ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰৰ উন্নয়নৰ নমুনা উন্মোচন কৰি তিতাবৰ বিধানসভা সমষ্টিত বিগত ১৮ বছৰে উন্মোচন নোহোৱাকৈ থকা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ অৱস্থাই অঞ্চলবাসীক ক্ষুব্ধ কৰি তুলিছে।
উল্লেখযোগ্য যে কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত তদানীন্তন মুখ্যমন্ত্রী তথা তিতাবৰৰ বিধায়ক তৰুণ গগৈয়ে ডায়েটৰ চৌহদৰ কাষতে ২০০৮ চনৰ ২২ মাৰ্চত আধাৰশিলা স্থাপন কৰিছিল কাৰ্যালয়টো। তিতাবৰক মহকুমালৈ উন্নীত কৰাৰ পাছত এটা মহকুমাত থাকিব লগা কাৰ্যালয়সমূহৰ অন্যতম বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয় তিতাবৰত স্থাপন হোৱাটো নিতান্তই আৱশ্যক।
তদানীন্তন শিক্ষা মন্ত্ৰী ৰিপুন বৰাৰ বিশেষ উদ্যোগত মাত্ৰ এটা বছৰৰ ভিতৰত নির্মাণ সম্পূর্ণ হৈ উঠা কার্যালয়টো সম্পূর্ণ হোৱাৰ পাছতো আৰম্ভ নকৰাত শিক্ষক সংগঠনসমূহ সৰৱ হৈ উঠে। তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈক এই সন্দৰ্ভত একাধিকবাৰ শিক্ষক সংগঠনসহ ছাত্র সংগঠনসমূহে প্রয়োগ কৰা হেঁচাত শিক্ষা বিভাগে এক আদেশ যোগে কাৰ্যালয়টো আৰম্ভ কৰাৰ উদ্যোগ গ্ৰহণ কৰে।
ইতিমধ্যে নির্মাণ সম্পূর্ণ হৈ উঠা কার্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন নকৰাকৈ তদানীন্তন বিদ্যালয়সমূহৰ উপ- পৰিদৰ্শক নৰেন কোঁৱৰক তিতাবৰৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰি কেইমাহমান কার্যালয়টো পৰিচালনা কৰা হয়। শিক্ষা বিভাগৰ এনে উদ্যোগত শিক্ষক সংগঠনসমূহে আদৰণি জনাই সন্তুষ্টি প্রকাশ কৰে যদিও অদৃশ্য শক্তিৰ বলত কাৰ্যালয় বন্ধ হৈ পৰিল। ইতিমধ্যে যোৰহাটৰ পৰা তিতাবৰৰ উক্ত কাৰ্যালয়লৈ প্ৰেৰণ কৰা কেইবাগৰাকী কৰ্মচাৰী কাৰ্যালয়টো বন্ধ হৈ যোৱাত খণ্ড প্রাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত সংলগ্ন হৈ ৰ'ল। খোদ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হস্তক্ষেপ কৰি মুকলি কৰিবলৈ দিয়া কার্যালয়টো এনে কি অদৃশ্য শক্তিৰ বলত পুনৰ বন্ধ হৈ উঠিল সেয়া তিতাবৰবাসীৰ বাবে আজিও এক অবুজ সাঁথৰ।
তিতাবৰ শিক্ষাখণ্ডত ১৩৯খন প্রাথমিক বিদ্যালয়, ৪০খন নিম্ন বুনিয়াদী বিদ্যালয় আৰু ৩২খন উচ্চ বুনিয়াদী আৰু মধ্য ইংৰাজী বিদ্যালয় অৱস্থিত হৈ আছে। তিতাবৰ খণ্ড প্রাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ জৰিয়তে প্রাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ বুনিয়াদী বিদ্যালয়সমূহ পৰিচালিত হৈ আছে যদিও নিম্ন বুনিয়াদী বিদ্যালয়সমূহ যোৰহাটৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হৈ আছে। সম্প্রতি হাবি, জংঘলৰ মাজত অস্তিত্ব প্রতিপন্ন কৰি থকা বিধ্বস্তপ্রায় কাৰ্যালয়টো কংগ্ৰেছৰ ১৫ বছৰীয়া কার্যকালত গতিশীল নোহোৱা বিষয় তিতাবৰৰ বাবে অতি দুর্ভাগ্যজনক ঘটনা আখ্যা দি সচেতন মহলে ১০ বছৰীয়া বিজেপি শাসনকালত কার্যালয়টো পুনৰ আৰম্ভ নোহোৱাটোত আশ্চর্য প্রকাশ কৰিছে।
বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা দীর্ঘকাল ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহক কৰি থকাৰ সময়তো কাৰ্যালয়টো পুনৰ পৰিচালিত নোহোৱা বিষয় সন্দৰ্ভত ইতিমধ্যে শৈক্ষিক মহলত সৰৱ আলোচনা চলিছে। ইতিমধ্যে বিষয়টোক লৈ ৰাজপথত নাম তিতাবৰৰ দল-সংগঠনসমূহৰ বাবেও পাহৰণিৰ গৰ্ভলৈ গতি কৰা তিতাবৰৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালটো ৰাজনীতিৰ ৰঙা ফিতা ছিঙি অচিৰেই মুকলি হ'বনে বুলি তিতাবৰবাসীয়ে ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিছে।