ডিজিটেল ডেস্কঃ বৃদ্ধি হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা৷ নিৰুদ্দেশ বকোৰ মৈৰাচৰা গাঁৱৰ এগৰাকী কন্যা সন্তানৰ মাতৃ। নৃত্যশিল্পী হিচাপে পৰিচিত আছিল বোৱাৰীগৰাকী। স্বামীক গাখীৰ ল'ব পঠিয়াই ঘৰৰ পৰা নোহোৱা হ'ল সুন্দৰী পত্নী।
স্বামীক ফ'নতে ক'লে- মই আহিলোঁ, মানে একেবাৰে আহিলোঁ, চিন্তা নকৰিবা তুমি। সুন্দৰী পত্নীৰ এই মাত শুনাৰ লগে লগেই হতভম্ব হৈ পৰিল স্বামী। এই ঘটনা হৈছে বকোৰ মৈৰাচৰা গাঁৱত।
ইফালে স্বামী নথকাত গোপনে ফ'নত লগাইয় পত্নীয়ে পৰকীয়া প্ৰেমিকলৈ। ঘৰৰ পৰা স্বামী ওলাই গ'লে সুন্দৰী বোৱাৰীয়ে হেনো কথা পাতে কাৰোবাৰ লগত। এতিয়া সুন্দৰী পত্নী শ্ৰদ্ধাঞ্জলিক বিচাৰি হাহাকাৰ কৰিছে পৱিত্ৰই। এতিয়া শুনক স্বামীৰ মুখেৰে
১২ বছৰীয়া কণমানি জীয়ৰীক এৰি ক'লৈ গ'ল শ্ৰদ্ধাঞ্জলি। পত্নী ক'লৈ গ'ল তাৰো পোৱা নাই সন্ধান। সেয়ে, এতিয়া পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত স্বামীয়ে মন্দিৰা আৰক্ষী চকীত দাখিল কৰিছে নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ। এগৰাকী সন্তানৰ মাতৃ শ্ৰদ্ধাঞ্জলি সন্ধানহীন হৈ থকাত বিৰাজ কৰিছে চাঞ্চল্যই। পৰকীয়া প্ৰেমৰ বাবে পলাই যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।