অসম সাহিত্য সভাৰ ১০৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, অসমৰ প্ৰতিজন খিলঞ্জীয়া লোক একত্রিত হোৱাৰ সময় সমাগতঃ ড° ধ্ৰুৱজ্যোতি বৰা

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক: বিশ্বৰ অন্যতম সাহিত্যৰ অনুষ্ঠান, অসম আৰু অসমীয়াৰ প্রাণ, 'অসম সাহিত্য সভা'ৰ গৌৰৱোজ্জ্বল ১০৯সংখ্যক প্রতিষ্ঠা দিৱসটো কালি 'কামৰূপ মহানগৰ জিলা সাহিত্য সভা'ৰ উদ্যোগত আৰু 'মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভা'ৰ সহযোগত দীঘলীপুখুৰীপাৰস্থিত সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত কৰে। 

পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বর্মনে। এই স্থানতে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মাই অংশ লৈ অসম সাহিত্য সভাক আগবঢ়াই নিয়াত শাখা সভাসমূহৰ দায়িত্বৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পাছতে জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বর্মনে সঞ্চালনা কৰা 'চিৰ চেনেহী মোৰ ভাষা জননী' শীর্ষক সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়। জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্তই আঁত ধৰা, উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত আদৰণী ভাষণ দিয়ে মধ্য গুৱাহাটী সাহিত্য সভাৰ সভাপতি প্রমোদ চন্দ্ৰ ঠাকুৰীয়াই। সভাত মুখ্য অতিথি হিচাপে সাহিত্য অকাদেমি বঁটাৰে সন্মানিত কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° ধ্রুৱজ্যোতি বৰাই কয়, 'অসমৰ প্ৰতিজন খিলিঞ্জীয়া লোক একত্ৰিত হোৱাৰ সময় সমাগত। ইতিবাচক আদান-প্রদান, দিয়া-নিয়া, উত্থান-পতন, বুজাবুজিৰে আমি অসম মুলুকৰ প্রতিটো জাতি-জনগোষ্ঠী, উপ-জাতি একগোট হৈ অসম মাতৃভূমিক আগুৱাই নিয়াত পণ ল'ব লাগিব। অসম সাহিত্য সভাৰ লগতে ইয়াৰ অন্তৰ্গত প্ৰতিখন জিলা সভা, শাখা সভাইও এই দায়িত্ব ল'ব লাগিব। সকলো কাম-কাজৰ আলাপ-আলোচনাৰ দ্বাৰাহে সম্ভৱ হৈ উঠে। অসমত প্রকৃত শান্তিৰ পৰিৱেশ আনিবলৈ অসম সাহিত্য সভাই সবল নেতৃত্ব লৈ অসমৰ চৌদিশে সিঁচৰতি হৈ থকা প্ৰতিটো সৰু-বৰ জাতি-জনগোষ্ঠীক এক মঞ্চত থিয় কৰি, এক মুঠি বান্ধি আগবাঢ়ি যাবৰ বাবে সিদ্ধান্ত ল'ব লাগিব। ইয়াত সকলোৰে যোগাত্মক সদিচ্ছা লাগিব। 

অসমৰ বৃহৎ পুৰণি সংগঠনটোৱে নতুন নতুন পৰিকল্পনা, উচ্চধাৰাৰ চিন্তা, উদ্যোগ, সু-পৰিকল্পনা, সার্থক প্রয়াস ল'লেহে নতুন প্রজন্ম আগবাঢ়ি আহিবই আহিব।' সভাত বিশিষ্ট অতিথি হিচাপে নিয়মীয়া বার্তা কাকতৰ সম্পাদক, বিশিষ্ট সাংবাদিক নৰেশ কলিতাই অংশ লৈ কয়, 'পৃথিৱীৰ বহু ভাষাৰ তুলনাত অসমীয়া ভাষা বহুগুণে চহকী। অসমীয়া ভাষাত তিনিজনকৈ জ্ঞানপীঠ বঁটা পাইছে। অসমীয়া ভাষা-সাহিত্যৰ প্রতি যথেষ্ট সজাগ, সতর্ক কৰি তুলিবলৈ হ'লে অসম সাহিত্য সভাৰ লগতে সদৌ অসম ছাত্র সন্থা আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যথেষ্ট কৰণীয়, দায়িত্ব আছে। অসমীয়া জাতিৰ প্রতি প্রত্যাহান আহিলে এই তিনি সংগঠনে তেওঁলোকে সবল আৰু শক্তিশালী নেতৃত্ব ল'ব লাগিব। আমি সকলোধৰণৰ বাতৰিকাকত, আলোচনী, কিতাপ আদি পঢ়ুৱৈৰ সংখ্যা বঢ়াবলৈ হ'লে সাহিত্য সভা, আছু, যুৱ-ছাত্ৰ পৰিষদৰ লগতে ইয়াৰ শাখাসমূহে দায়িত্ব ল'ব লাগিব। অসমীয়া ভাষাৰ উত্তৰণ, গতি-প্রকৃতি, ইয়াৰ প্ৰসাৰ হ'ব হ'লে আমি বৌদ্ধিক কচৰৎ কৰিব কৰিব লাগিব।' সভাত সন্মানীয় অতিথি হিচাপে সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শর্মা, জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বিষ্ণু ডেকা, হৰেশ্বৰ ডেকাই অংশ লয়। তুলিকা লহকৰ, প্রণিতা তালুকদাৰ, দীপ্তি বৰা, জয়ন্ত পাটগিৰিয়ে ভিন ভিন গীত পৰিৱেশন কৰা সভাত বিশিষ্ট লেখিকা ড° নমিতা ডেকা, ড° সুলেখা চক্রৱর্তী ভট্টাচার্য, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব চবিন ৰাজখোৱা, জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ভূপেন্দ্র চন্দ্র শর্মা, তাহেৰুদ্দিন আহমেদ, সহকাৰী সম্পাদক প্রদীপ বর্মন, প্ৰচাৰ আহ্বায়ক দীপক শর্মা, সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক পদুমী পাঠক, ৰত্না ৰংচেহনপী, বিতুমণি গোস্বামী, দিলীপ বৰুৱা প্ৰভৃতি ডেৰ শতাধিক জিলা সাহিত্য সভাৰ সদস্য, শাখা সাহিত্য সভাৰ কৰ্মী উপস্থিত থাকে।

Share This