যুদ্ধভূমিত সহস্ৰ পুতনাৰ কিৰিলি

Kakali Deka October 20, 2023

ডিজিটেল ডেস্কঃ এমূৰে পুতনাৰ সন্মুখত মাছ-মাংসৰ আঞ্জা, আনন্দ, হাঁহি-ধেমালি, সিটো মূৰত আহত, মুমূৰ্ষুুু শিশু-মহিলাৰ হিয়াভগা কান্দোন৷ পকী মজিয়াত পৰি আছে অজস্ৰ মহিলা আৰু শিশু৷ এগৰাকী মাতৃৰ কাষত এটি শিশোৱে চিঞৰি চিঞৰি কান্দিছে৷ মাক আৰু সন্তান দুয়োৰে শৰীৰ তেজেৰে ৰাঙলী৷ অসহায় মাতৃয়ে হেজাৰ চেষ্টা কৰিও কাষতে পৰি থকা সন্তানটিক দাঙি ল’ব পৰা নাই৷ কাৰণ মাতৃৰ শৰীৰ বিদ্ধ হৈছে বোমাৰ উপৰ্যুপৰি আক্ৰমণত৷ শিশুটিৰ চিঞৰ শুনি এগৰাকী চিকিৎসক আহি কপাহেৰে মুখখন মচি তেজখিনি আঁতৰাই চিকিৎসাৰ বাবে লৈ গ’ল৷ হূদয়বিদাৰক এই দৃশ্য গাজাৰ৷

মঙলবাৰে গাজাৰ চিকিৎসালয়ত ভয়ংকৰ বোমা বৰ্ষণ কৰা হয়৷ এই বোমা বৰ্ষণত শিশু, মহিলাসহ সাত শতাধিকৰ মৃত্যু হোৱা বুলি বিশ্বজুৰি বাতৰি প্ৰচাৰ হৈছে৷ চিকিৎসালয়ত যুদ্ধোন্মাদ সৈন্যই বোমা পেলাই শিশু, মহিলাক হত্যা কৰি আনন্দত উত্ৰাৱল হৈ পৰিছে৷ নৃশংসতাক জয়ৰ আনন্দলৈ ৰূপান্তৰিত কৰি উত্ৰাৱল হৈ পৰিছে সৈন্য৷

ইজৰাইল আৰু হামাছৰ মাজত আৰম্ভ হোৱা যুদ্ধত আটাইতকৈ ভুগিবলগীয়া হৈছে শিশুসকলে৷ পিতৃ-মাতৃক গুলীয়াই হত্যা কৰাৰ পাছত হামাছে শিশুসকলৰ সৈতে ওমলাৰ দৃশ্য যিদৰে ৰাজহুৱা হৈছে, সেইদৰে কোলাত লৈ থকা এই শিশুক শিৰত গুলীয়াই হত্যা কৰি দলিয়াই দিয়াৰ নৃশংসতাও বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে৷ ইজৰাইল-হামাছৰ যুদ্ধই বিশ্বক দুভাগত বিভক্ত কৰিছে৷ কোনো পক্ষই ইজৰাইল আৰু কোনো পক্ষই পেলেষ্টাইনক সমৰ্থন দিছে৷ এতিয়া সমৰ্থকৰ মাজতো লাহে লাহে আৰম্ভ হৈছে সংঘাত৷

কোনো শান্তিপ্ৰিয় লোকে যুদ্ধক সমৰ্থন নকৰে৷ যুদ্ধত শত্ৰুপক্ষৰ সহজ আক্ৰমণৰ লক্ষ্য হৈ পৰে শিশু আৰু মহিলা৷ এই বছৰত অগা-পিছাকৈ পৃথিৱীবাসীয়ে দুখনকৈ যুদ্ধৰ সন্মুখীন হৈছে৷ দুয়োখন যুদ্ধই ভয়াৱহতা আৰু নিষ্ঠুৰতাক উপহাৰ দিছে পৃথিৱীক৷ ইজৰাইল-হামাছৰ যুদ্ধৰ পূৰ্বে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই দেখুৱাইছিল আধুনিক পৃথিৱীত এতিয়াও দয়াহীন শাসক আৰু সেনাই বিচৰণ কৰি আছে৷ নিজৰ অহংকাৰ প্ৰদৰ্শন কৰিবলৈকে এই শাসকে বাছি লৈছে যুদ্ধ৷ ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ মহিলাক বন্দী কৰি ধৰ্ষণ কৰিছে৷ সামান্য পৰিমাণেও আৱেগ-অনুভূতি থকা মানুহৰ গা জোকাৰি গৈছে সেই দৃশ্য দেখি, যি দৃশ্যত প্ৰত্যক্ষ হৈছে শত্ৰু পক্ষই ইউক্ৰেইনৰ ১০-১২ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰিছে৷

নেতাৰ অহমিকা আৰু উন্মাদনাৰ বাবে কণ কণ কন্যা শিশোৱে হেৰুৱাবলগীয়া হৈছে শৈশৱ, হেৰুৱাবলগীয়া হৈছে জীৱনৰ মাদকতা৷ একোজন প্ৰাপ্তবয়স্ক পুৰুষৰ যৌন কামনাৰ বলি যেতিয়া এটি কণমানি শিশু হ’বলগীয়া হৈছে, সেইখন পৃথিৱীত চৰাইৰ মাতত ৰাতি পুৱাই বুলি শিশোৱে কেনেকৈ জানিব? একেই অৱস্থা আজি ইজৰাইল-পেলেষ্টাইনত৷ হামাছ সন্ত্ৰাসবাদীয়ে ইজৰাইলত আক্ৰমণ চলাই এপিনৰ পৰা মহিলাক সম্ভোগ কৰিছে৷ এওঁলোকে সম্ভোগৰ বাবে বাছি লৈছে জ্জ্ব-জ্ঝ বছৰীয়া কন্যা শিশুকো৷ যি সময়ত চন্দ্ৰলৈ ইখনৰ পাছত সিখন যান পঠিয়াই মানুহে বিশ্ব জয়ৰ উলাহ-আনন্দত অধীৰ হৈছে, যি সময়ত মানুহে মঙলত মাটি এডোখৰ লৈ বাস কৰাৰ সপোন বাস্তৱ কৰিবলৈ আগবাঢ়িছে, সেই সময়ত ইজৰাইলত ভৱিষ্যৎ প্ৰজন্মই হেৰুৱাইছে শৈশৱ৷

মঙলবাৰে গাজাত যিখন চিকিৎসালয়ত বোমা বৰ্ষণ কৰা হৈছিল, সেই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যিকেইজন কোনোমতে ৰক্ষা পৰিল, তেওঁলোকো চিৰদিনৰ বাবে ঘুণীয়া হ’ল৷  হিৰোচিমা, নাগাচাকিত বিশ্ব যুদ্ধত পেলোৱা আণৱিক বোমাৰ কুফল আজিও তাৰ নাগৰিকে ভোগ কৰিছে৷ আণৱিক বোমাৰ কু-প্ৰভাৱৰ পৰা হিৰোচিমা, নাগাচাকিৰ জনসাধাৰণ এতিয়াও মুক্ত হ’ব পৰা নাই৷ দুখনকৈ বিশ্ব যুদ্ধৰ পৰা পৃথিৱীৰ নেতাসকলে আজিও নিশিকিলে৷ যুদ্ধই ৰাছিয়া, ইউক্ৰেইনক কি দিছে? যুদ্ধই ভগ্ন ইউক্ৰেইনক এতিয়া ধোঁৱা, ছাই আৰু প্ৰদূষিত এখন জগত উপহাৰ দিছে৷ ইয়াৰ কু-প্ৰভাৱ অনাগত ১০০ বছৰলৈ ইউক্ৰেইনৰ নাগৰিকে অনুভৱ কৰিব৷ ইউক্ৰেইনৰ ভৱিষ্যৎ প্ৰজন্মই ভvাডিমিৰ পুটিনক কি হিচাপে মনত ৰাখিব বাৰু? আজি বিশ্বই হিটলাৰক যিদৰে মনত ৰাখিছে, সেইদৰেই পুটিনক ইউক্ৰেইনৰ নাগৰিকে মনত নাৰাখিবনে?

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ শেষ হোৱা নাই৷ ইউক্ৰেইনক শেষ কৰিবলৈ লৈও ক’ৰবাত হাৰি গৈছে পুটিন৷ আচলতে এইখন যুদ্ধ ৰাছিয়া আৰু ইউক্ৰেইনৰ সাধাৰণ নাগৰিকৰ মাজত হোৱা নাই৷ এইখন যুদ্ধ ভvাডিমিৰ পুটিন আৰু ভল’ডেমীৰ জেলেন্সকীৰ মাজতহে হৈছে৷  বিনিময়ত জীৱন দিবলগীয়া হৈছে সাধাৰণ সৈনিক আৰু সাধাৰণ মানুহে৷ এতিয়া ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধতো জীৱন হেৰুৱাইছে দুয়োটা শিবিৰৰ সাধাৰণ মানুহে৷

দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত পৃথিৱীৰ মানুহ যুদ্ধৰ ভয়াৱহতাক লৈ অতি বেছি সচেতন হৈ পৰিছিল৷ যুদ্ধই আৰ্থ-সামাজিক দিশত যি ধৰণৰ ক্ষতি কৰে, সেই ক্ষতি প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধই দেখুৱাই গৈছে৷ মানুহে শান্তিত থাকিব বিচাৰে৷ জীৱন কাৰোৱেই দীঘলীয়া নহয়৷ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিজন লোকে জীৱন অতিবাহিত কৰিব লাগে৷ আৰম্ভ হোৱা জীৱনৰ সূৰ্য নিজৰ গতিত আগবাঢ়ি এটা সময়ত পশ্চিম আকাশত ডুব যায়৷ ইয়াৰ পৰা যিদৰে হিটলাৰেও ৰেহাই পোৱা নাছিল, সেইদৰে চাৰ্চিলো মুক্ত হোৱা নাছিল৷ সময়ে হিটলাৰ, চাৰ্চিল সকলোকে পৃথিৱীৰ পৰা কাঢ়ি নিলে৷ কিন্তু যুদ্ধৰ বিভীষিকাই পৃথিৱীক এখন বিয়োগৰ বুৰঞ্জী উপহাৰ দিলে৷

আজি ইজৰাইল-হামাছৰ যুদ্ধই মানুহক সেইখন ইজৰাইলক আকৌ সুঁৱৰিবলৈ বাধ্য কৰিছে৷ প্ৰায় ২২ হাজাৰ বৰ্গ কিল’মিটাৰ ভূখণ্ডত ৯৭ লাখ মানুহেৰে ভৰি থকা ইজৰাইল এখন তেনেই সৰু দেশ৷ অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩ কোটি ৪০ লাখ৷ ইয়াৰ প্ৰায় এক চতুৰ্থাংশহে ইজৰাইলৰ জনসংখ্যা৷ এই ইজৰাইলৰ ইতিহাস কিন্তু স্বৰ্ণখচিত৷ যি ইতিহাসক পৃথিৱীয়ে কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে৷ ৯৭ লাখ জনসংখ্যাৰ দেশ এখনে এতিয়ালৈকে পৃথিৱীক ১৩গৰাকী নোবেল বঁটাৰে সন্মানিত ব্যক্তি উপহাৰ দিছে৷ ইজৰাইলৰ এই অৱদানক পৃথিৱীয়ে জানো পাহৰিব পাৰিব? যিদৰে কিউবাৰ নেতা ফিডেল কাষ্ট˜’ক আধুনিক পৃথিৱীৰ মানুহে আমেৰিকাৰ যিকোনো এজন ৰাষ্ট˜পতিতকৈ অধিক শক্তিশালী আৰু যুগ নেতা হিচাপে মনত ৰাখিছে৷

৯৭ লাখ মানুহৰ বসতিপ্ৰধান দেশ এখনে ১৩গৰাকীকৈ নোবেল বিজয়ীৰ জন্ম দিব পৰাটো একেবাৰে অসহজ কথা৷ ইজৰাইলৰ উৰ্বৰ ভূমি আৰু পৰিৱেশক পৃথিৱীয়ে ইয়াৰ বাবে বাৰে বাৰে কৃতজ্ঞতা জনাই আহিছে৷

পেলেষ্টাইনৰ অৱদানো কম নহয়৷ পেলেষ্টাইনেও জন্ম দিছে য়াছেৰ আৰাফটৰ দৰে শান্তিৰ নোবেল বিজয়ীক৷ আজি হামাছৰ দৰে সন্ত্ৰাসবাদীৰ বাবে নিন্দিত হোৱা পেলেষ্টাইনৰ ভূমিতে আৰাফটৰ দৰে এগৰাকী যুঁজাৰু পুৰুষৰ জন্ম হৈছিল৷ আৰাফটৰ জন্মই পৃথিৱীক ধন্য কৰিছে৷ এই সত্য আজি শত্ৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য৷ পাছৰ প্ৰজন্মৰ নেতাৰ আগ্ৰাসন আৰু সাধাৰণ মতানৈক্যক জটিল ৰূপ দি যুদ্ধলৈ ৰূপান্তৰিত কৰি দুয়োখন দেশৰ শিশু আৰু মহিলাৰ ওপৰত যি নাৰকীয় নিৰ্যাতন নমাই অনা হৈছে, ইয়াৰ বিৰুদ্ধে ৰাষ্ট˜সংঘৰ ভূমিকা অতি দুৰ্ভাগ্যজনক৷ পৃথিৱীক তৃতীয় বিশ্বযুদ্ধৰ পৰা বচাবলৈ ৰাষ্ট˜সংঘই কোনো ভূমিকাই পালন কৰা নাই৷ ৰাষ্ট˜সংঘই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব নোৱাৰিলে৷ আৰু এতিয়া ইজৰাইল-হামাছৰ যুদ্ধতো কোনো প্ৰভাৱ নাই ৰাষ্ট˜সংঘৰ৷ ৰাষ্ট˜সংঘ আজি কাঠৰ পুতলা সদৃশ৷ যুদ্ধৰ আন্তঃৰাষ্ট˜ীয় সকলো বিধি উলংঘা কৰা হৈছে ইজৰাইল-হামাছৰ ক্ষেত্ৰত৷ ৰাছিয়া-ইউক্ৰেইনে ৰাষ্ট˜সংঘ যে দন্তহীন বাঘ, সেয়া প্ৰমাণ কৰি থৈছে৷ যুদ্ধত বাৰে বাৰে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে শিশু আৰু মহিলাসকল৷ অথচ যুদ্ধৰ আন্তৰ্জাতিক বিধি অনুসৰি শিশু আৰু মহিলাক নিৰপেক্ষ জ্ঞান কৰি তেওঁলোকক শত্ৰুপক্ষৰ সৈন্যই আক্ৰমণৰ লক্ষ্য কৰিব নোৱাৰিব বুলি কোৱা আছে৷

এই বিধি উলংঘাৰ পাছতো দুয়োখন যুদ্ধত ৰাষ্ট˜সংঘই নিৰাপদ দূৰত্বত অৱস্থান কৰিছে৷ শক্তিশালী দেশসমূহে পৃথিৱীক নিজৰ অধীন কৰি তেওঁলোকৰ মতে পৰিচালনা কৰিব বিচাৰিছে৷ আমেৰিকাই তেওঁলোকৰ অনুগত ৰাষ্ট˜সমূহক লৈ এটা শিবিৰ গঠন কৰিছে৷ চীনেও তেওঁলোকৰ অনুগত ৰাষ্ট˜সমূহক লৈ আন এটা শিবিৰ সৃষ্টি কৰিছে৷ অনুগত ৰাষ্ট˜সমূহৰ এটাই স্বাৰ্থ, সেয়া হ’ল– ঋণ নতুবা অনুদান৷

বিশ্বক বশীভূত কৰি নিজৰ কব্জালৈ নিবৰ বাবে আমেৰিকা, চীনে চলোৱা কুচকাৱাজৰ সৈতে ইজৰাইল-হামাছৰ যুদ্ধৰ সম্পৰ্ক নথকা নহয়৷ আমেৰিকাই ইজৰাইলক সমৰ্থন জনাইছে যদিও হামাছৰ আক্ৰমণৰ পৰা দেশখনৰ নিৰীহ শিশু আৰু মহিলাক ৰক্ষা কৰাত ব্যৰ্থ হৈছে৷

১৭ অক্টোবৰ, ২০২৩ত গাজাত যি নৃশংস হত্যাকাণ্ড সংঘটিত হ’ল, ইয়াৰ পৰা ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশে ৰেহাই নাপায়৷ পৃথিৱীবাসীক ইজৰাইলে এটা ধাৰণা দিব বিচাৰিছে যে পেলেষ্টাইন সন্ত্ৰাসবাদৰ সমৰ্থক৷ ইয়াৰ বিপৰীতে ইজৰাইল গণতন্ত্ৰৰ ৰক্ষক৷ এই ধাৰণা ১৭ অক্টোবৰৰ নৃশংসতাই মিছা বুলি প্ৰমাণ কৰাৰ পথত৷ গাজাৰ চিকিৎসালয়ত বোমা বৰ্ষণ কৰি শিশু-মহিলাসহ সাত শতাধিক নাগৰিকক হত্যা কৰাৰ পাপৰ পৰা ইজৰাইল-পেলেষ্টাইন কোনেও নিস্তাৰ পাব নোৱাৰে৷ যুদ্ধৰ মাজত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীক হত্যা কৰা কাণ্ডই দুয়োখন দেশৰ পৈশাচিক মনোবৃত্তি উদঙাই দিছে৷ পৃথিৱীজুৰি ইয়াৰ বিৰুদ্ধে জনমত গঠন হোৱাৰ লগে লগে গাজাৰ বোমা বিস্ফোৰণৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে ইজৰাইল আৰু পেলেষ্টাইনে৷ তেনেহ’লে কোনে সাত শতাধিক মানুহক নিমিষতে হত্যা কৰিলে? ইয়াৰ উত্তৰ ইজৰাইল আৰু পেলেষ্টাইনৰ ৰাষ্ট˜প্ৰধান দুগৰাকীয়ে পৃথিৱীবাসীক দিব লাগিব৷

নিৰপেক্ষ ৰাষ্ট˜ৰ এটা উমৈহতীয়া দলক গাজাৰ নৃশংস গণহত্যাৰ তদন্তৰ দায়িত্ব দিয়া উচিত৷ ৰাষ্ট˜সংঘই বিচাৰি উলিয়াওক কোন সেই নৰপিশাচ, যি যুদ্ধৰ উন্মাদনাৰ সুযোগ লৈ সাত শতাধিক নিৰীহ লোকক মুহূৰ্ততে হত্যা কৰিলে? ইয়াৰ উত্তৰ আজি পৃথিৱীৰ বিভিন্ন লোকে বিচাৰিছে৷ যুদ্ধৰ বিৰোধিতাৰে জ’ বাইডেনৰ আমেৰিকাতো গণতন্ত্ৰপ্ৰেমী নাগৰিকে ৰাজপথত প্ৰতিবাদী সমদল উলিয়াইছে৷ ইজৰাইলক সমৰ্থন কৰাৰ বিৰোধত আমেৰিকাৰ ৰাজপথত জনতাই যি প্ৰতিবাদী মিছিল বাহিৰ কৰিছে, এই মিছিলে জ’ বাইডেনলৈকো সতৰ্কবাণী প্ৰেৰণ কৰিছে৷ ইজৰাইলক সমৰ্থন কৰি নিজ দেশতে ৰাষ্ট˜পতি বাইডেন আজি জনৰোষত৷

যুদ্ধই আমাৰ জীৱনলৈ কোনো পৰিৱৰ্তন নানে৷ যুদ্ধই কোনো নেতাৰ শিৰত গৰ্ব-অহংকাৰৰ মুকুট পিন্ধাব নোৱাৰে৷ ইয়াৰ উদাহৰণ পুটিন৷ বিশ্বৰ নতুন প্ৰজন্মই পুটিনৰ নৃশংসতাক গৰিহণা দি জেলেন্সকীক বন্দীত কৰিছে৷ ৰাছিয়াতে তৰুণ প্ৰজন্মৰ মুকলি বিদ্ৰোহৰ মুখামুখি হৈছে পুটিন৷

অত্যাচাৰী শাসকে বলপূৰ্বকভাৱে সংবাদ মাধ্যম আৰু বাক স্বাধীনতা কিছু সময়লৈ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ কিন্তু অনন্ত কাললৈ কোনো শাসকে মানুহৰ কণ্ঠ ৰোধ কৰিব পৰাৰ উদাহৰণ পৃথিৱীত বিৰল৷ সেয়া লাগিলে ভাৰতেই হওক নতুবা ৰাছিয়া, আমেৰিকাই হওক৷ আজি ৰাছিয়াত বিভিন্ন প্ৰতিবন্ধকতাৰ মাজতো পুটিনৰ স্বৈৰাচাৰৰ বিৰোধিতাৰে জনজাগৰণৰ সূচনা হৈছে৷ এই জনজাগৰণৰ গুৰি ধৰিছে যুৱতী, মহিলা আৰু একাংশ তৰুণে৷ য’তেই শাসকে স্বৈৰাচাৰ, অন্ধবিশ্বাস, কু-সংস্কাৰ, ধৰ্মান্ধতাৰ নিচান উৰুৱাবলৈ চেষ্টা চলাইছে, তাতেই তৰুণ প্ৰজন্মই ইয়াৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে৷ গাজাৰ বিস্ফোৰণৰ পাছতে ইজৰাইলৰ তৰুণ প্ৰজন্মৰ মাজতো দেশখনৰ নেতাৰ অহংকাৰ আৰু মানুহ-বিৰোধী স্থিতিৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠিছে৷ ই মানৱ জাতিৰ বাবে শুভ লক্ষণ৷

Share This