ডিজিটেল ডেস্ক: লেখক-সাংবাদিক মৃণাল কুমাৰ বৰাৰ নৱতম গ্ৰন্থ 'জুবিন বৈভৱ'-এ পাঠকৰ পৰা বিপুল সমাদৰ লাভ কৰিছে। যোৱা ৫ ডিচেম্বৰত গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল। কিন্তু এসপ্তাহ নৌহওঁতেই প্রথম সংস্কৰণ শেষ হৈ যোৱাৰ বাবে প্ৰকাশকে শুকুৰবাৰে গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ বজাৰত মুকলি কৰি দিয়ে।
অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী বনলতা (ডিব্ৰুগড়)ই প্ৰকাশ কৰিছে 'জুবিন বৈভৱ'। গ্ৰন্থখনিৰ পৰিকল্পনা আৰু অলংকৰণ ড° অসীম চুতীয়াৰ। আকর্ষণীয় প্রচ্ছদ আৰু উন্নত ছপাবন্ধাই গ্ৰন্থখনৰ প্ৰতি পাঠকক বিশেষভাৱে আকৃষ্ট কৰিছে। তিনিচুকীয়া আৰু শিৱসাগৰৰ পিছত শুকুৰবাৰৰ পৰা ডিব্ৰুগড় আৰু মঙলদৈত আৰম্ভ হোৱা গ্রন্থমেলাতো যথেষ্টসংখ্যক দর্শকে ক্ৰয় কৰিছে 'জুবিন বৈভৱ'।
উল্লেখযোগ্য যে শিল্পীগৰাকীৰ মহাপ্রয়াণৰ পিছত এতিয়ালৈকে জুবিন গাৰ্গ বিষয়ক প্রায় ৭০-৮০ খন গ্রন্থ প্রকাশ পাইছে যদিও ইয়াৰে সৰহসংখ্যকেই বিভিন্ন লেখকৰ নিৰ্বাচিত প্ৰবন্ধৰ সংকলন। এইক্ষেত্রত ব্যতিক্রম মৃণাল কুমাৰ বৰাৰ 'জুবিন বৈভৱ'। জুবিন গাৰ্গৰ সৈতে ব্যক্তিগত সম্পৰ্ক আৰু সাংস্কৃতিক সাংবাদিকতাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে লেখকে সকলো চামৰ পাঠকৰ উপযোগীকৈ সহজ-সৰল ভাষাৰে গ্ৰন্থখন ৰচনা কৰিছে।
জুবিন গাৰ্গৰ শৈশৱ, কৈশোৰৰ পৰা আৰম্ভ কৰি তেওঁৰ সাংগীতিক যাত্রা, চলচ্চিত্র, জীৱন দৰ্শন আদিৰ লগতে শিল্পীগৰাকীৰ জীৱনৰ বহু আমোদজনক ঘটনাও সন্নিৱিষ্ট হৈছে গ্রন্থখনিত। ১২০ পৃষ্ঠাৰ গ্ৰন্থখনিৰ মূল্য ১৮০ টকা। বনলতাৰ লগতে অন্যান্য বিপণী আৰু আমাজনতো উপলব্ধ হৈছে 'জুবিন বৈভৱ'।