কোকৰাঝাৰ পৌৰসভাৰ বিৰুদ্ধে পাঁচখন গাঁৱৰ ৰাইজৰ তীব্র ক্ষোভ 

Kakali Deka May 15, 2025

ডিজিটেল ডেস্ক : কোকৰাঝাৰ পৌৰসভাৰ কাণ্ডজ্ঞানহীনৰ বাবে যমৰ যাতনাত ভুগিছে কোকৰাঝাৰৰ চেঁচাপানী, কমলাছৰা চেঁচাপানী, কলনিপাৰা আৰু দক্ষিণ  বাগিচা গাঁৱৰ ৰাইজে। 

অঞ্চলটোৰ গাঁৱৰ জনসাধাৰণৰ একমাত্র  পথটোৰ ৰাস্তাৰ কাষে কাষে কোকৰাঝাৰ চহৰৰ গেলাপচা বিভিন্ন দুৰ্গন্ধ জাৱৰ-জোঁথৰ ৰাস্তাৰ ওপৰত পেলাই দিয়াত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈ আহিছে। 

যাৰ ফলত অঞ্চলটোৰ বিদ্যালয়, মহাবিদ্যালয় যোৱা শিক্ষার্থী সাধাৰণ ৰাইজে ৰাস্তাৰে যাব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে। 

ৰাস্তাৰ লগতে ওচৰতে থকা মন্দিৰ শ্মশানৰ ভিতৰতো জাৱৰ-জোঁথৰসমূহ পেলাই পৰিৱেশ লেতেৰা কৰাত ক্ষোভ প্রকাশ শ্মশান সমিতিৰ। 

বাধ্যত পৰি অঞ্চলটোৰ ৰাইজে গেলাপচা জাৱৰ-জোঁথৰ লৈ যোৱা ট্রেক্টৰসমূহ আৱদ্ধ কৰি ৰাখি পথছোৱা পৰিষ্কাৰ কৰি দিয়াৰ লগতে জৰাজীৰ্ণ ৰাস্তা মেৰামতি কৰি দিয়াৰ দাবী ৰাইজৰ।

Share This