ডিজিটেল ডেস্ক: ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো মেটমৰা সম্ভাৰেৰে প্রকাশ পালে ২০২৬ বৰ্ষৰ 'জনমভূমি'ৰ ৰঙালী বিহু বিশেষ সংখ্যাৰ আলোচনী। ইতিমধ্যেই ৰাজ্যখনৰ বিভিন্ন স্থানৰ বিতাৰক প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা অসমৰ নবীন-প্রবীণ লেখকৰ মননশীল লেখাসমৃদ্ধ আলোচনীখন মঙলবাৰে উলুবাৰীৰ প্ৰাগ টাৱাৰৰ জনমভূমিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে।
আলোচনীখন উন্মোচন কৰি ড° সঞ্জীৱ নাৰায়ণে জনমভূমি আৰু প্ৰাগ পৰিয়ালৰ হৈ আগতীয়াকৈ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ 'জনমভূমি'ৰ পৰম্পৰা ৰক্ষা কৰি আগৰ দৰেই আলোচনীখন প্রকাশ কৰিবলৈ সক্ষম হৈছোঁ বুলি উল্লেখ কৰি কয়, '৪০০ পৃষ্ঠাৰ এখন আলোচনীত অসমৰ আটাইতকৈ বয়সস্থ লেখকৰ পৰা আৰম্ভ কৰি কনিষ্ঠ লেখকলৈকে লেখাবিলাক সন্নিৱিষ্ট হৈছে। এনেকুৱা বৃহৎ কলেৱৰৰ আলোচনী আজিকালি প্রায় প্রকাশেই নহয়। তথাপি আমি পৰম্পৰা ৰক্ষা কৰি প্ৰকাশ কৰি উলিওৱা আলোচনীখনৰ বাবে লেখকৰ যি সঁহাৰি লাভ কৰিছোঁ তাৰ বাবে কৃতজ্ঞ।' আনহাতে, প্ৰতিবছৰৰ দৰে এইবাৰো আলোচনীখন সকলোৱে পঢ়ি খুব ভাল পাব বুলি তেওঁ আশা প্রকাশ কৰে।
উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱে জনমভূমি গোষ্ঠীৰ পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ বিশেষ সংখ্যাৰ আলোচনীখন প্রকাশ পোৱাৰ বাবে কাকতখনৰ লগত জড়িত সকলোকে ধন্যবাদ জনাই আলোচনীখনৰ অলংকৰণ সুন্দৰ হৈছে বুলি প্রশংসা কৰে। তেওঁ আলোচনীখনত ড° নগেন শইকীয়া আৰু ইমৰান শ্বাহৰ দৰে বিশিষ্ট লেখকৰ লেখাও সম্পাদকে সংগ্ৰহ কৰি সন্নিৱিষ্ট কৰাটো আটাইতকৈ ভাল কথা বুলি উল্লেখ কৰি ইতিমধ্যে পাঠকসকলে আলোচনীখন ক্রয় কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছে বুলি সদৰী কৰাৰ লগতে অসমৰ প্ৰত্যেকখন কিতাপৰ দোকানত উপলব্ধ আলোচনীখন পাঠকে পূৰ্বৰ দৰে আদৰি গ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰে।
অনুষ্ঠানত 'দৈনিক জনমভূমি'ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে এখন আলোচনীত একেলগে ১৭০ গৰাকীকৈ সৰ্বাধিক লেখকে লিখা অন্য কোনো আলোচনীতে দেখা নাই বুলি উল্লেখ কৰি অসমৰ এনেকুৱা বিশেষ যিবোৰ আলোচনী কেইবাদশক ধৰি ওলাই আহিছে, তাৰ ভিতৰত 'দৈনিক জনমভূমি'ৰ ৰঙালী বিহু আলোচনীৰ এইবাৰৰ সংখ্যাটোত যিমানসংখ্যক লেখক সন্নিৱিষ্ট হৈছে সেইটো বোধহয় অসমীয়া আলোচনীৰ ইতিহাসত এক অভিলেখেই হ'ব বুলি ক'ব পাৰি বুলি মন্তব্য কৰে। তেওঁ কয়, 'আলোচনীখনত আটাইতকৈ বয়সিয়াল লেখক ৯০ বছৰ ঊর্ধ্বৰ সাহিত্যিক ইমৰান শ্বাহৰ পৰা আৰম্ভ কৰি আটাইতকৈ কম বয়সীয়া ২৫ বছৰৰ তলৰ লেখকো আছে। সকলো প্ৰজন্মৰ সকলো স্তৰৰ লেখকৰ উন্নতমানৰ লেখা আলোচনীখনে সামৰি লৈছে।' আনহাতে, আলাচনীখনত জুবিন গাৰ্গ বিষয়ক চাৰিটা বিশেষ নিবন্ধৰ লগতে ড° ভূপেন হাজৰিকা বিষয়ক আন দুটা নিবন্ধও সন্নিৱিষ্ট হৈছে বুলি জানিবলৈ দি তেওঁ নৱকান্ত বৰুৱাক জন্মশতবার্ষিকীৰ বিশেষ শ্রদ্ধা জনাই প্রকাশ কৰা বিশেষ লেখাটো আলোচনীখনৰ অন্যতম আকর্ষণ বুলি কয়।
দৈনিক জনমভূমিৰ চীফ ৰিপ'ৰ্টাৰ অমল গোস্বামীয়ে আঁত ধৰা আজিৰ উন্মোচনী অনুষ্ঠানত প্রাগ-জনমভূমিৰ মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা, প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞা, চি অ' অ' চি আৰ ডেকা, মুখ্য বিত্তীয় বিষয়া নৰেন্দ্ৰ শর্মাকে ধৰি জনমভূমি আৰু প্ৰাগৰ সদস্যসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে, 'জনমভূমি'ৰ ৰঙালী বিহুৰ বিশেষ সংখ্যাৰ আলোচনীখন সম্পাদনা কৰিছে কিশোৰ গোস্বামীয়ে। প্রায় ছয়কুৰি মানসম্পন্ন কবিৰ কবিতা, প্রায় ডেৰকুৰি গল্প, কেইবাখনো উপন্যাস-ঔপন্যাসিকা, ভিন্নধর্মী তথ্যসমৃদ্ধ লেখাকে ধৰি প্রায় ১৭০গৰাকী লেখকৰ আলোচনীখনত সমাহাৰ ঘটিছে। আলোচনীখনৰ অংগসজ্জা হৰিচন্দ্ৰ বৈশ্যৰ। আৰ্হি পাঠ চাইছে গুণমণি কলিতা আৰু সঞ্জীৱ ঠাকুৰীয়াই। বেটুপাত সুমন দাসৰ।