ডিজিটেল ডেস্ক: যিমানে নির্বাচনৰ দিন চমু চাপি আহিছে, ৰাজ্য চৰকাৰখনে সিমানে ঋণ লোৱা বৃদ্ধি কৰিছে। যোৱা ৩০ ডিচেম্বৰত ১০০০ কোটি টকা, ছয় জানুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত ৰাজ্য চৰকাৰখনে পুনৰ অহা তেৰ জানুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। অর্থাৎ এটা পষেকৰ ভিতৰতে ৰাজ্য চৰকাৰখনে মুঠ ১০০০ কোটি টকাৰ ঋণ ল'ব লগীয়া হৈছে।
ইতিমধ্যে অহা তেৰ জানুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ ৰাজ্য চৰকাৰখনে ভাৰতীয় ৰিজার্ভবেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। বাৰ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা হ'ব। ইফালে নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰখনে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক আঠ হাজাৰ টকাকৈ প্ৰদান কৰাৰ লগতে চাহ বাগিচাৰ শ্ৰমিকসকলকো পাঁচ হাজাৰ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰি প্ৰতি মাহে মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্রতিখন জিলাতে মহিলাসকলক দহ হাজাৰ টকাকৈ প্ৰদান কৰি আছে। যাৰ বাবে ধনৰ জোৰা মৰাৰ বাবে ৰাজ্য চৰকাৰখনে বৃহৎ পৰিমাণৰ ঋণ ল'ব লগীয়া হৈছে।
উল্লেখযোগ্য যে ভাৰতীয় ৰিজার্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি অসম চৰকাৰে যোৱা বৰ্ষৰ মাৰ্চ মাহলৈকে লোৱা ঋণৰ পৰিমাণ হৈছে ১,৭৭,৯৮৩.২ কোটি টকা। আজিৰ তাৰিখত অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা প্রায় ৪২ হাজাৰ টকালৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ইমান বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ ফলত ভৱিষ্যতে দেখা দিব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেগে ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰিবলৈ ৰাজ্য চৰকাৰখনক পৰামৰ্শ দিছে। কিন্তু এনে পৰামৰ্শক অলপো গুৰুত্ব দিয়া নাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। ইফালে প্রতি মাহে কোটি কোটি টকা ঋণ লোৱাৰ ফলত সুদৰ নামতে বছৰি হাজাৰ হাজাৰ কোটি টকা চৰকাৰখনে পৰিশোধ কৰিব লগীয়া হৈছে। ২০২৪-২৫ বর্ষত ৯,৪৬৮ কোটি টকা সুদৰ নামত ভৰিব লগীয়া হৈছে ৰাজ্য চৰকাৰখনে। সকলোতকৈ ডাঙৰ কথা যে ৰাজ্য চৰকাৰে লোৱা এই ঋণৰ ধন ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত ব্যয় কৰাতকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যয় কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।
জানিব পৰা মতে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰখনে হিতাধিকাৰীৰ মাজত প্রায় এঘাৰ হাজাৰ কোটি টকা বিতৰণৰ লক্ষ্য লৈছিল। কিন্তু শেহতীয়াকৈ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পৰিমাণ প্রায় তেৰ হাজাৰ কোটিলৈ বৃদ্ধি কৰা হৈছে। এই ধনেৰে মহিলা ভোটাৰক লক্ষ্য কৰি 'অৰুণোদয়' মহিলা উদ্যমিতা, নিযুত মইনা আদি আঁচনি ৰূপায়ণ কৰি থকা হৈছে। ইয়াৰ উপৰি শেহতীয়াকৈ 'বাবু আঁচনি'ৰ জৰিয়তে স্নাতকোত্তৰ শিক্ষাৰ্থীক মাহেকত ২,০০০ টকা আৰু স্নাতক শিক্ষার্থীক ১,০০০ টকাকৈ প্রদান কৰাৰো লক্ষ্য লোৱা হৈছে। ইফালে ৰেছন কার্ড থকা হিতাধিকাৰীসকলক মচুৰ দাইল, চেনি আৰু নিমখ প্ৰদানৰ নামতো বৃহৎ অংকৰ ধন ব্যয় হৈছে। তথ্য মতে ২০১৬ চনত অসম চৰকাৰৰ সৰ্বমুঠ ঋণ ৪১,৯৬৪ কোটি টকা আছিল। ইয়াৰ পাছত সোণোৱাল চৰকাৰৰ দিনত ঋণৰ বোজা বৃদ্ধি হৈ ২০২১ চনত ৮৯,৭০৯ কোটি টকা হয়গৈ। কিন্তু ২০২১ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত ইমানেই গুৰুত্ব দিলে যে ২০২১ চনৰ পৰা ২০২৫ চনলৈ অসম চৰকাৰৰ ঋণৰ বোজা হৈছেগৈ ১,৭৭,৯৮৩ কোটি টকা। মুঠৰ ওপৰত ৰাজ্য চৰকাৰখনে ঋণ লৈ হ'লেও ঘিউ খোৱা নীতি গ্ৰহণ কৰাৰ ফলত এতিয়া ঋণৰ বোজাত ৰাজ্যবাসীৰ কঁকাল বেঁকা হৈ পৰিছে।