ডিজিটেল ডেস্ক: সমাগত হেঁপাহৰ ভোগালী। ভোগালীৰ বাবে এতিয়া ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ, ব্যস্ততা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ টিহুৰ সন্ধেলি মাক্ৰাপাৰত ভোগালী বিহুৰ বাবে চলিছে ব্যাপক প্রস্তুতি।
সন্ধেলি মাক্ৰাপাৰ গাঁওখনৰ ডেকা যুৱকসকলে দিনে-ৰাতিয়ে কষ্ট কৰি কেইবাটাও মেজি সজাৰ উপৰি সাজি উলিয়াছে কাৰেংঘৰৰ আৰ্হিৰ এটা আকর্ষণীয় ভেলাঘৰ। কেৱল কাৰেংঘৰ আৰ্হিৰ ভেলাঘৰে নহয়, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীটাৰো সাজু কৰি তুলিছে, ভোগৰ উৎসৱ ভোগালী বিহুটোত গাঁওখনৰ সকলোৱে একেলগে সিদিনাৰ দিনটোত এসাঁজ লগে-ভাগে
খোৱাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে বুলি মত ব্যক্ত কৰিছে স্থানীয় যুৱকসকলে। সমান্তৰালকৈ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়।
ইপিনে ভোগালী উৎসৱৰ বাবে গাঁওখনৰ সৰু-ডাঙৰ সকলো ল'ৰা-ছোৱালী বিহু নাচ নাচি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে। গাঁওখনৰ মহিলাসকলো বিহুৰ বাবে এতিয়া পিঠা-পনা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু বিহুৰ উৰুকাৰ দিনা সকলোৱে ওলাই আহি এই কাৰেংঘৰৰ বাকৰিত বিহু নাচি একেলগ হৈ সকলোৱে এসাঁজ খাব বুলি জানিবলৈ দিয়ে। আৰু ইয়াৰ দ্বাৰাই সমাজত ভাতৃত্ববোধৰ ভাব গঢ়ি উঠিব বুলিও উল্লেখ কৰে।