ডিজিটেল ডেস্কঃ পৰিসংখ্যাত উন্মোচন ৰাজ্যৰ অপৰাধৰ হাৰ আৰু গোচৰ নিষ্পত্তিৰ তথ্য ৷ চলিত বৰ্ষৰ মাৰ্চ মাহলৈ ঊৰ্ধ্বগামী হৈছে গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰাৰ হাৰ ৷
২০১৯ বৰ্ষত ৰাজ্যৰ আৰক্ষী থানাত ৰুজু হৈছিল ১,৩২,৭৮৩ টা গোচৰ ৷ উক্ত বৰ্ষত আৰক্ষীয়ে ৫.৯% গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰে ৷ ২০২০ বৰ্ষত পঞ্জীয়ন হোৱা ১,২১,৬০৯ গোচৰৰ বিপৰীতে ৫.৫% গোচৰত দোষী সাব্যস্ত কৰে ৷ ২০২১ বৰ্ষত ১,৩৩,২২৯ টা গোচৰৰ বিপৰীতে ৬.১% গোচৰত দোষী সাব্যস্ত কৰে ৷২০২২ বৰ্ষত ৬৮,৯৩৭ গোচৰৰ বিপৰীতে ১৩.৫% গোচৰত দোষী সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷
আনহাতে ২০২৩ বৰ্ষত ৬৪,৯৫৯ টা গোচৰৰ বিপৰীতে ১৬.৪% গোচৰত দোষী সাব্যস্ত কৰে ৷২০২৪ বৰ্ষত ৫০,২১৫ গোচৰৰ বিপৰীতে ২২.৯৫% ক দোষী সাব্যস্ত কৰে ৷ আনহাতে ২০২৫ বর্ষৰ মাৰ্চ মাহলৈ ৰাজ্যত পঞ্জীয়ন হৈছে ১১,৬২২ টা গোচৰ ৷ এই গোচৰৰ বিপৰীতে ২৫.৩৩% গোচৰত অপৰাধীক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷
অপৰাধত অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ ক্ষেত্ৰতো সফল হৈছে আৰক্ষী ৷ ২০১৯ বৰ্ষত ৰুজু হোৱা গোচৰৰ ৪৮.৮০% অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে ৷ ২০২০ বৰ্ষত ৪৭.৮০% গোচৰৰ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল ৷
২০২১ বৰ্ষত ৩৪.৩০% গোচৰৰ অভিযোগ নামা দাখিল হৈছিল আদালতত ৷২০২২ বৰ্ষত ৩৩.৩০% গোচৰৰ অভিযোগনামা দাখিল ৷ ২০২৩ বর্ষত কিছু পৰিমানে বৃদ্ধি পাই অভিযোগনামা দাখিলৰ পৰিসংখ্যা ৷ সেই বর্ষটোত ৫২.৬২% গোচৰৰ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
২০২৪ বৰ্ষত ৬৬.৭১% গোচৰৰ অভিযোগনামা দাখিল ৷ আৰু চলিত বৰ্ষৰ মাৰ্চ মাহলৈ ৭৫.৫০% গোচৰৰ অভিযোগনামা আদালতত দাখিল কৰে আৰক্ষীয়ে ৷
একেদৰে বাল্য বিবাহৰ ক্ষেত্ৰত ৫৫.৭৬% গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ ইফালে দেশত প্ৰয়োগ হোৱা নতুন আইন ভাৰতীয় ন্যায় সংহিতাৰ দ্বাৰা বহু কেইটা গোচৰৰ নিষ্পত্তি কৰিবলৈ সক্ষম হয় ৷ ২০২৪ বৰ্ষৰ ১ জুলাইৰ পৰা ৩১ মাৰ্চ ২০২৫ বৰ্ষলৈ ১৯,৩৭৩ টা গোচৰ নিষ্পত্তি কৰাৰ লগতে ১৫,৫৮৫ টা গোচৰৰ অভিযোগনামা দাখিল কৰা হয় ৷
আনহাতে নতুন আইন ভাৰতীয় ন্যায় সংহিতা প্ৰয়োগ হোৱাত বহু চুৰিৰ গোচৰৰ সংখ্যা হ্ৰাস পাইছে ৷ ইয়াৰ বিপৰীতে ভয়ংকৰ হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ সংখ্যা ৷সমান্তৰালকৈ যৌন নিৰ্যাতন আৰু শিশু সৰবৰাহৰ গোচৰো বৃদ্ধি পাইছে ৰাজ্যত