চৰকাৰী অধিবক্তাৰ দলক আদৰণি জনাই গৰিমা গাৰ্গে ক'লে, জুবিনক ন্যায় প্রদানত ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ দায়িত্ব আছে

dainik janambhumi January 11, 2026

ডিজিটেল ডেস্ক: জুবিন হত্যাৰ গোচৰটোত অসমবাসীৰ হৈ জুবিনৰ ন্যায়ৰ বাবে যুঁজিবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া চৰকাৰী অধিবক্তাৰ দলটোক জুবিনৰ পত্নী গৰিমা শইকীয়া গার্গে শ্রদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। 

সামাজিক মাধ্যমত দিয়া এক প'ষ্টত গৰিমা শইকীয়া গার্গে কয় যে এতিয়া কেৱল অসমেই নহয়, সমগ্র বিশ্বই অতি আস্থাৰে এই দলটোৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল, সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰু হিচাপে অগুৱাই নিব আৰু আদালতত ন্যায় প্রতিষ্ঠা সুনিশ্চিত কৰিব। তেওঁ লগতে কয়, 'আশা কৰিছোঁ আপোনালোকে সম্পূর্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি বিহিব। তাৰবাবে আমাৰ পৰিয়ালৰ লগতে সমূহ ৰাইজৰ প্রার্থনা, শুভকামনা আৰু জ্যেষ্ঠসকলৰ আশীর্বাদ আছে, সদায় থাকিব।' 

গৰিমা গাৰ্গে দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি সদায় আস্থা আছে বুলি পুনৰবাৰ উল্লেখ কৰি কয় যে জুবিনৰ ন্যায় প্ৰদানৰ প্ৰতি ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ দায়িত্ব আছে, লগতে জড়িত হৈ আছে সমগ্ৰ ৰাইজৰ অনুভৱ, আৱেগ আৰু অভিমান। ইফালে কালি প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে জুবিনৰ হত্যাৰ তদন্তৰ অগ্রগতি আৰু ন্যায়িক প্ৰক্ৰিয়াৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবৰ বাবে কংগ্ৰেছ দলৰ সদস্য তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰী, ৰাম প্রসাদ শৰ্মা, দিলীপ চৌধুৰী, হামিদুৰ ৰহমান, হেমন্ত কলিতা আৰু ৰুবী গগৈক লৈ এখন বিশেষ সমিতি গঠন কৰি দিছে।

Share This