সাহিত্য সভাৰ বিশেষ গুৱাহাটী অধিৱেশনত অৰাজক পৰিস্থিতি, কুৰুক্ষেত্ৰত পৰিণত প্ৰতিনিধি সভা

dainik janambhumi February 03, 2026

ডিজিটেল ডেস্ক: অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক গুৱাহাটী অধিৱেশনত চূড়ান্ত অৰাজকতাই দেখা দিছে। আৰম্ভণিৰে পৰা বিতর্কই লগ এৰা নিদিয়া সাহিত্য সভাৰ এই অধিৱেশনৰ প্ৰতিনিধিসকলে এইবাৰ শতবর্ষ অতিক্ৰম কৰা সভাৰ ঐতিহ্য ভূলুণ্ঠিত কৰিলে। 

বছৰ বছৰ ধৰি অটুট থকা সাহিত্য সভাৰ গৰিমা ধূলিসাৎ কৰি দেওবাৰে নিশা সাহিত্য সভাৰ প্রতিনিধি সভা কুৰুক্ষেত্ৰলৈ পৰিণত হ'ল। মইমতালিৰে কাৰ্যকাল বৃদ্ধিৰ চেষ্টা কৰা সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক মঞ্চতে একাংশ প্রতিনিধিয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰি নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি কৰে। 

উল্লেখযোগ্য যে যোৱা ৩১ জানুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাৰি দিনীয়াকৈ অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিবেশন, ২০২৬ আৰম্ভ হৈছে। চূড়ান্ত খেলিমেলিৰে আৰম্ভ হোৱা অধিৱেশনৰ প্ৰথমদিনাই অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক বৈঠকত সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল দুবছৰৰ স্থানত তিনি বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ নাকচ হৈছিল। ফলত দেওবাৰে অনুষ্ঠিত প্রতিনিধি সভাত এই বিষয়টো উপস্থাপন হোৱাৰ কোনো স্থল নাছিল। কিন্তু নিশা অনুষ্ঠিত প্রতিনিধি সভাত খোদ সভাপতি বসন্ত গোস্বামীয়ে পুনৰ কাৰ্যকাল বৃদ্ধি কৰাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। 

প্রণিধানযোগ্য যে তাৰ কিছু সময়ৰ পূৰ্বে একাংশ প্রতিনিধিয়ে সভাৰ নিয়ম অনুসৰি প্ৰতিনিধিৰ নাম পঞ্জীয়ন কৰাৰ লগে লগে লাভ কৰিবলগীয়া বেগ আৰু স্মৃতিগ্রন্থ লাভ নকৰাৰ বিষয় উপস্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰিছিল। তেনে সময়তে সভাপতিয়ে নিজেই কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল বৃদ্ধিৰ চেষ্টা কৰাত কেৱল অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টিয়েই নহয়, নজিৰবিহীনভাৱে সভাৰ প্রতিনিধি সভা মাছবজাৰলৈ পর্যবসিত হয়। সেই লজ্জাজনক পৰিস্থিতি একাংশ প্রতিনিধিয়ে ম'বাইলত ভিডিঅ' ৰেকর্ডিং কৰি ৰাজহুৱা কৰাৰ পাছত সভাৰ গৰিমা সম্পূৰ্ণৰূপে ধূলিসাৎ হৈ পৰে। অৱশ্যে প্রতিনিধিসকলে সভাপতিয়ে দিয়া কার্যকাল বৃদ্ধিৰ প্ৰস্তাৱ মানি ল'বলৈ অমান্তি হোৱাত তেওঁ প্রস্তাৱ প্ৰত্যাহাৰ কৰি কাৰ্যকাল দুবছৰীয়া ৰখাৰেই সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিবলৈ বাধ্য হয়। একাংশ প্রতিনিধিয়ে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ উজাৰি কয় যে সভাপতিৰ প্ৰস্তাৱ শুনাৰ পাছতে সকলো উত্তেজিত হৈ পৰে। সভাপতিৰ অধীনত থকা কাৰ্যনিৰ্বাহকে দেওবাৰে কাৰ্যনির্বাহক সভাত নোলোৱা প্ৰস্তাৱ টেবুলত ঢকিয়াই ঢকিয়াই কার্যকাল বৃদ্ধিৰ প্ৰস্তাৱ গৃহীত কৰিবই বুলি হুংকাৰ দিয়ে। কিন্তু সভাৰ এখন সংবিধান আছে বুলিও উল্লেখ কৰি প্ৰতিনিধিসকলে সংবিধানৰ বাহিৰলৈ গৈ মইমতালিৰে কাৰ্যকাল বৃদ্ধি কৰাৰ বিষয়টো কোনো পৰিস্থিতিতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰে। 

উল্লেখযোগ্য যে সভাপতি বসন্ত গোস্বামীয়ে প্রতিনিধি সভাত কার্যকাল বৃদ্ধিৰ বিষয়ক লৈ বাতৰি প্ৰকাশ পালেও 'কেয়াৰ' নকৰে বুলি দম্ভালি মাৰি তেওঁ নিজে এই কাম কৰিব বুলি প্রতিনিধি সভাত ঘোষণা কৰিছিল। অসম সাহিত্য সভা সভাপতিৰ ব্যক্তিগত সম্পত্তি নহয় বুলি স্পষ্ট কৰে প্রতিনিধিসকলে। লক্ষণীয় যে সাহিত্য সভাৰ নতুন সমিতিয়ে দায়িত্ব গ্রহণ কৰাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতো সভাৰ উপ-সমিতিসমূহ এতিয়াও পূর্ণাংগ হোৱা নাই। তদুপৰি কাৰ্যকৰী সভাপতিয়েও পদত্যাগ কৰিছে। তেনে পৰিস্থিতিত প্রতিনিধিসকল এনেই তেওঁৰ প্ৰতি ক্ষুব্ধ হৈ আছিল। 

ইফালে, নিশাৰ প্ৰতিনিধি সভাত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ কথা স্বীকাৰ কৰি সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয় যে প্রতিনিধিসকলৰ মাজত নিয়মানুবর্তিতা আৰু শৃংখলাবদ্ধতাৰ অভাৱ হৈছে। সকলোৱে নিয়ম মানি চলিব লাগে, কিন্তু প্রতিনিধিসকলে মনা নাই। প্রণিধানযোগ্য যে কালি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ সভাৰ মূল পতাকা উত্তোলনৰ পাছতে বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিৰ পতাকা উত্তোলন কার্যসূচীত গামোচা পিন্ধোৱা-নিপিন্ধোৱাক কেন্দ্ৰ কৰি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হয়। 

অধিৱেশনৰ কার্যসূচীত কেন্দ্রীয় সমিতি আৰু আদৰণী সমিতিৰ সমন্বয়ৰ অভাৱৰ বাবে আৰু একাংশ সদস্যৰ মইমতালিৰ বাবে প্ৰায় প্ৰতিটো কাৰ্যসূচীৰ লগতে প্রতিটো ক্ষেত্ৰত সৃষ্টি হোৱা চূড়ান্ত অৰাজকতাই সাহিত্য প্রেমীসকলক হতাশ কৰিছে। কালি প্রথমখন মুকলি অধিৱেশনৰ লগতে শিশু, যুৱকৰ আৰু সভাৰ স্থায়ী সভ্যৰ সমাৱেশ আদি বহুকেইটা অনুষ্ঠান আছিল।

Share This