ডিজিটেল ডেস্ক: কলিয়াবৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অধিৱেশনৰ কালি দ্বিতীয় দিন। পুৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয সমিতিৰ সভানেত্রী সুবর্ণ শইকীয়া বৰদলৈয়ে। কলিয়াবৰ জিলা লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰে সভানেত্রী সন্ধ্য খাওন্দে। উক্ত সময়তে সোণালী জয়ন্তী উপলক্ষে ৫০খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছতে গ্ৰন্থমেলাৰ দুৱাৰ মুকলি কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমোধৰ হাজৰিকাই।
প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ উপ-সভাপতি টংকেশ্বৰ বৰাই। ভাষণত তেওঁ অসমীয়া জাতিৰ পৰনিৰ্ভৰশীলতাক সমালোচনা কৰি কয় যে অসমীয়া জাতি আত্মনিৰ্ভৰশীল নহ'লে জাতি জীয়াই নাথাকিব। ইয়াৰ পাছতে অনুষ্ঠিত 'বুৰঞ্জী সন্মিলন' উদ্বোধন কৰি কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্রাক্তন মন্ত্রী গুণীন হাজৰিকাই ভাষণত কয় যে বুৰঞ্জী কেতিয়াও নিখুঁত অথবা শুদ্ধ হ'ব নোৱাৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত কাৰাবন্দী হোৱা প্ৰথমগৰাকী মহিলা কলিয়াবৰৰ কেৱল গুণেশ্বৰী দেৱীয়ে নাছিল। তেওঁৰ লগত কাৰাবন্দী হোৱা আন এগৰাকী মহিলা হ'ল মুক্তাবালা বৈষ্ণৱ। কিন্তু এই নামটো পাছলৈ নাইকিয়া হ'ল বুলি তেওঁ আক্ষেপ প্রকাশ কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সভানেত্রী সুবর্ণ শইকীয়া বৰদলৈৰ সভানেত্ৰিত্বত অনুষ্ঠিত সন্মিলনখন সঞ্চালনা কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বৰঠাকুৰে। বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপিকা গোপিকানন্দ শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত 'মধ্য যুগৰ ৰণক্ষেত্ৰত কলিয়াবৰ আৰু মূলা গাভৰুৰ আত্ম বলিদান' শীর্ষক বিষয়ত বক্তৃতা দিয়ে চৰাইদেউ খণ্ড প্রাথমিক শিক্ষা বিষয়া তথা বিশিষ্ট লেখিকা ৰেখামণি বিষয়াই। ভাষণত তেওঁ মধ্য যুগত প্রায় ৮০ শতাংশ যুদ্ধ এইখন কলিয়াবৰতে বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে ১৫২৮-১৬৯৪ চনলৈ কলিয়াবৰ ৰণক্ষেত্ৰ হিচাপে চিহ্নিত হৈছিল। সেই যুদ্ধত ৮খন হংদাং হেৰাইছিল। মধ্য যুগৰ ৰণক্ষেত্ৰত কলিয়াবৰ আৰু মূলা গাভৰুৰ আত্ম বলিদানৰ বিষয়ে বুৰঞ্জীৰ পাতে পাতে উল্লেখ আছে। সেই সময়ত মোগলক ভেটা দিয়াৰ স্থান হিচাপে নির্ণয় কৰিছিল ৰঙামাটি আৰু গুৱাহাটী। সেই কথাই পাছলৈ মানুহৰ মুখ বাগৰি 'হয় ৰঙামাটি নহয় গুৱাহাটী'ত বুলি এক ফকৰা যোজনাত পৰিণত হ'ল। সেয়া আজিও প্রচলিত হৈ আছে বুলিও মন্তব্য কৰে। তেওঁ লগতে মধ্যযুগত কলিয়াবৰ ৰণক্ষেত্ৰৰ মূল ঠাই আছিল বুলি উল্লেখ কৰে।
অনুষ্ঠানত 'স্বাধীনতা আন্দোলনত কলিয়াবৰ আৰু কলিয়াবৰৰ মহিলা শক্তিৰ ভূমিকা' শীর্ষক বিষয়ত বক্তব্য আগবঢ়ায় কলিয়াবৰৰ লেখক-সমালোচক ভূপেন শৰ্মাই। ভাষণত তেওঁ কয় যে অসমত যদিহে মানৰ আক্ৰমণ নহ'লহেঁতেন উদ্ধাৰকাৰী হিচাপে অসমলৈ ব্রিটিছ আহিব লগা নহ'লহেঁতেন। তেতিয়া হয়তো অসম বুৰঞ্জী অন্য ধৰণে লিখিব লগা নহ'লহেঁতেন বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত প্রয়াত সাবিত্রী বৰগোহাঁইৰ জীয়ৰী ড° হিৰণময়ী দুৱৰা, বোৱাৰী হেমা বৰগোহাঁই আৰু প্ৰতিমা গগৈক সমজুৱাৰ সৈতে পৰিচয় কৰাই দিয়া হয়। ইয়াৰ পাছতে স্নিগ্ধা দে'ৰ সোঁৱৰণত ন-লেখিকা, প্ৰজন্মৰ সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰে বিহু সম্রাজ্ঞী বিশিষ্ট চলচ্চিত্র অভিনেত্রী চয়নিকা কাশ্যপে। তেওঁৰ ভাষণত এটি বিহু গীতেৰে ৰাইজক সম্বোধন কৰি আপ্লুত কৰে। 'জুবিন গাৰ্গৰ সপোনৰ অসম আৰু সংগীত চৰ্চাৰ আধুনিক দৃষ্টি' শীর্ষক বক্তৃতা অনুষ্ঠান সঞ্চালনা কৰে দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্রী তথা গল্পকাৰ সৃঞ্জনা শৰ্মাই। ভাষণত তেওঁ নতুন প্রজন্মক সৃষ্টিশীল মনেৰে আগ বাঢ়িবলৈ আহ্বান।
অনুষ্ঠানৰ বক্তা ৰঙাপাৰা মহাবিদ্যালয় প্রাক্তন ছাত্রী অংকিতা দাসে কয় যে যুৱ সমাজ শুদ্ধ পথেৰে গ'লেহে অসমখন উজলি উঠিব। তেওঁ কয় যে জুবিন গার্গে ভবাৰ দৰে দুখীয়াক সহায় কৰা, প্রকৃতি সুৰক্ষাৰ বাবে গছ-গছনি ৰোপণ কৰিব লাগে। জুবিন গাৰ্গে মনৰ পৃথিৱীখন ঘূৰাই পোৱাৰ টানত বহু গীত লিখা বুলি তেওঁ লগতে কয়। জুবিন গাৰ্গৰ গীতে মানুহৰ অন্তৰত স্থান ল'বলৈ সক্ষম হৈছে। লোকগীতসমূহ জুবিনে জনপ্রিয় কৰি গ'ল বুলিও তেওঁ কয়। অনুষ্ঠানত 'অসমীয়া ভাষা-সংস্কৃতি উত্তৰণত গণ মাধ্যমৰ ভূমিকা' শীর্ষক বক্তৃতা দিয়ে সাংবাদিক হিমাঞ্চল দত্তই। উক্ত অনুষ্ঠানতে নৱ প্ৰজন্মৰ দৃষ্টিত অসমীয়া ভাষা-সাহিত্যৰ বৰ্তমান আৰু ভৱিষ্যৎ আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰৱণতা বিষয়ত বক্তৃতা দিয়ে তেজপুৰ লোকপ্রিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ছাত্ৰী বিউটি কুণ্ডুলানাই। ইফালে কালি অনুষ্ঠিত কবি সন্মিলনত গ্ৰন্থৰ বৰষুণ হয়। ২০০ৰো অধিক লেখকৰ বিভিন্ন গ্রন্থ কবি সন্মিলনত উন্মোচন কৰে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে।