ডিজিটেল ডেস্কঃ মাতৃৰ অবৈধ প্ৰেমৰ পৰিণতিত অকালতে প্রাণ। হেৰুৱাবলগীয়া হোৱা মৃন্ময় বৰ্মনৰ মৃত্যুৰ চিৎকাৰ শুনিছিল পাষাণ মাতৃ দীপালীয়ে। মাতৃৰ নিৰ্দেশতে ঘাতক প্রেমিক জিতুমণিয়ে হত্যা কৰিছিল ১০ বছৰীয়া কণমানি মৃন্ময়ক। ঘাতক জিতুমণিৰ বলিষ্ঠ হাতৰ আক্ৰমণত শ্বাসৰুদ্ধ হোৱা কণমানিটিৰ ডিঙিৰ হাড় ভাগি গৈছিল। ঘাতক জিতুমণিয়ে নিজৰ ভেটাপাৰাস্থিত ঘৰতে হত্যা কৰিছিল কণমানি মৃন্ময়ক। আৰক্ষীৰ মাৰাথন জেৰাত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
উল্লেখযোগ্য যে দীপালী ৰাজবংশী আৰু জিতুমণি হালৈৰ অবৈধ প্ৰেমৰ পৰিণতিত অকালতে প্রাণ হেৰুৱাবলগীয়া হোৱা মৰম লগা মৃন্ময়ৰ চাঞ্চল্যকৰ হত্যাৰ এটা এটাকৈ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। দুয়ো অভিযুক্তক মুখামুখিকৈ আৰু পৃথকে পৃথকে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। জেবাত দুয়ো মৃন্ময়ক হত্যা কৰা কাৰ্যৰ যি তথ্য লাভ কৰিছে সেই তথ্যই তদন্তকাৰী আৰক্ষীকো হতবাক কৰিছে। ৫ দিনৰ জিম্মাত লৈ কৰা জেৰাত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি মাতৃ দীপালীৰ নির্দেশতে প্রেমিক জিতুমণিয়ে প্রাণ লৈছিল কণমানি মৃন্ময়ৰ।
আনহাতে, সেই কাণ্ডৰ সময়ত ম'বাইলৰ সিমূৰত থাকি মৃন্ময়ৰ মৃত্যু যন্ত্রণা উপভোগ কৰিছিল দীপালীয়ে। তদন্তকাৰী আৰক্ষীৰ সন্মুখত দীপালী আৰু জিতুমণিয়ে প্রথমে আৰক্ষীক বিভ্রান্ত কৰিবলৈ চালে-বেৰে কোবাই উত্তৰ দিছিল যদিও পাছত সকলো কথা স্বীকাৰ কৰিবলৈ বাধ্য হয়।
দুয়ো দিয়া শিহৰণকাৰী বৰ্ণনা অনুসৰি ঘটনাৰ দিনা সন্ধিয়া প্রায় ৬-৪৪ বজাত মৃন্ময়ক জিতুমণিয়ে নিজৰ হিৰ' হোণ্ডা মটৰচাইকেলত তুলি বেলতলাৰ গোহাঁইবাৰী হৈ ভেটাপাৰাৰ ভাৰত পেট্রলিয়ামৰ পাম্পত পেট্র'ল ভৰাই নিজৰ ঘৰলৈ লৈ গৈছিল। তাতে জিতুমণি হালৈয়ে কণমানি মৃন্ময়ক অতি নির্দয়ভাবে ডিঙি চেপি নৃশংসভাবে হত্যা কৰিছিল।
আনহাতে, এই বৰ্ষৰ কাণ্ডৰ প্ৰতিটোৰ মুহূৰ্তৰে খবৰ পাইছিল মাতৃ দীপালীয়ে। মৃন্ময়ক ডিঙি চেপি নির্দয়ভাবে হত্যা কৰা ক্ষণত দুয়ো ম'বাইল ফ'নত যোগাযোগত আছিল। ম'বাইলৰ সিমূৰত থাকি মৃন্ময়ৰ মৃত্যু যন্ত্রণা উপভোগ কৰিছিল দীপালীয়ে। মাতৃৰ নির্দেশতে প্রেমিক জিতুমণিয়ে প্রাণ লৈছিল কণমানি মৃন্ময়ৰ।
আনহাতে, জিতুমণিৰ বলিষ্ঠ হাতৰ চেপাত কণমানিটোব ডিঙিৰ হাড় ভাগি গৈছিল। আনকি মৃন্ময়ৰ মৃত্যু নিশ্চিত কৰিবলৈ হত্যাকাৰীয়ে কণমানিটিৰ উশাহ-নিশাহ আৰু বুকুৰ ঢপঢপনি পৰীক্ষা কৰিছিল।
আনহাতে, সন্ধিয়া প্রায় ৭-৩৫ বজাত অহা মুষলধাৰ বতাহ-বৰষুণ নেওচি জিতুমণিয়ে ট্রলী বেগত ভৰাই লোৱা কণমানিটিৰ মৃতদেহ নিজৰ মটৰচাইকেলেৰে লৈ পূর্বপৰিকল্পনা মতেই। ইন্দিৰা নগৰৰ অন্ধকাৰাচ্ছন্ন নির্জন ঠাইলৈ নি খাবৈত দলিয়াই দিছিল। নিশা প্রায় ৮-১৫ বজাত ট্র'লী আৰু স্কুলৰ বেগ পেলাইছিল। গাৰ নোম শিয়ৰি উঠা সেই কাণ্ড সংঘটিত কৰাৰ পাছতে জিতুমণিয়ে দীপালীক লৈ গৈছিল দিছপুৰ আৰক্ষী থানালৈ। কপি থকা হাতেৰে জিতুমণি হালৈয়ে মৃন্ময়ৰ নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ লিখিছিল। প্রণিধানযোগ্য যে প্রায় ১৩ বছৰ পূৰ্বে বিকাশ বৰ্মনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল দীপালী ৰাজবংশী। বিয়াৰ প্ৰায় তিনি বছৰ পাছত দীপালী আৰু বিকাশৰ জীৱনলৈ আহিছিল মৰম লগা মৃন্ময়। কিন্তু তাৰ পাছতে পূৰ্বৰ স্বামীক ত্যাগ কৰি পৃথকে নলবাৰীৰ বলোৱাৰ জিতুমণি হালৈৰ সৈতে সংসাৰ গঢ়াৰ সপোন দেখিছিল বাইহাটাৰ দীপালী ৰাজবংশীয়ে। ফলত বিকাশৰ সৈতে আনুষ্ঠানিক বিবাহ বিচ্ছেদো কৰে। কিন্তু জিতুমণিৰ পৰিয়ালে মৃন্ময়ৰ বাবে দীপালীৰ সৈতে বিবাহত হেঙাৰ হৈ পৰাত দুয়ো কণমানিটিক চিৰদিনলৈ আঁতৰ কৰি দিয়াৰ পৰিকল্পনা কৰে।
ইফালে, আজি মৃণ্ময় বর্মনে পঢ়া বিদ্যালয়ত অনুষ্ঠিত হোৱা শোকসভাত মেধাবী ছাত্র মৃন্ময়ক সুঁৱৰি প্ৰতিগৰাকী শিক্ষার্থী, শিক্ষক, অভিভাৱক উচুপি উঠে।