বড়োলেণ্ড স্বায়ত্ত পৰিষদৰ এলেকাৰ ৫ জিলাত হ'ব সাহিত্য সভা ভৱন, হাগ্রামা মহিলাৰীৰ সৈতে সাহিত্য সভাৰ প্ৰতিনিধিৰ আলোচনা

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্ক: অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী আৰু প্রধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত যোৱা অসম সাহিত্য সভাৰ প্ৰতিনিধি দল এটাৰ সৈতে কালি সন্ধিয়া হাউলীৰ বড়োলেণ্ড গেষ্ট হাউছত বি টি চিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে এক অন্তৰংগ আলোচনা অনুষ্ঠিত হয়। 

উক্ত আলোচনাত অসম সাহিত্য সভাৰ তৰফৰ পৰা হাগ্ৰামা মহিলাৰীক বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে নির্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অসম সাহিত্য সভাই বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন অঞ্চলৰ বড়ো জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীসমূহৰ মাজত সমন্বয় সংসাধনৰ বাবে গ্রহণ কৰা কেইটামান সুদূৰ প্ৰসাৰী বিষয় আলোচনা কৰে। এই আলোচনাত অসম সাহিত্য সভাই যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদত নির্মাণ হ'বলগীয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে প্ৰস্তাৱিত কৃষ্ণকান্ত সন্দিকৈ ভৱনৰ প্ৰকল্পৰ কামত বি টি চি প্রশাসনৰ সহযোগিতা কামনা কৰে। ইফালে অসম সাহিত্য সভাৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ- এই পাঁচখন জিলাত চন্দ্রকান্ত সন্দিকৈ ভৱনৰ আৰ্হিত একোটাকৈ ভৱন নিৰ্মাণৰ বাবে প্রস্তাৱ আগবঢ়ায়। 
ইয়াৰ উপৰি বড়ো আৰু অন্যান্য জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ কাৰণে অসম সাহিত্য সভাৰ মংগলচণ্ডী ব্রহ্ম গৱেষণা কেন্দ্ৰৰ উত্তৰণৰ কাৰণে বি টি চি প্রধান হাগ্রামা মহিলাৰীক আহ্বান জনায়। 

আনহাতে অসম সাহিত্য সভাই সমগ্র বি টি চি এলেকাজুৰি জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ এটি অনুষ্ঠান সমন্বয়ভাৱে আয়োজন কৰিবৰ বাবে প্রস্তাৱ আগবঢ়ায়। এই সকলোকেইটা প্ৰস্তাৱ অসম সাহিত্য সভাক আজি বি টি চি প্রধান হাগ্রামা মহিলাৰীয়ে বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰাৰ আশ্বাস প্রদান কৰে। ভাষণত হাগ্রামা মহিলাৰীয়ে কয় যে, অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্য পদ গ্রহণ কৰি অসম সাহিত্য সভাৰ সেৱাত ব্ৰতী হৈ আছোঁ। গতিকে অসম সাহিত্য সভাই দিয়া প্ৰস্তাৱত মই খুবেই সুখী হৈছোঁ আৰু আশা কৰিম আগন্তুক দিনসমূহত আমি এইকেইটা কাম সুদূৰ প্ৰসাৰীভাৱে সম্পন্ন কৰিম বুলি প্রতিশ্রুতিবদ্ধ হ'লোঁ।

আলোচনাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে বড়ো আৰু অবড়োৰ মাজত সমন্বয় সংসাধনৰ বাবে দায়িত্ব দিবলৈ অনুৰোধ জনাই সহযোগিতা পালে আৰু প্ৰস্তাৱত সন্মতি জনালে অসম সাহিত্য সভাই বড়োলেণ্ডত শান্তি আৰু সমন্বয়ৰ বাৰ্তা বিলাবলৈ চেষ্টা কৰিব বুলি কয়। ইফালে আলোচনাৰ ভাষণ প্ৰসংগত প্রধান সম্পাদক দেৱজিৎ বৰাই সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় সাধনৰ বাবে অসম সাহিত্য সভাই গ্রহণ কৰা পদক্ষেপ অনুসৰি আমি বড়োলেণ্ডলৈ আহিছোঁ বুলি উল্লেখ কৰি বড়োলেণ্ডৰ ভূমিত আমি সকলো জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰাখিব বিচাৰোঁ বুলি মন্তব্য কৰে। এই আলোচনাত অসম সাহিত্য সভাৰ হৈ সভাপতি, প্রধান সম্পাদকৰ উপৰি স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতা, পৰিৱেশ্য কলা উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন আৰু মংগলচণ্ডী গৱেষণা কেন্দ্ৰৰ আহ্বায়ক অখিল কলিতা, ৰাজ্যভাষা মাতৃভাষা প্রয়োগ উপ-সমিতিৰ উপসভাপতি মনালিচা শর্মাই অংশগ্রহণ কৰে। অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থকা এই অনুষ্ঠানত বড়োলেণ্ড স্বায়ত্ত পৰিষদৰ হৈ কাৰ্যবাহী সদস্য দেৰহাচাৎ বসুমতাৰী, বেগম আখতাৰা আহমেদ আৰু দিগন্ত গয়াৰী আদিয়ে অংশগ্ৰহণ কৰে।

Share This