ক্রমাৎ গাঢ় সেউজীয়া হৈ পৰিছে ভোগদৈৰ পানী

dainik janambhumi May 07, 2025

ডিজিটেল ডেস্কঃ অসমীয়া সভ্যতা-সংস্কৃতিৰ অন্যতম স্বাক্ষৰ বহনকাৰী যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নদীৰ মৃতপ্রায় অৱস্থাই যোৰহাটবাসীক চিন্তিত কৰি তুলিছে। আহোম যুগতে মানৱসৃষ্ট নদীখন বর্তমান মানুহেই প্ৰদূষিত কৰি তোলাটোৱে জীৱকুলৰ প্ৰতিও সন্দিহান কৰি তুলিছে। এফালে বালি মাফিয়াই ভোগদৈৰ বুকু বিদাৰি নদীখনৰ জীৱন্ত ৰূপটোত কুঠাৰাঘাত কৰিছে, আনফালে আকৌ একাংশ লোকে নদীখনক ডাষ্টবিনলৈ ৰূপান্তৰিত কৰি প্ৰদূষিত কৰি তুলিছে। নদীখনে যোৰহাট নগৰৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিলেও একাংশ লোকৰ দায়িত্বহীন কর্মকাণ্ডৰ বাবে মৃত্যুৰ ক্ষণ গণিছে।

লক্ষণীয় যে যোৱা চাৰি দিন ধৰি ভোগদৈ নদীৰ বিভিন্ন প্ৰকাৰৰ মাছৰ মৃত্যু হোৱাটোৱে সচেতন ৰাইজক ভবাই তুলিছে। নদীখনত বৰালি, পুঠি, গৰৈ, শিঙৰা, কমনকাৰ্প, মাগুৰ আদি বিভিন্ন প্ৰকাৰৰ মাছ ওপঙি উঠিছে। আনহাতে, কিছুমান মাছ আধা মৰা হৈ পৰিছে। নদী-কাষৰীয়া লোকসকলে যোৱা চাৰি দিন ধৰি নদীখনত তৰপে তৰপে মাছ মৰি থকা দেখিবলৈ পাইছে বুলি জানিবলৈ দিয়ে। ইফালে বর্তমান সময়ত মাছৰ কণী থকাৰ সময়তে মৰি যোৱাত মৎস্যকুলৰ ৰক্ষাৰ প্ৰতিও সমস্যাৰ সন্মুখীন হৈছে। যিসমূহ মাছ নদীখনত ওপঙি উঠিছে, সকলো কণীযুক্ত। ইফালে নদীখনৰ পানীখিনিও গাঢ় সেউজীয়া হৈ পৰিছে। ডাঠ আঠাযুক্ত হৈ পৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। সচেতন লোকে নদীখনত কিছু বছৰৰ পৰা হোৱা প্ৰদূষণৰ বাবে পানী প্ৰদূষিত হৈ মাছ মৰিছে বুলি ক'ব বিচাৰিছে যদিও একাংশই নদীখনত কোনো উদ্যোগ আদিৰ অৱশিষ্ট পেলোৱাত পানীত বিষক্রিয়া হৈ মাছ মৰিছে বুলি ক'ব বিচাৰিছে।

অৱশ্যে যোৰহাট জিলা প্রশাসনে কি কাৰণে ভোগদৈ নদীৰ মাছসমূহ মৰিছে, সেয়া বিভাগীয় অনুসন্ধান কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিলে প্রকৃত সত্য ওলাই পৰিব। কেইমাহমানৰ পূৰ্বে যোৰহাট জিলা প্ৰশাসনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে ভোগদৈ নদীৰ পূজাডুবিৰ পৰা এ টি ৰ'ডৰ ভোগদৈ দলঙলৈকে পৰিষ্কাৰ কৰে নদীখন। ইয়াৰ পাছৰ অংশটোত বাইপাছৰ ভোগদৈ দলঙলৈকে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱকসকলে পৰিষ্কাৰ কৰা ব্যৱস্থা কৰিছে। যোৰহাট জিলা প্রশাসনে ভোগদৈ নদী পৰিষ্কাৰ কৰি নদীখনক পুনৰুদ্ধাৰৰ বাবে প্রচেষ্টা গ্রহণ কৰি থকাৰ সময়তে প্ৰদূষণৰ বাবে মৎস্যকুল নিধন হোৱা ঘটনাই সচেতন ৰাইজক ভবাই তুলিছে। যোৰহাট জিলা প্রশাসনে সংশ্লিষ্ট বিভাগৰ জৰিয়তে ভোগদৈৰ পানী পৰীক্ষণ কৰি কি কাৰণে মাছ মৰিছে, ইয়াৰ উত্তৰ উলিয়াই যাৱতীয় সময়োপযোগী ব্যৱস্থা গ্রহণ কৰা প্ৰয়োজন। নহ'লে ভোগদৈ নদীৰ দাঁতি-কাষৰীয়া জীৱকুলৰ প্ৰতিও অস্তিত্ব বিপন্ন হৈ পৰিব। সময় থাকোঁতেই যোৰহাট জিলা আয়ুক্তই ভোগদৈ নদীৰ পানী প্ৰদূষণৰ বিষয়টো গুৰুত্বসহকাৰে লৈ সময়োচিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে।

Share This