজিটেল ডেস্ক: ভাল ক্ৰমাৎ কাল হৈ পৰিছে উজনিত। উজনিৰ শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌলৈকে বিগত দহটা বছৰে নিৰ্মীয়মাণ অৱস্থাত থকা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ চৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম একপ্ৰকাৰ উজনিৰ শিৱসাগৰ জিলাবাসীৰ বাবে মৃত্যুদূতত পৰিণত হৈছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বাবে সোণৰ কণী পৰা হাঁহ আৰু জিলাবাসীৰ বাবে জ্বালা-যন্ত্রণা ভোগ কৰা প্ৰকল্প হিচাপে পৰিগণিত হোৱা চৰিলেনযুক্ত পথৰ নিৰ্মাণৰ দায়িত্বত থকা নির্মাণকাৰী প্রতিষ্ঠানসমূহৰ লুণ্ঠনৰ ফন্দি সময়ে সময়ে সংবাদ মাধ্যমে উদঙাই দিয়াৰ পাছতো আজিলৈকে এই প্রতিষ্ঠানসমূহক নিয়ন্ত্রণ কৰিব পৰা ক্ষমতা কাৰোৰেই হোৱা নাই। 

কেন্দ্রীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন নামৰ সংস্থাটোৰ পৰোক্ষ আশীৰ্বাদত ওভতগোৰে নাচিছে এই নিৰ্মাণকাৰী প্রতিষ্ঠানসমূহে। কেন্দ্র চৰকাৰে পথ নিৰ্মাণৰ বাবে আবণ্টন দিয়া ধন কিদৰে নিম্ন মানৰ কামেৰে শেষ কৰি উজনিৰ ৰাইজক টুপী পিন্ধাই খৰতকীয়াকৈ আদায় কৰি লৈ যাব পাৰি তাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰমাণ হাতে-লোটে ধৰা পৰিছে। শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিল'মিটাৰ পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ তালিকাখন দীঘলীয়া। পোনপ্রথমেই পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা আইচলেক্স নামৰ প্ৰতিষ্ঠানটোৰ দিনতেই কেনা লাগিছিল চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ কাম। নিৰ্মাণকাৰী প্রতিষ্ঠানটোৱে দহ শতাংশও কাম সম্পূর্ণ নকৰাকৈ ভুৱা বিল দাখিল কৰি ৭০ শতাংশ ধন উলিয়াই নিছিল। এই ক্ষেত্রত সহযোগ কৰিছিল এন এইচ আই ডি চি এল নামৰ কেন্দ্ৰ চৰকাৰৰ সংস্থাটোৰ একাংশ বিষয়াই। 

বৃহৎ অংকৰ ধন লুণ্ঠন কৰি পলায়ন কৰা আইচলেক্স নামৰ প্রতিষ্ঠানটোৰ পাছত GDCL আৰু VSG নামৰ দুটা প্রতিষ্ঠানক পথছোৱা নিৰ্মাণৰ দায়িত্ব প্রদান কৰা হৈছিল। প্ৰায় দুটা বছৰ ধৰি গেঁঠেলা মৰা ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ আৰম্ভ হোৱাত ৰাইজ উৎফুল্ল হৈছিল। কিন্তু এই প্রতিষ্ঠানকেইটাই প্রকল্পটো সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে কেন্দ্ৰ চৰকাৰৰ পৰা অহা ধন লুণ্ঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে। 

ইতিমধ্যে খেদা খোৱা প্রতিষ্ঠানকেইটাই ভুৱা বিল প্রস্তুত কৰি কোটি কোটি টকা এন এইচ আই ডি চি এলৰ কৃপাত উলিয়াই নিছিল। তাৰে এটা নমুনা নামদাং শিলৰ সাঁকোৰ পৰা তিনিশ মিটাৰ দূৰত্বত নিৰ্মাণ কৰি থকা VUP(Vehicle Under Pass)। পাঁচ বছৰ পূর্বে GDCL নামৰ প্ৰতিষ্ঠানটোৱে বিসংগতিপূর্ণভাৱে নিৰ্মাণ কৰা ভি ইউ পি সম্পূর্ণ উপযোগী বুলি NHIDCL কর্তৃপক্ষই বর্তমান কাম-কাজ চলাই থকা অক্ষৰা নামৰ প্ৰতিষ্ঠানটোক কাম কৰিবলৈ অনুমতি দিছিল। অনুমতি দিয়াৰ মাত্ৰ এটা বছৰ পাছতে ভি ইউ পি মাজতে খহি পৰাটোৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু NHIDCL ৰ একাংশ বিষয়া কৰ্মচাৰীৰ মূল স্বৰূপটোক উদঙাই দিলে। বিগত বছৰত উক্ত স্থানতেই সত্যজিৎ দাস নামৰ এজন কণমানি ছাত্র নির্মাণত ব্যৱহাৰ কৰা আৰ বি পেনেল পৰি মৃত্যু হৈছিল। ইয়াৰ উপৰি প্ৰগতি চাৰিআলিৰ পৰা ডিমৌলৈকে নিৰ্মাণৰ দায়িত্ব লাভ কৰা কুশল শৰ্মা নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ মইমতালিৰ বাবে এজন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে বিগত ১৯ জানুৱাৰীত পথৰ মাজত নির্দেশনা নিদিয়াকৈ খন্দা গাঁতত পৰি ৰুণজুন গগৈ নামৰ এজন ব্যক্তি জীৱনৰ কাৰণে পংগু হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। 

বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত থকা যুৱকজনৰ চিকিৎসাৰ বাবে ধনৰ অভাৱত পৰিয়ালে হাহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। পথটোৰ নিৰ্মাণকাৰ্যত গাফিলতি আৰু গতি লেহেমীয়া হোৱাৰ বাবে কেৱল নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহেই দায়ী নহয় ইয়াৰ বাবে দায়ী একাংশ ৰাজনীতিক, দল-সংগঠনৰ মুখা পিন্ধা নেতা আৰু NHIDCL ৰ একাংশ বিষয়া। উজনিৰ ৰাইজক বন্ধকত থৈ আইচলেক্সৰ পৰা জি ডি চি এললৈকে এই প্রতিষ্ঠানসমূহৰ পৰা কাম আৰু ধন আদায়ৰ নামত একাংশ ৰাজনীতিক আৰু দল-সংগঠনৰ নেতাই প্রভুত্ব অব্যাহত ৰাখি দিনত হোৱা দি নিশা হ'লেই কমিছনৰ অংক কৰে। আজিৰ নামদাং শিলৰ সাঁকোৰ পৰা তিনিশ মিটাৰ দূৰত্বত নিৰ্মাণ কৰি থকা ভি ইউ পি হঠাতে খহি যোৱাটোৱেই ইয়াৰ প্ৰমাণ। কেৱল জাঁজীৰ পৰা ডিমৌলৈকে পথটোৰ নামত ১৮০০ কোটি টকা আবণ্টন দিয়া কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ধমকত শেহতীয়াকৈ কাম-কাজ আৰম্ভ কৰা প্রতিষ্ঠানকেইটাই প্রকল্পটো শীঘ্রেই সমাপ্ত কৰি বিলৰ ধন আদায়ৰ বাবে পৰিকল্পনাত ব্যস্ত। এতিয়া ৰাইজৰ প্ৰশ্ন যে NHIDCL য়ে কিহৰ ভিত্তিত এই ভি ইউ পি সক্ষম বুলি অনুমতি প্রদান কৰিলে। ইতিমধ্যে বিসংগতিপূর্ণভাৱে কাম কৰা ভি ইউ পিৰ নামত GDCL লে বৃহৎ অংকৰ ধনৰ ভাগ NHIDCL ৰ একাংশ বিষয়াৰ লগতে স্থানীয় বিধায়ক আৰু জাতীয় জনগোষ্ঠীয় কোন কোন নেতাই লাভ কৰিলে। 

নীতি নির্দেশনাক উলংঘা কৰা কুশল শৰ্মা নামৰ প্ৰতিষ্ঠানটোৰ ত্ৰাণকর্তা হিচাপে কোন সাংবাদিক আৰু দল-সংগঠনৰ নেতা অৱতীৰ্ণ হয়। উজনিৰ ৰাইজক টুপী পিন্ধাই বহিৰাগত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সৈতে মিলি লুণ্ঠন চলোৱা NHIDCL ৰ একাংশ বিষয়ববীয়া ভণ্ড ৰাজনৈতিক আৰু দল-সংগঠনৰ নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে।

Share This