ডিজিটেল ডেস্কঃ নাৰী মমতাময়ী ,নাৰী স্নেহশীলা , এক কোমল হৃদয় দি ঈশ্বৰে সৃষ্টি কৰিছে নাৰীক । পিছে এশ শতাংশ নাৰীৰ ক্ষেত্ৰত শুদ্ধ নহয় এই কথা । নিষ্ঠুৰ আৰু হৃদয়হীন নাৰীও দেখা যায় আজিৰ সমাজত । কিমান কঠোৰ, কিমান নিষ্ঠুৰ হ’লে বাৰু মানুহে মৃত্যু যন্ত্ৰণাত ছটফটাই থকা কোনো লোকক সহায়ৰ বাবে আগবাঢ়ি নোযোৱাকৈ থাকিব পাৰে ?
এখন বাইকৰ তলত চেপা খাই পৰি আছে এজন যুৱক। উদ্ধাৰৰ বাবে হয়তো চিঞৰিছে কাৰোবাৰ সহায় বিচাৰি । দোপাল পিটা বৰষুণ , যুৱকজনৰ মৃত্যুৰ কাতৰ চিঞৰ । তাৰ মাজতে চকা-চমকাকৈ দেখা গ’ল দুগৰাকী নাৰীয়ে টৰ্চ লাইটৰ পোহৰ পেলাই মটৰ চাইকেলৰ সৈতে মৃত্যুমুখী যুৱকজনক চাই থকাৰ দৃশ্য । যুৱকজনৰ মৃত্যু কাতৰ চিঞৰ , সহায়ৰ আহ্বান নেওচি কিছু সময়ৰ পাছত অন্তৰ্ধান হয় সেই দুই নাৰী । তাৰ পাছতেই হয়তো সকলো শেষ হৈ গৈছিল । আন্ধাৰত তোলা এটি ভিডিঅ’ ক্লিপত ছয়াময়াকৈ দেখা পোৱা সেই ৰহস্যময়ী মহিলা দুগৰাকী কোন আছিল ? যুৱকজনক বচোৱাৰ কোনো চেষ্টা নকৰি কিয় মনে মনে আঁতৰি গৈছিল মহিলা দুগৰাকী ? এজন সবল সুঠাম ডেকাৰ মৃত্যুযন্ত্ৰণা কেনেদৰে উপভোগ কৰিব পাৰে নাৰীয়ে ?এই লৈ কলিয়াবৰত চলিছে এক চৰ্চা ।
যোৱা বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ বাঘৰচুক গাঁৱত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ । বালিটিকা গাঁৱৰ মিণ্টু বৰা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল বাঘৰচুক গাঁৱৰ দীপালি বৰা নামৰ মহিলাগৰাকীৰ ঘৰৰ চৌহদত । এখন বাইকে হেঁচা মাৰি ধৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ । প্ৰাথমিক পৰ্যায়ত আৰক্ষীয়ে এয়া এক দুৰ্ঘটনা বুলি মন্তব্য কৰিছে যদিও ৰাইজে ইয়াক মানি ল’ব বিচৰা নাই ।
আনহাতে উল্লেখিত ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছত ৰাইজে ইয়াক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। এই ঘটনাৰ সু-বিচাৰৰ দাবী কৰি স্থানীয় ৰাইজে দীপালি বৰাৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদো সাব্যস্ত কৰে । শেহতীয়াভাৱে দীপালি বৰাৰ পৰিয়ালে হত্যাকাণ্ড সংঘটিত কৰি দুর্ঘটনাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰি মিণ্টু বৰাৰ পৰিয়ালে শিলঘাট আৰক্ষীৰ হাতত এখন এজাহাৰ দাখিল কৰিছে । সেই ভিডিঅ’ ক্লিপ , মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, আন আন তথ্য পৰীক্ষা কৰি আৰক্ষীয়ে কৰা তদন্তৰ পাছতহে পোহৰলৈ আহিব মিণ্টু বৰাৰ মৃত্যুৰ প্ৰকৃত সত্যটো ।
মিণ্টু বৰাৰ মৃত্যু দুৰ্ঘটনা নে হত্যাকাণ্ড এই প্ৰশ্নৰ উত্তৰতকৈ ভিডিঅ’ ক্লিপত দেখা ৰহস্যময়ী মহিলা দুগৰাকী কোন আছিল , যুৱকজনক বচাবলৈ নিজে অথবা আনৰ সহায় কিয় বিচৰা নাছিল । যুৱকজনৰ মৃত্যুকাতৰ যন্ত্ৰণা উপভোগ কৰি দীপালি বৰাৰ ঘৰৰ দিশে গুচি যোৱা মহিলা দুগৰাকী কোন আছিল , আৰক্ষীৰ তদন্তত পোহৰলৈ আহিবনে এইবোৰ কথা ? মিণ্টু বৰাৰ মৃত্যুত পৰোক্ষভাৱে হ’লেও এই ৰহস্যময়ী নাৰী দুগৰাকীৰ হাত আছিল নেকি ? আৰক্ষীৰ তদন্তৰ আওতালৈ এই বিষয়বোৰ অহাটো বিচাৰিছে মিণ্টু বৰাৰ পৰিয়াল তথা স্থানীয় ৰাইজে।