ডিজিটেল ডেস্কঃ ৰাজ্যৰ অৰ্থনীতিৰ বাবে আশাৰ বতৰা। যোৱা পাঁচ বছৰত ৰাজ্যৰ জনমূৰি আয় দুগুণ বৃদ্ধি পাইছে। ২০২০-২১ বিত্তীয় বৰ্ষত অসমৰ জনমূৰি আয় আছিল ৮৬,৯৪৭ টকা। ইয়াৰ বিপৰীতে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যৰ জনমূৰি আয় ১,৫৪,২২২ কোটি টকালৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ অৰ্থনীতিৰ বাবে সু-খবৰ হিচাপে বিবেচিত এই বতৰা ৰাজহুৱা কৰি কয়- 'সমৃদ্ধিৰ বাটেৰে আগুৱাইছে অসমী আই।
অসমত আমাৰ চৰকাৰ গঠন হোৱাৰ পৰা মুঠ জনমূৰি আয় প্রায় দুগুণ হৈ ১,৫৪,২২২ টকা হৈছে। আমি জনসাধাৰণৰ বাবে সুযোগ সৃষ্টি কৰা আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধিৰ আঁচনিৰ সৈতে গ্রহণ কৰা একাধিক পদক্ষেপৰ বাবে এয়া আজি সম্ভৱ হৈছে।' উল্লেখযোগ্য যে ২০১৫-১৬ বিত্তীয় বর্ষত অসমৰ জনমূৰি আয় ৬০,৮১৭ টকা আছিল। ইয়াৰ পাছত সোণোৱাল চৰকাৰৰ পাঁচ বছৰৰ অন্তত ২০২০-২১ বিত্তীয় বৰ্ষত জনমূৰি আয় ৮৬,৯৪৭ টকালৈ বৃদ্ধি পায়।
আনহাতে ২০২১ চনত ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ পাছত ২০২১-২২ বিত্তীয বর্ষত ১,০৩,৩৭০ টকালৈ, ২০২২-২৩ বিত্তীয় বর্ষত ১,১৯,১৯২ টকালৈ, ২০২৩-২৪ বিত্তীয় বর্ষত ১,৩৯,৭৮৩ টকালৈ আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত জনমূৰি আয় ১,৫৪,২২২ কোটি টকালৈ বৃদ্ধি পায়। অৱশ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত জনমূৰি আয়ৰ ক্ষেত্ৰত অসম এতিয়াও বহু পিছপৰি আছে। বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, জনমূৰি আয়ৰ ক্ষেত্ৰত অসমৰ স্থান এতিয়াও দেশৰ ৰাজ্যসমূহৰ তালিকাত একেবাৰে শেষৰ ফালেহে আছে।