ডিজিটেল ডেস্ক: উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল যোগাযোগ ব্যৱস্থাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিম বংগৰ মালদহৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ ফ্লেগ অফ কৰে। গুৱাহাটীৰ কামাখ্যা ৰে'লৱে ষ্টেছনৰ পৰা এই ভার্চুৱেল ফ্লেগ অফ অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এসময়ত অৱহেলিত উত্তৰ-পূৰ্বাঞ্চল এতিয়া উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰলৈ পৰিৱৰ্তিত হৈছে। তেওঁ এই বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে যে এই ৰে'লখনে দুয়োখন ৰাজ্যৰ মাজত বন্ধুত্বৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে সাংস্কৃতিক আৰু ধর্মীয় পর্যটনকো উৎসাহিত কৰিব। এন ডি এ চৰকাৰৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল আন্তঃগাঁথনিৰ ব্যাপক উন্নতি ঘটিছে বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে প্রধানমন্ত্রীয়ে আজি কাজিৰঙাৰ পৰা দুখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে'লৰো ফ্লেগ অফ কৰে।
উল্লেখযোগ্য যে তীব্ৰগতিৰ এই বন্দে ভাৰত শ্লীপাৰ ৰে'লখন অসমৰ কামাখ্যা আৰু পশ্চিম বংগৰ হাওৰাৰ মাজত চলিব। ১৬টা দবাযুক্ত এই ৰে'লখনত মুঠ ৮২৩জন যাত্ৰীৰ আসনৰ ব্যৱস্থা আছে। গুৱাহাটী আৰু কলকাতাৰ মাজৰ ৯৭২ কিল'মিটাৰ দূৰত্ব এই ৰে'লখনে মাত্র ১৪ ঘণ্টাত অতিক্ৰম কৰিব। ৰে'লখন সন্ধিয়া ৬-১৫ বজাত কামাখ্যাৰ পৰা ৰাওনা হৈ পিছদিনা পুৱা ৮-১৫ বজাত হাওৰা পাবগৈ। একেদৰে ওভতনি-যাত্ৰাত হাওৰাৰ পৰা সন্ধিয়া ৬-২০ বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা পুৱা ৮-২০ বজাত কামাখ্যা পাবহি। আজিৰ এই অনুষ্ঠানত বন আৰু পৰিৱেশ আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, সাংসদ বিজুলী কলিতা মেধি, প্রদান বৰুৱা আৰু ভুবনেশ্বৰ কলিতা, বিধায়ক অতুল বৰা আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।