ডিজিটেল ডেস্ক: বিৰোধী দলে ঐক্যবদ্ধভাৱে বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্রতাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংশয়ৰ উপশম ঘটিল। ৰাইজৰ দলে মিত্ৰতা চূড়ান্ত কৰাৰ বাবে কংগ্ৰেছক শনিবাৰে ৩১ ডিচেম্বৰ শেষ সময়সীমা বান্ধি দিছিল। এই নির্দিষ্ট দিনৰ আগত কংগ্ৰেছে স্থিতি স্পষ্ট নকৰিলে ৰাইজৰ দলে বিধানসভাৰ সকলো সমষ্টিতে প্রার্থী থিয় কৰোৱাৰ ভাবুকি দিছিল।
অৱশ্যে ৰাইজৰ দলে বান্ধি দিয়া সময়সীমাৰ এটা দিনৰ পাছতে দুয়োটা দলৰ নেতা দুই গগৈয়ে কাজিৰঙাৰ অৰ্কিড উদ্যানত ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ, মিত্রতা আদি বিষয়সমূহ লৈ দুঘণ্টা ধৰি আলোচনাত মিলিত হয়। এই আলোচনাৰ পাছত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজৰ দলে মিত্রতা বিচাৰিছিল, মিত্রতা বিচাৰি আছে আৰু ভৱিষ্যতেও মিত্ৰতা বিচাৰি থাকিব।
দুয়োটা দলৰ নেতাদ্বয়ে কৰা আলোচনাকালত আসনক লৈ চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও মিত্ৰতাৰ প্ৰসংগটোৱে যে এঢাপ আগুৱালে সেই কথা দুয়োজন নেতাৰ বক্তব্যত স্পষ্ট হৈ পৰে। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কয় যে তেওঁলোকে ২০খন আসন বিচাৰিছে। সাধাৰণ পৰিষদৰ বৈঠকত ২০খন আসন বিচৰাৰ সিদ্ধান্ত হৈছিল। তথাপি দলটোৱে ১৫খন আসনলৈ নামিব পাৰে। কিন্তু ইয়াতকৈ কম আসন এৰি দিলে দলৰ নেতাসকলে মানি নলয়।
সমষ্টিৰ তালিকা হাতত পৰাৰ পাছত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অখিল গগৈক কয় যে তেওঁলোকে যিকেইখন আসন বিচাৰিছে আটাইকেইখনে জয়ৰ নিশ্চিতি থকা। কংগ্ৰেছৰ দলটোৰো এই সন্দৰ্ভত দৃষ্টিভংগী আছে। আলোচনাৰ মাধ্যমেৰে সকলোবোৰ দিশ চালি-জাৰি চাই ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব বুলি গৌৰৱ গগৈয় অখিল গগৈক কয়।
ৰাইজৰ দলৰ নেতা গগৈয়ে কালি আলোচনা প্রসংগত কয় যে এয়া শুভ আৰম্ভণি। সৌহার্দ্যমূলক আলোচনা আজি হ'ল, এটা দিনতে আলোচনা শেষ নহয়। আগতে যি বুজাপৰাৰ অভাৱ আছিল সেয়া আজিৰ পৰা নাইকিয়া হ'ল। দুয়োজন গগৈয়ে যোগাত্মক মনোভাবেৰে আগবাঢ়িছে বুলি কয় অখিল গগৈয়ে।
আলোচনাৰ অন্তত সাংসদ তথা প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে তেওঁলোক দুয়োজনে বহল মন লৈ আলোচনা কৰিছে। এই আলোচনাত ব্যক্তিগত জীৱনৰ পৰা অর্কিড পার্ক, গোলাঘাটৰ উন্নয়ন, অসম ভৱিষ্যতক লৈ থকা চিন্তা-চৰ্চাৰ বিষয়ে বহুলভাৱে আলোচনা কৰা হয়। বিৰোধী মিত্ৰতা পলম হোৱাৰ প্ৰসংগত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ সভাপতিজনে কয় যে তেওঁলোক এইক্ষেত্রত বহু আগুৱাইছে। বিজেপিৰ মিত্ৰতাৰ ক্ষেত্ৰত কি অৱস্থাৰ সন্মুখীন হৈছে সেই কথা কালি দেখা গ'ল। তেওঁলোকৰ কার্যালয়ত কাজিয়া। প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক বাৰে বাৰে অপমান কৰি থকা হৈছে। বিজেপিৰ কাৰ্যালয়ত প্ৰচাৰ সভাত আনকি নিজৰ সংসদীয় সমষ্টিতো অপমান কৰা হৈছে। সোণোৱালৰ কার্যকালত কেলেংকাৰি হ'ল বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। এই অভিযোগৰ উত্তৰ সোণোৱালেও দিব পৰা নাই। বিৰোধী দলসমূহৰ মাজত বিভিন্ন বিষয়ত মতভেদ থাকিব পাৰে, কিন্তু বিজেপি মিত্ৰজোঁটৰ আসনকেন্দ্ৰিক সংঘাতৰ তুলনাত পৰিৱেশ বহু ভাল বুলি দাবী কৰে গগৈয়ে। তেওঁ আৰু কয় যে বিজেপি মিত্রজোঁটে কোনে ক'ত প্রতিদ্বন্দ্বিতা কৰিব সদৌ কথা যদি প্রকাশ কৰিলেহেঁতেন তেন্তে বিৰোধীৰ বহু দেৰি হৈছে বুলি ক'ব পাৰি। বিজেপিৰ স্থিতিয়েই ঠিক হোৱা নাই। তেওঁলোকৰ প্রক্ষেপিত মুখ্যমন্ত্রী কোন হ'ব সেয়াও খাটাং হোৱা নাই। যাৰ বাবে গৃহ মন্ত্ৰী অমিত শ্বাহৰ মুখেৰে মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰোৱা হৈছে বুলি প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়।