১৬ ডিচেম্বৰত লৈছিল ৯০০ কোটি টকা, ৩০ ডিচেম্বৰত ১০০০ কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক: ঋণ লোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ কৃপণালি কৰা নাই অসম চৰকাৰে। ১৬ ডিচেম্বৰত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত অহা ৩০ ডিচেম্বৰত পুনৰ ১০০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰখনে। বিছ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা হ'ব। ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত এই ঋণৰ বাবে প্রস্তাৱ দাখিল কৰিছে। 

উল্লেখযোগ্য যে অসম চৰকাৰৰ ঋণৰ পৰিমাণ বার্ষিক ২০.৬৭ শতাংশ হাৰত গড়ে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত কেগে ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে যদিও ৰাজ্য চৰকাৰখনে এনে পৰামৰ্শক অলপো গুৰুত্ব দিয়া নাই। তথ্য অনুসৰি যোৱা ২০২৪-২৫ বৰ্ষত অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ আছিল ১ লাখ ৫৪ হাজাৰ ৩৩৩ কোটি টকা। চলিত ২০২৫-২৬ বর্ষত ঋণ সংগ্ৰহৰ লক্ষ্য হৈছে ৩৬,১৮৫ কোটি টকা। ইতিমধ্যে প্রায় ২১ হাজাৰ কোটিৰো অধিক ঋণ লৈছে ৰাজ্য চৰকাৰখনে। সকলোতকৈ ডাঙৰ কথা যে এনেদৰে প্রতি মাহে কোটি কোটি টকা ঋণ লোৱাৰ ফলত সুতৰ নামতে বছৰি হাজাৰ হাজাৰ কোটি টকা পৰিশোধ কৰিবলগীয়া হৈছে। ঋণৰ সুত পৰিশোধৰ বাবদ ২০২২-২৩ বর্ষত ৬,৮৭৫ কোটি টকা, ২০২৩-২৪ বর্ষত ৮,১৩৯ কোটি টকা আৰু ২০২৪-২৫ বর্ষত ৯,৪৬৮ কোটি টকা ব্যয় কৰিবলগীয়া হৈছে। বিগত কেইবছৰ ধৰি ৰাজ্য চৰকাৰে একেৰাহে হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি অহাৰ সমান্তৰালকৈ ঋণৰ পৰিমাণো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে।

যাৰ ফলত বৰ্তমান অসমৰ জনমূৰি ঋণৰ পৰিমাণ প্রায় ৪২,৪১৯টকা হৈছেগৈ। মন কৰিব লগীয়া কথা যে ২০১৫-১৬ বিত্তীয় বর্ষলৈকে তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালৰ শেষত ৰাজ্যৰ ঋণৰ পৰিমাণ আছিল প্রায় ৪১,৯৬৪ কোটি টকা। এই সময়ছোৱাত সুতৰ বাবত মুঠ ব্যয় হৈছিল ২৬,৩৬১ কোটি টকা। ইয়াৰ পাছত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত ৪৭,৭৪৫ কোটি টকাৰ ঋণ গ্ৰহণ কৰা হৈছিল আৰু সুতৰ বাবত ব্যয় হৈছিল ১৯,৬৫১ কোটি টকা। 

কিন্তু বর্তমান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত ঋণ আৰু সুত দুয়োটাই পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিছে। ইফালে অনাগত বিধানসভাৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অহা ফেব্ৰুৱাৰীৰ আগভাগলৈকে কমপক্ষেও তিনি হাজাৰ কোটি টকা নতুনকৈ ঋণ লোৱাৰ লক্ষ্য নির্ধাৰণ কৰি ৰাখিছে। অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি, ৰেছনৰ দোকানৰ অধীনত ৰেহাই মূল্যত দাইল-চেনি-নিমখৰ যোগান অব্যাহত ৰখা, অহা মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে নতুনকৈ আর্থিক উপহাৰৰ ব্যৱস্থা কৰাৰ দৰে নিৰ্বাচনী দিন-বাৰ ঘোষিত হোৱাৰ পূৰ্বে ৰাইজৰ মন জয় কৰাৰ বাবে তৎপৰ হৈ উঠিছে ৰাজ্য চৰকাৰ। যাৰ বাবে কেগে সতর্কবাণী দিয়াৰ পাছতো নির্বাচনী ভোটৰ অংকত চৰকাৰখনে ঋণ লোৱাৰ সিদ্ধান্ত লৈছে।

Share This