ডিজিটেল ডেস্কঃ বৰপেটা জিলাত ভুৱা দন্ত চিকিৎসকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে জিলা স্বাস্থ্য বিভাগে। শেহতীয়াকৈ বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই জিলাখনত বৃহৎ সংখ্যক ভুৱা দন্ত চিকিৎসকে দাঁতৰ চিকিৎসা কৰি থকাৰ অভিযোগ উত্থাপন কৰি ২৭ জন চিকিৎসকৰ এখন তালিকা স্বাস্থ্য বিভাগৰ লগতে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্ৰদান কৰিছিল।
সন্থাটোৰ স্মাৰক-পত্ৰ লাভ কৰাৰ পাছতে স্বাস্থ্য বিভাগে অতি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। জিলা স্বাস্থ্য বিভাগৰ দলটোৱে আৰক্ষীৰ সহযোগত সনকুছি কলনি, জতিগাঁও, হাউলী, টি এন ডি, তিতাপানী আৰু গৰৈমাৰী আদি অঞ্চলত অভিযান চলায়।
এই অভিযানত কেইবাখনো ক্লিনিক বন্ধ অৱস্থাত পোৱা যায়। আন অঞ্চলসমূহত চলোৱা অভিযানত বহুতো অনিয়ম ধৰা পৰে। আনহাতে টি এন ডি অঞ্চলত এখন ক্লিনিক চাহৰ দোকান হিচাপে চলি থকা অৱস্থাত পোৱা যায়।
বৰপেটাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অজিত শৰ্মাই জানিবলৈ দিয়ে যে ৰাইজৰ অধিকাৰ আছে ভুৱা আৰু সঁচা চিকিৎসক চিনাক্ত কৰাৰ।
তেওঁ লগতে ৰাইজক সচেতন হোৱাৰ আহ্বান জনাইছে। ডাঃ শৰ্মাই স্পষ্টকৈ কয়, কেৱল দন্ত চিকিৎসাৰ ক্ষেত্রেই নহয়, সকলো চিকিৎসাৰ ক্ষেত্ৰতে সচেতনতা অত্যন্ত জৰুৰী।
উল্লেখযোগ্য যে এই অভিযানৰ জৰিয়তে বৰপেটা জিলাৰ স্বাস্থ্য সেৱাত ভুৱা চিকিৎসকৰ প্ৰৱেশ ৰোধৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্বাস্থ্য বিভাগে জানিবলৈ দিছে যে আগন্তুক দিনত এই ধৰণৰ অভিযান অব্যাহত থাকিব।