ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে দিল্লীলৈ প্ৰেৰণ কৰিব। কালি এই কথা জানিবলৈ দি মন্ত্রী ডাঃ ৰাণোজ পেগুৱে কয় যে এই প্রতিবেদনৰ কোনো সংশোধনী নহয়। তাৰ পৰিৱৰ্তে প্রতিবেদনখনত থকা দুই-এটা ভুল শুদ্ধ কৰি আৰু কেন্দ্ৰীয় চৰকাৰে বিচৰা তিনিটা বিষয় স্পষ্ট কৰি প্ৰতিবেদনখন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ সাজু কৰি তোলা হৈছে।
ডাঃ ৰণোজ পেগুৱে কয় যে কেন্দ্ৰীয় চৰকাৰে তিনিটা বিষয় সম্পর্কত স্পষ্টতা বিচাৰিছিল। সেইকেইটা হ'ল ক্রমে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীক কেনেকৈ জনজাতিকৰণ কৰিব পৰা হ'ব, কোৱাণ্টাম অব্ ৰিজার্ভেশ্যন কেনেকুৱা হ'ব আৰু ৬ জনগোষ্ঠী অ' বি চিৰ তালিকাৰ পৰা ওলাই যোৱাৰ পাছত বাকী ৰৈ যোৱা অ' বি চিসকলৰ সংৰক্ষণ কিমান শতাংশ হ'ব। মন্ত্রীজনে কয় যে এই তিনিটা বিষয় স্পষ্ট কৰি প্ৰতিবেদনখন দিল্লীলৈ প্ৰেৰণ কৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে।
উল্লেখযোগ্য যে প্রতিবেদনখনত থকা মটক জনগোষ্ঠী সম্পর্কত থকা এক তথ্যগত ভুল শুধৰণিৰ বাবে আৱেদন জনোৱা হৈছিল আৰু এই ভুল শুদ্ধ কৰা বুলিও মন্ত্রীজনে জানিবলৈ দিয়ে।